Home স্থানীয় সদৌ অসম নাগৰিক মঞ্চৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন : আৰ্থিকভাৱে দুৰ্বল...

সদৌ অসম নাগৰিক মঞ্চৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন : আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

18
0

গাৱেঁ গাৱেঁ শিৱিৰ পাতি ক’ভিড প্ৰতিষেধক ছিটা প্ৰদানৰ দাবী

গণ বাৰ্তাঃ চিৰাজুলিঃ ১১ জুন : শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ নামবগৰীবাৰী নেহৰু জনজাতি যুৱক সংঘৰ চৌহদত আজি(১১ জুনত) সীমিত কাৰ্যসুচীৰে সদৌ অসম নাগৰিক মঞ্চৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ উদ্যোগত আৰু নেহৰু জনজাতি যুৱক সংঘৰ বিশেষ সহযোগত অনুষ্ঠিত নাগৰিক মঞ্চৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন, গছপুলি ৰোপণ, আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত পুৱা ১০ বজাত সদৌ অসম নাগৰিক মঞ্চৰ সভাপতি গোপাল মিশ্ৰই নাগৰিক মঞ্চৰ পতাকা উত্তোলন কৰে ৷ পুৱা ১০-৩০ বজাত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পিৰাকাটা গাওঁ পঞ্চায়তৰ সভানেত্ৰী কমলেশ্বৰী ৰাভাই । গছপুলি ৰোপণ কাৰ্যসূচীত
ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সভাপতি খগেন্দ্ৰনাথ শৰ্মা, কাৰ্যকৰী সভাপতি সুৰেন্দ্ৰ খনাল, শোণিতপুৰ জিলা ৰাভা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰ্গৰাম ৰাভা, অৱসৰপ্ৰাপ্ত বন বিষয়া প্ৰফুল্ল দাস, শিক্ষক বোধন ৰাভা, নাগৰিক মঞ্চৰ সম্পাদক নাৰায়ণ ফয়েল, যুটীয়া সম্পাদক গোকুল বছনেটৰ লগতে নাগৰিক মঞ্চৰ সদস্য সকলে গছপুলি ৰোপণ কৰে ৷ এই প্ৰতিষ্ঠা দিৱস উপলক্ষে ইয়াত এখন সভা অনুষ্ঠিত কৰা হয় ৷ সদৌ অসম নাগৰিক মঞ্চৰ সভাপতি গোপাল মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সভাপতি খগেন্দ্ৰনাথ শৰ্মা, কাৰ্যকৰী সভাপতি সুৰেন্দ্ৰ খনালে বক্তব্য ৰাখে ৷ ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰ-প্ৰশাসনে বান্ধি দিয়া নিয়মবোৰ মানি চলিবলৈ নাগৰিক মঞ্চৰ বিষয়ববীয়া সকলে ৰাইজক আহ্বান জনোৱাৰ লগতে ক’ভিড ভেকচিন ল’বলৈ ৰাইজক আহ্বান জনায়। উল্লেখ্য যে, নাগৰিক মঞ্চৰ সম্পাদক নাৰায়ণ ফয়েলে আতঁধৰা সভাখনত জ্ঞান বিজ্ঞান সমিতি অসমৰ প্ৰাক্তন সচিব মোহন কুমাৰ ছেত্ৰী, সমাজকৰ্মী আভিৰাম কেৰকেট্টা, ভৱেন ৰাভা, বুবুল ৰাভা, শিক্ষক বোধন ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সদস্য বিক্ৰম ৰাভা, নেহৰু জনজাতি যুৱক সংঘৰ সভাপতি পুতুল ৰাভা,নাগৰিক মঞ্চৰ সাংগঠনিক সম্পাদক ৰিপেণ ৰাভা, অমিয় ৰাভা আদি উপস্থিত থাকে।ইপিনে ক’ভিড প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে আৰম্ভ কৰা প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত গাৱেঁ গাৱেঁ শিৱিৰ পাতি ক’ভিড প্ৰতিষেধক ছিটা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ এই সভাই দাবী জনায় ৷ স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঞি, ড: লক্ষীনন্দন বৰা, মহকুমা নাগৰিক মঞ্চৰ উপদেষ্টা কিৰণ চন্দ্ৰ বৰাৰ বিয়োগত এই সভাই গভীৰ শোক প্ৰকাশ কৰে ৷ ইপিনে এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নামবগৰীবাৰী অঞ্চলৰ আৰ্থিকভাৱে দুৰ্বল বিশটা পৰিয়ালক নাগৰিক মঞ্চৰ তৰফৰ পৰা চাউল, দাইল, মিঠাতেল, আলু আদি খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ৷ অসম সংগীত পৰিৱেশনেৰে সভাৰ কাৰ্যসূচীৰ অন্ত পৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here