Home অসম তিনিচুকীয়াত বায়ু সেনাৰ বিষয়াৰ সৈতে আলোচনা জিলা উপায়ুক্ত নৰসিং পৱাৰৰ

তিনিচুকীয়াত বায়ু সেনাৰ বিষয়াৰ সৈতে আলোচনা জিলা উপায়ুক্ত নৰসিং পৱাৰৰ

358
0

মাইনু মৰাণ, ডুমডুমা , ১৪ মাৰ্চ: ভাৰতীয় বায়ু সেনাৰ এটা দলে তিনিচুকীয়া জিলা উপায়ুক্তৰ সৈতে নিয়োগ মেলা সন্দৰ্ভত এক আলোচনাত মিলিত হয়। ভাৰতীয় বায়ু সেনাৰ দলটোক নেতৃত্ব দিয়ে উইং কামাণ্ডাৰ এছ. চানমুগামে। বায়ু সেনাৰ ১১ নং এয়াৰমেন চিলেকশ্যন চেণ্টাৰ এ. এফ, গুৱাহাটীৰ উইং কামাণ্ডাৰ এছ চানমুগামে তিনিচুকীয়া জিলা উপায়ুক্ত নৰসিং পৱাৰৰ সৈতে তিনিচুকীয়া জিলাত অনুষ্ঠিত হব লগা বায়ু সেনাৰ নিযুক্তি মেলা সন্দৰ্ভত বিতং আলোচনা কৰে। তিনিচুকীয়া জিলা উপায়ুক্ত নৰসিং পৱাৰে বায়ু সেনাৰ নিযুক্তি সন্দৰ্ভত আৰু প্ৰস্তুতি সম্পৰ্কত বায়ু সেনাৰ বিষয়াৰ সৈতে পুংখানুপুংখ ভাবে আলোচনা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here