Home স্থানীয় লামডিঙৰ উচ্ছেদিত লোকসকলক বিনামূলীয়া খাদ্য সামগ্ৰী আৰু ঔষধ বিতৰন আমছুৰ

লামডিঙৰ উচ্ছেদিত লোকসকলক বিনামূলীয়া খাদ্য সামগ্ৰী আৰু ঔষধ বিতৰন আমছুৰ

383
0


ডবকা,২১ নৱেম্বৰ: আজি সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ হোজাই  জিলা সমিতিৰ উদ্যোগত ৰাইজৰ সহযোগত লামডিঙ সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত লোক  সকললৈ সাহাৰ্য্য বিতৰণ লগতে চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। আমছু হোজাই জিলা সমিতিৰ এক সজাতি  দলে লামডিঙ সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত সকললৈ বৃহত পৰিমাণৰ খাদ্য সামগ্ৰী বিতৰন কৰে  গাৰ, চাকমা সহ ধৰ্মীয় সংখ্যালঘুৰ সকলৰ মাজত । বিতৰণ কৰা সামগ্ৰীত: ১৫ টন  চাউল, ৪ কুইন্টল ডালি, ২ কুইন্টল চেনি,৫ কুইন্টল চিৰা,৮০০ বিষ্কুট,৮০০ চাবোন, ৪ টন আলু, ১পিয়াজ, ১টন নিমখ আৰু ৫ টা চিন্টেক্স টেংক আছিল বুলি আমছুৰ প্ৰতিনিধি সকলে জানিবলৈ দিয়ে। আমছুৰ  উদ্যোগত লামডিঙ সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত সকলৰ মাজত চিকিৎসাৰ বাবে এক চিকিৎসা শিবিৰো অনুষ্ঠিত কৰে। ড৹ হুছেইন আহমেদ আৰু ড৹ ফৰিদ খানৰ নেতৃত্বত দুজনীয়া চিকিৎসক আৰু সহায়কৰ দ্বাৰা বিনামূলীয়া ঔষধ সহ চিকিৎসা সেৱা আগবঢ়োৱা হয়। এই চিকিৎসা শিবিৰত প্ৰায় ৬০০ শিশু ,মহিলা, বৃদ্ধাক চিকিৎসা প্ৰদান কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here