Home Main Stories বনভোজ খাবলৈ গৈ বিপদত সুৰাপায়ী : জিলা পৰিবহন বিভাগৰ তালাচীত জৰিমনা

বনভোজ খাবলৈ গৈ বিপদত সুৰাপায়ী : জিলা পৰিবহন বিভাগৰ তালাচীত জৰিমনা

600
0

গণবাৰ্তা বিশেষ, যোৰহাট ২৬ ডিচেম্বৰ : বছৰটোৰ শেষৰটো দেওবাৰত বনভোজ খাবলৈ গৈ বিপদত পৰিব লগা হৈছে একাংশ বনভোজপ্ৰেমী| বনভোজৰ নামত অত্যাধিক সুৰাপান কৰি বিপদত পৰিছে এওঁলোক| ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্ঘটনা সংঘটিত নহ’বৰ বাবে বনভোজ দলৰ গাড়ীৰ চালক সকলক সুৰাপান নকৰিবৰ বাবে আহ্বান জনোৱাৰ পিছতে জিলা পৰিবহন বিভাগ সস্তম হৈ পৰিছে সুৰাপায়ী চালকৰ বিৰুদ্ধে| আজি যোৰহাটৰ নিমাতি আৰক্ষী চকীৰ সমীপত জিলা পৰিবহন বিষয়াৰ নেতৃত্বত যোৱা এটা দলে ব্ৰেথ এনালাইজাৰৰ দ্বাৰা বনভোজৰ পৰা ঘুৰি অহা বাহন সমূহৰ চালক সকলক পৰীক্ষা কৰে| এই তালাচীতে বহু কেইজন মদ্যপান কৰি অহা ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জৰিমনাৰ ব্যৱস্থা কৰে| ইয়াৰোপৰি মালবস্তু কঢ়িওৱা গাড়ীত বনভোজ দল নিয়াৰ বাবে যান বাহন আইন অনুসৰি ৫০০০ টকা পৰ্য্যন্ত জৰিমনা বিহে| পৰিবহন বিষয়া জনে জনোৱা অনুসৰি জিলা খনত এই অভিযান চলি থাকিব আৰু বনভোজস্থলী সমূহৰ সমীপত অধিক তীব্ৰতৰ কৰি তোলা হ’ব এই অভিযান| বনভোজ প্ৰেমী সকলক বনভোজৰ আনন্দৰ মাজত যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে সুৰাপানৰ পৰা দূৰৈত থাকিবলৈ আহ্বান জনাই বিষয়াজনে| উল্লেখযোগ্য যে ব্ৰেথ এনালাইজাৰ ব্যৱহাৰৰ সময়ত যথেষ্ট হাস্যকৰ পৰিস্থিতিৰো সৃষ্টি কৰে সুৰাপায়ী সকলে|

LEAVE A REPLY

Please enter your comment!
Please enter your name here