Home স্থানীয় গছ কাটি ফ’ৰলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ পৰিকল্পনা কৰাত ডবকাত প্ৰতিবাদ, বৃহৎ...

গছ কাটি ফ’ৰলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ পৰিকল্পনা কৰাত ডবকাত প্ৰতিবাদ, বৃহৎ সংখ্যক গছ কাটিলে প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হ’ব: বিধায়ক ছিৰাজুদ্দিন আজমল

106
0

গণ বাৰ্তা, ডবকা, হোজাই, ২৪ অক্টোবৰ: হোজাই জিলাৰ ডবকা বনাঞ্চলৰ ওপৰেৰে যোৱা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত প্ৰায় প্ত সহস্ৰাধিক প্ৰকাণ্ড প্ৰকাণ্ড গছ কটাৰ পৰিকল্পনা কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ কত্তৃৰ্পক্ষই৷ কেবাটাও ইলেফেণ্ট কৰিডৰ ৰো ধবংসলীলা হৈ পৰিব ফৰলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে, বনাঞ্চল ধবংস নকৰি বিকল্প ঠাইত ৰাস্তা নিৰ্মাণৰ দাবীত আজিও প্ৰতিবাদ অব্যাহত ৰাখিছে দল সংগঠনে৷ আজি দ্যা ৰাইছিং চে নামৰ সংস্থাৰ সাধাৰণ সম্পাদক মনোৰঞ্জন বৰা, সভানেত্ৰী ড॰ সুৰঞ্জনা কলিতা, উপসভাপতি বসন্ত বৰা, হেমন্ত ভূঞা, যুটীয়া সম্পাদক মৃগাংক নাথ প্ৰশান্ত ৰাজখোৱা ,কাৱেৰী বিশ্বাসক ডিম্বেশ্বৰ বৰ্মন, মানৱ অধিকাৰ সংস্থাৰ হুছেইন আহমেদ আৰু ফৰনিন বেগম, হোজাই জিলা এক্য সেনাৰ নেতা আহমেদ হুচেইন, হোজাই জিলাৰ এনএছইউআইৰ সভাপতি মেহবুবু হুছেইন, এজেৱাইচিপিৰ নেতা জায়দুলৰ নেতৃত্বত একাংশ দল গঠনে বিভিন্ন লিখি গছত পোষ্টাৰিং কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷কেবা দিনৰ পৰা হোজাই জিলা খিলঞ্জীয়া ছাত্ৰ সন্থা, আমছুকে ধৰি দল সংগঠন কেইটাই ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰাত অৱশেষত যমুনামুখ সমষ্টিৰ বিধায়ক ছিৰাজুদ্দিন আজমলে ৩৬ ৰাষ্ট্ৰীয় ঘাইপথ বনাঞ্চলৰ মাজত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ বিধায়ক ছিৰাজুদ্দিন আজমলে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নিতিন গাডকাৰী, মুখ্যমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰি সমস্যা সমাধান কৰিবলৈ সোমবাৰৰ পৰা মুখ্য মন্ত্ৰী,গুৱাহাটী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে আলোচনা কৰাৰআশ্বাস দিয়ে৷ বিধায়ক গৰাকীয়ে কয় যে গছ থাকিলেহে আমি জীয়াই থাকিম, গছে আমাক অি’জেন যোগান দিয়ে, মই পথ নিৰ্মাণ কৰাৰ বিৰোধী নহয় কিন্তু গছ কটাৰ পক্ষতো নহয় ,বৃহৎ সংখ্যক গছ কটা হলে প্ৰাকৃৃৃৃতিক পৰিৱেশ বিনষ্ট হৈ যাব – এই মন্তব্য যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমলৰ ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here