Home স্থানীয় বোকাখাতত প্ৰশিক্ষণপ্ৰাপ্ত বহুমুখী কৃত্ৰিম প্ৰজনন কৰ্মীসকলৰ মাজত টেবলেট বিতৰণ কৃষিমন্ত্ৰী অতুল বৰাৰ

বোকাখাতত প্ৰশিক্ষণপ্ৰাপ্ত বহুমুখী কৃত্ৰিম প্ৰজনন কৰ্মীসকলৰ মাজত টেবলেট বিতৰণ কৃষিমন্ত্ৰী অতুল বৰাৰ

106
0

গণ বাৰ্তা বিশেষ, বোকাখাত, ২৫ অক্টোবৰ: পশুপালন আৰু চিকিৎসা বিভাগ, অসম আৰু অসম পশুধন উন্নয়ন অভিকৰণ, খানাপাৰাৰ উদ্যোগত আজি বোকাখাত নাট্য মন্দিৰত গোলাঘাট আৰু যোৰহাট জিলাৰ প্ৰশিক্ষণপ্ৰাপ্ত বহুমুখী কৃত্ৰিম প্ৰজনন কৰ্মীসকলৰ মাজত বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অতুল বৰাদেৱৰ দ্বাৰা টেবলেট বিতৰণ কৰা হয় ৷আজিৰ এই অনুষ্ঠানত গোলাঘাট জিলাৰ ২৯ গৰাকী আৰু যোৰহাট জিলাৰ ১৫ গৰাকী প্ৰশিক্ষাৰ্থীৰ মাজত টেবলেট বিতৰণ কৰা হয়৷ ভাৰত চৰকাৰৰ গকুল মিচন নামৰ মুখ্য আচঁনিৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ বাবে কৃত্ৰিম প্ৰজনন বিশেষ আচঁনিৰে সামৰি গাঁও অঞ্চলৰ পৰা ব্যক্তিগতকৃত্ৰিম প্ৰজনন কৰ্মীক চাৰিমহীয়া প্ৰশিক্ষণ দি দক্ষতাৰে সেৱা আগবঢ়াবৰ বাবে যোগ্য কৰি তোলা হৈছে৷কৃষকৰ গাথীৰ উৎপাদঞ্জৰ হাৰ উন্নীতকৰণ ৰ ক্ষেত্ৰত অৰিহনা যোগোৱাৰ উদ্দেশ্য আগত ৰাখি গো-পালকসকলৰ থলুৱা গাইৰপৰা কৃত্ৰিম প্ৰজনন কৰি উন্নতজাতৰ গৰু পোৱালীৰ জন্ম দিয়াৰ লক্ষ্যৰে এইকৰ্মীসকলে কাম কৰিব৷ কৰ্মীসকলে কৃত্ৰিম প্ৰজননৰ লগত সম্পৰ্ক থকা সকলো তথ্য INAPণ্ড্ৰ software ত অন্তৰ্ভুক্ত কৰাতো বাধ্যতামূলক সেয়েহে তেওঁলোকৰ প্ৰত্যেককে এটিকৈ টেবলেট প্ৰদান কৰা হৈছ৷তথ্যসমূহ ভত্তিৰ্ কৰিলেহে আঁচনিৰ নিয়মমতে তেওঁলোকে অসম পশুধন উন্নয়ন অভিকৰণৰ সৌজন্য উদ্‌গনিমূলক ধন পাবলৈ সক্ষম হব৷ এতিয়ালৈ অসমত ৯৯২ গৰাকী কৰ্মীৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰা হৈছে৷ আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি শ্ৰী অতুল বৰাদেৱৰ লগতে বোকাখাত মহকুমাৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ ,চক্ৰ বিষয়া সৌভিক দত্ত বিভাগীয় মুখ্য কাৰ্যবাহী বিষয়া ডাঃ ৰূপ জ্যোতি গোহাঁইৰ আৰু অন্যান্য বিষয়াসকলৰ লগতে স্থানীয় সমাজকৰ্মী উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here