Home স্থানীয় হোম কোৱাৰেণ্টাইনত থকা ইটাখুলি চাহ বাগিচাৰ শ্ৰমিকক আটছাৰ খাদ্য সামগ্ৰী বিতৰণ

হোম কোৱাৰেণ্টাইনত থকা ইটাখুলি চাহ বাগিচাৰ শ্ৰমিকক আটছাৰ খাদ্য সামগ্ৰী বিতৰণ

93
0

গণ বাৰ্তা, ডুমডুমা, ১৯ মে:  চাহ বাগিচাৰ অঞ্চলত বহু শ্ৰমিক হোম কুৱাৰেনতাইন হৈ আছে। কুৱাৰেনতাইন হৈ থকা শ্ৰমিক খাদ্যৰ অভাৱত পৰিছে, বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। কভিড পজিটিভ চাহ শ্ৰমিকসকলক লৈ অসম চাহ জনজাতি ছাত্ৰ সন্থা উদ্বিগ্ন হৈ পৰিছে । উল্লেখযোগ্য যে, অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ ‘আটছা’ৰ দক্ষিণ তিনিচুকীয়া উপ শাখা সমিতিৰ অন্তৰ্গত ইটাখুলি চাহ বাগিচাত সজাগতা আৰম্ভ কৰি দিছে । তিনিচুকীয়া জিলাৰ ইটাখুলি চাহ বাগিচাত ৪৪ টা পৰিয়াল কভিড পজিটিভ হৈছে । আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক কণক কুৰ্মী , সহকাৰী সম্পাদক  মৰম তাঁতি ,শিক্ষা সম্পাদক কাৰ্তিক তাতিঁ ,মাকুম শাখা সমিতিৰ সভাপতি দয়াৰাম ভক্তা ,তিনিচুকীয়া শাখা সমিতিৰ সম্পাদক শিবু প্ৰজা, সহকাৰী সম্পাদক  অজয় মাঝিৰ নেতৃত্বত আজি আটছাৰ এটা প্ৰতিনিধি দলে ইটাখুলি চাহ বাগিচাৰ কভিডত আক্ৰান্ত এই লোকসকলৰ পৰিস্থিতিৰ বুজ লয় আৰু হোম কুৱাৰেনতাইনত থকা শ্ৰমিক সকলক চাউল , মিঠাতেল, আলু, দাইল,বিস্কুট আদি বিতৰণ কৰে । চাহ বাগিচাৰ শ্ৰমিকৰ ক্ষেত্ৰত শীঘ্ৰে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈকো আটছাই দাবী জনাইছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here