গণ বাৰ্তা, যোৰহাট, ১ জুন : যোৰহাটৰ পটিয়া গাঁৱৰ বামুন চুকৰ দুই নি: সন্তান দম্পতিয়ে দৰিদ্ৰতাৰ মাজত জীৱন নিবাস কৰা বাতৰি দৈনিক গণ অধিকাৰ কাকতৰ লগতে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছত কেইবাটাও দল সংগঠনৰ প্ৰতিনিধি তেওঁলোকৰ বাসগৃহলৈ আহি খবৰ লয় আৰু সামাজিক অনুষ্ঠানৰ লগতে যোৰহাটৰ বহু ব্যক্তিয়ে নিঃসন্তান বৃদ্ধা পৰিয়ালটিক সঁহাৰি জনায়। এনে সঁহাৰি পাই দম্পতি হালে সন্তুষ্টি প্ৰকাশ কৰে।এটা জৰাজীৰ্ণ ঘৰত ৰোগীয়া সুৰেন শৰ্মা আৰু তেওঁৰ পত্নীৰ দুৰ্বিসহ জীৱনৰ বাতৰিয়ে বহুতৰ মন মগজু জোকাৰি গৈছিল। বহুকেইজন লোকে খাদ্য সামগ্ৰী আদি প্ৰদান কৰিছে এওঁলোকক। আজি যোৰহাট জিলা ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দল পৰিয়ালটোৰ কাষলৈ যায়। জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈৰ নেতৃত্বত যোৱা দলটোৱে পৰিয়ালটোৰ দুৰ্দশাৰ বুজ লয়। ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেওঁলোকৰ ঘৰটো নিৰ্মান কৰি দিব বুলি কোৱাত পৰিয়ালটোৰ চকুত আশাৰ সঞ্চাৰ ঘটে।।