Home স্থানীয় অৱসৰৰ দিনাই বৰপেটাৰ ৩ শিক্ষকক পেঞ্চনৰ ধনৰ আদেশ পত্ৰ বিতৰণ

অৱসৰৰ দিনাই বৰপেটাৰ ৩ শিক্ষকক পেঞ্চনৰ ধনৰ আদেশ পত্ৰ বিতৰণ

104
0


গণ বাৰ্তা বিশেষ, বৰপেটা ৩০ নৱেম্বৰ: বৰপেটা জিলাৰ ৩ গৰাকী শিক্ষকক আজি অৱসৰৰ দিনাই আৰ্জিত ছুটী আৰু যৌথ বীমা আঁচনিৰ মঞ্জুৰীকৃত ধনৰ আদেশ পত্ৰ বিতৰণ কৰা হয়৷ বৰপেটা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি তিনি গৰাকী শিক্ষকক মানপত্ৰৰ লগতে পেঞ্চনৰ ধনৰ আদেশ পত্ৰ বিতৰণ কৰে ৷ ৩১ নং বাঘবৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষক মিনহাজ উদ্দিন আহমেদ, ৪০০ নং বৰশলা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নৃপেন্দ্ৰ তালুকদাৰ আৰু ৩২৪ নং গোৱৰ্ধনা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক দীনেশ চন্দ্ৰ দাসক জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে আনুষ্ঠানিক ভাবে আৰ্জিত ছুটী আৰু যৌথ বীমা আঁচনিৰ মঞ্জুৰীকৃত ধনৰ আদেশ পত্ৰ প্ৰদান কৰে৷ অৱসৰ গ্ৰহণ কৰা তিনিও গৰাকী শিক্ষকক উদ্দেশ্যি চমু বক্তব্য আগবঢ়ায় জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে ৷ বিদায়ী সভাখনত উপস্থিত থাকি বিদ্যালয় সমূহৰ উপ পৰিদৰ্শক হৰেন্দ্ৰ নাথ দাসে কয় যে, ২০১৩ বৰ্ষত ৰাজ্যৰ ভিতৰত প্ৰথম বৰপেটাত অৱসৰৰ দিনাই শিক্ষকক আৰ্জিত ছুটী আৰু যৌথ বীমা আঁচনিৰ মঞ্জুৰীকৃত ধনৰ আদেশ পত্ৰ প্ৰদান কৰা হৈছিল ৷ ইয়াৰ পিচতো বহু শিক্ষকক অৱসৰৰ দিনটোতেই আৰ্জিত ছুটী আৰু যৌথ বীমা আঁচনিৰ মঞ্জুৰীকৃত ধনৰ আদেশ পত্ৰ বিতৰণ কৰা বুলি উল্লেখ কৰে বিদ্যালয় সমূহৰ উপ পৰিদৰ্শক হৰেন্দ্ৰ নাথ দাসে ৷ অৱসৰৰ প্ৰাপ্ত শিক্ষক তিনি গৰাকী যথেষ্ট আবেগিক হৈ পৰে যদিও অৱসৰৰ দিনাই মঞ্জুৰীকৃত ধনৰ আদেশ পত্ৰ লাভ কৰাত সন্তুষ্টি প্ৰকাশ কৰে৷ এই সভাত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here