Home Main Stories নগাঁৱত ভেকচিন প্ৰদান কেন্দ্ৰ পৰ্যবেক্ষণ জিলা অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

নগাঁৱত ভেকচিন প্ৰদান কেন্দ্ৰ পৰ্যবেক্ষণ জিলা অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

125
0

“ভেকচিনৰ বিষয়ে উৰা বাতৰি প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা লোৱা হ’ব “

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৩ জুন : কভিডৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে মাইক্ৰকন্টেইমেণ্ট জ’নতকৈ ডাঙৰ কন্টেইনমেণ্ট জ’নৰ ব্যৱস্থা কৰিছো। ডাঙৰ কন্টেইনমেণ্ট মানে লকডাউন। আজি নগাঁও জিলাৰ কেবাটাও ভেকচিন প্ৰদান কেন্দ্ৰ পৰ্যবেক্ষণ কৰি সংবাদ মাধ্যমৰ আগত নগাঁও জিলাৰ অভিভাৱক তথা জল সম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই কয়, বৰ্তমানৰ চৰকাৰে কভিডৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহন কৰিছে। আমি হ’ম আইছলেছন ব্যৱস্থা কঠোৰ কৰিছোঁ। কঠোৰ পদক্ষেপ গ্রহণ কৰিহে হ’ম আইচলেছন দিয়া হৈছে। এটা সময়ত বেচিকৈ হ’ম আইচলেছন দিয়া হৈছিল। যাৰ বাবে এজনৰ পৰাই ঘৰখনৰ সকলো মানুহলৈ সংক্ৰমণ হৈছিল। সেয়ে আমি পৰিৱেশ চাই কভিড পজিটিভ ৰোগীৰ ঘৰত আচুতীয়া থকা ঘৰ, লেট্ৰিন, বাথৰুম আদি থকা ব্যক্তিকহে হ’ম আইচলেছন দিয়াৰ ব্যৱস্থা কৰা হৈছে‌। কালি ১০ জন মানকহে হ’ম আচলেছনত যাবলৈ দিয়া হৈছে। লগতে তেওঁ জানিবলৈ দিয়ে যে, যি সমূহ অঞ্চলত কভিডৰ সংক্ৰমণ বৃদ্ধি হৈছে, সেই সেই অঞ্চলত মাইক্ৰকন্টেইমেণ্ট জ’নতকৈ ডাঙৰ কন্টেইনমেইণ্ট জ’ন কৰি আছো। কোনো মানুহ যাতে বাহিৰলৈ আহিব নোৱাৰে। তেনেকৈ আমি কভিডৰ সংক্ৰমণ ৰোধ কৰাৰ চেষ্টা কৰিছো। মন্ত্ৰী গৰাকীয়ে অতি অত্যাৱশ্যকীয় কাম নাথাকিলে জনসাধাৰণৰক বাহিৰলৈ নোলাবলৈ আহবান জনাই। কভিডৰ সংক্ৰমণ বৃদ্ধি হোৱা নগাঁও জিলাত লগডাউন দিয়া হ’ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয়, অঞ্চল বিশেষে লকডাউন হ’ব। বাৰপুজীয়াত সংক্ৰমণ বেছি হৈছে। সেয়ে আমি বাৰপুজীয়াত ডাঙৰ কন্টেইনমেইণ্ট জ’ন কৰিছোঁ। আমি দুটা পৰ্যায়ত কাম কৰি আছো। তাৰ পাছতো যদি নিয়ন্ত্ৰণ নহয়, তেতিয়া হলে নিশ্চিত ভাবে জিলা পৰ্যায়ত লকডাউন হ’ব। মানুহে নিজকে অলপ বচাওক, মাইক্ৰকন্টেমেইণ্ট জ’নৰ পৰা ডাঙৰ কন্টেইনমেইণ্ট জ’ন কৰিছোঁ। সেইটোৱেই লকডাউন। আমি সম্পূৰ্ণ লকডাউনলৈ যাব বিচৰা নাই। উপায় নহলে যাব লাগিব। কিছু লোকে ভেকচিন সম্পৰ্কত অপপ্ৰচাৰ চলোৱাৰ সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰী গৰাকীয়ে কয়, আপোনালোকৰ হাতত যদি নিৰ্দিষ্ট তথ্য আছে, আমাক জনাব। আমি ব্যৱস্থা গ্ৰহণ কৰিম। কোনো মানুহে যদি এনে উৰা বাতৰি প্ৰচাৰ কৰিছে তেনেহলে, তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়া হ’ব। তেওঁ লগতে কয়, প্ৰধানমন্ত্ৰী, আমাৰ মূখ্যমন্ত্ৰী আৰু আমি সকলোৱে ভেকচিন লৈছোঁ। আমাৰতো কোনো সমস্যা হোৱা নাই। মন্ত্ৰী গৰাকীয়ে সকলো লোককে মুক্ত মনেৰে ভেকচিন লবলৈ আহবান জনাইছো। সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে , ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া বৰ্তমানৰ দৰে দ্ৰুত গতিত চলি থাকিব। সমগ্র দেশত ডিচেম্বৰৰ ভিতৰত ভেকচিন প্ৰদান সম্পূৰ্ণ কৰাৰ কথা কোৱা হৈছে। আমি অসমত এদিন আগতেই শেষ কৰাৰ চেষ্টা কৰিম। পাঞ্জাৱ আৰু অসমৰ জন বসতি প্ৰায় একেই বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয়, অসমত এদিনত ৩, ৫০, ০০০ লোকক ভেকচিন দিয়া হৈছে। কিন্তু পাঞ্জাৱত ১, ৫০,০০০ লোকক ভেকচিন দিছে। অসম আগত আছো । আজি মন্ত্ৰী গৰাকীয়ে জিলা খনৰ নগাঁও কলেজ, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, পুলিচ ৰিজাৰ্ভ, মাৰোৱাৰী পঞ্চায়ত ভৱন, চলচলি পিতাম্বৰ দেবগোস্বামী হাইস্কুল, পদুমনী শিলপুখুৰী হাই স্কুল, কন্দলি পূজাবাৰী চাহ বাগিচা, কাছমাৰী এম ভি স্কুল, সৰাগাও হাই স্কুল আৰু গোপীনাথ বৰদলৈ হাই স্কুলৰ ভেকচিন প্ৰদান কেন্দ্ৰ সমূহ পৰ্যবেক্ষণ কৰে। আজি মন্ত্ৰীগৰাকীক সংগ দিয়ে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, জিলা উপায়ুক্ত কবিথা পদ্মনাভন, আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here