গণ বাৰ্তা, ডিব্ৰুগড়, ১৮ ডিচেম্বৰ ঃ বিহু সুৰক্ষা সমিতি অসমে বিশিষ্ট বুদ্ধিজীৱী, চিন্তবিদ, লেখক, শিক্ষাবিদ ড০ হীৰেন গোহাঁইক যোৱা ১৬ ডিচেম্বৰ তাৰিখে তেখেতৰ চানমাৰিস্থিত বাহগৃহত ‘গণ শিল্পী হেমাঙ্গ বিশ্বাস’ বঁটাৰে সন্মান আৰু সম্বৰ্দ্ধনা জনায়। বঁটা গ্ৰহণ কৰি ড০ গোহাঁয়ে কয়— বঁটা পাই মই আনন্দিত হৈছো। হেমাঙ্গ বিশ্বাসৰ দৰে বৰেণ্য গণ শিল্পীৰ নামত প্ৰদান কৰা বঁটা পাবৰ বাবে নিজকে যোগ্য বুলি নভবাৰ বিষয়ে কয় আৰু এইক্ষেত্ৰত বিহুৰ ঐতিহ্য পৰম্পৰা আৰু মৰ্যাদা ৰক্ষা কৰাৰ ক্ষেত্ৰত বিহু সুৰক্ষা সমিতি, অসমে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি কয়। উক্ত সম্বৰ্দ্ধনা অনুষ্ঠানত বিহু সুৰক্ষা সমিতি, অসমৰ সভাপতি গোলোক মৰাণ, সম্পাদক প্ৰধান পবিত্ৰ মহন ফুকন, কৰ্ণধাৰ সমিতিৰ সদস্যদ্বয় পবিত্ৰ কুমাৰ শৰ্মা আৰু মাধুৰী বৰা, বিদ্যায়তনিক পৰিষদৰ সচিব তথা সহকাৰী সম্পাদক লক্ষ্য তামুলী ফুকন, সাংস্কৃতিক সেৱা মঞ্চৰ সৰ্বাধিনায়ক চুলেধৰ গগৈ, মুখ্য অধিনায়ক মৃণাল মেধি, সাংস্কৃতিক বিভাগৰ সদস্যা হিমাদ্ৰী চেতিয়া ফুকন আৰু কামৰূপ জিলা সমিতিৰ সম্পাদক ড০ দেৱাশীষ বেজবৰুৱা উপস্থিত থাকে।