Home স্থানীয় কাহিলিপাৰাত চৰকাৰী বিদ্যালয়লৈ ইউএছটিএমৰ ফাৰ্নিচাৰ দান

কাহিলিপাৰাত চৰকাৰী বিদ্যালয়লৈ ইউএছটিএমৰ ফাৰ্নিচাৰ দান

288
0


গণ বাৰ্তা, ন-মাইল, খানাপাৰা, ৰি-ভই, ২৫ মে’ ঃ জনসাধাৰণৰ কাষ চপাৰ এক অংশ হিচাপে ইউনিভাৰ্ছিটী অৱ ছায়েন্স এণ্ড টেক্‌ন’লজী, মেঘালয়ে গুৱাহাটীৰ কাহিলিপাৰাৰ জটিয়াস্থিত ফাগুনা ৰাভা উচ্ছ মাধ্যমিক বিদ্যালয়লৈ গুণগত ডেস্ক আৰু বেঞ্চ দান কৰে৷ আজি কাহিলিপাৰাৰ উক্ত বিদ্যালয়খনৰ চৌহদত অনুষ্ঠিত এক আনুষ্ঠানিক অনুষ্ঠানত ইউএছটিএমৰ আচাৰ্য মেহবুবুল হক আৰু প্ৰসিদ্ধ শিক্ষাবিদ তথা অক্ষৰ ফাউণ্ডেচনৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক অলকা শৰ্মাৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু এজন চৰকাৰী বিদ্যালয় পৰিদৰ্শক, ইউএছটিএমৰ বিষয়া আৰু অক্ষৰ ফাউণ্ডেচনৰ শিক্ষয়িত্ৰীসকল উপস্থিত থাকে৷ এই উপলক্ষে সম্বোধন কৰি মেহবুবুল হকে কয়– ‘চৰকাৰী বিদ্যালয়সমূহত উন্নয়নৰ বহুতো সম্ভাৱনীয়তা আছে আৰু নিজা পুঁজিৰ অনুষ্ঠানসমূহ অথবা ব্যক্তিগত কৰ্প’ৰেটসমূহে জনগণৰ হিতৰ কথা বিবেচনা কৰি এই ৰাজহুৱা শিক্ষানুষ্ঠানসমূহক সমৰ্থন জনাবলৈ আগবাঢ়ি আহিব লাগে, বিশেষকৈ সমাজৰ বঞ্চিতসকলৰ বাবে, যিয়ে ব্যক্তিগত শিক্ষানুষ্ঠানত পঢ়িবলৈ অক্ষম৷’ মুনাফাবিহীন শৈক্ষিক সংগঠন অক্ষৰ ফাউণ্ডেচনে এই বিদ্যালয়খনে গ্ৰহণ কৰিছে আৰু ফাৰ্নিচাৰ, বিত্তীয় সহায়তা আদি প্ৰদানৰ দৰে সহায় আগবঢ়াই শিক্ষাৰ সবলীকৰণ কৰিবলৈ ইউএছটিএম অক্ষৰৰ সৈতে সংঘবদ্ধ হৈছে৷ এই সন্দৰ্ভত অধ্যাপক অলকা শৰ্মাই কয় যে চৰকাৰী বিদ্যালয়সমূহৰ মূল সমস্যা হৈছে অধিক ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰা আৰু নামভৰ্তিৰ হাৰ নিম্নগামী হোৱা৷ ইয়াৰ আঁৰত থকা মূল কাৰণটো হৈছে নিৰ্দিষ্ট বিষয় যেনে– গণিত আৰু ইংৰাজীত সাধাৰণতে ছাত্ৰ-ছাত্ৰীৰ দুৰ্বলতা৷ পৰৱৰ্তী যিটো শ্ৰেণীলৈ তেওঁলোকক উন্নীত কৰা হয়, সেই নিৰ্দিষ্ট শ্ৰেণীটোত নিশিকা কথাবিলাক ভালদৰে বুজিবলৈ তেওঁলোকৰ কোনো সুবিধা নাই৷ অক্ষৰ ফাউণ্ডেচনে ২০২১ চনৰ ডিচেম্বৰত বিভিন্ন বিদ্যালয়ত এক জৰীপ চলাই অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ এক অধ্যয়ন চলাই পাইছিল যে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা অতিকৈ দুৰ্বল৷ আমি সহায়ৰ সেৱা আগবঢ়োৱা এইখনেই প্ৰথম বিদ্যালয় আৰু আমি লাহে লাহে অন্য বিদ্যালয়লৈও আমাৰ সেৱা আগবঢ়াই যাম– তেওঁ কয়৷ অক্ষৰ ফাউণ্ডেচনৰ সহঃপ্ৰতিষ্ঠাপক আৰু সহযোগী সঞ্চালক পাৰমিতা শৰ্মাই কয়– ‘অক্ষৰে উদ্ভাৱন কৰা শিক্ষা পদ্ধতিৰ জৰিয়তে প্ৰতিকাৰমূলক শিক্ষাত নিযুক্ত হৈ আছে আৰু ই ৰাষ্ট˜ীয় শিক্ষা নীতি, ২০২০১ পংক্তিবদ্ধতা৷ আমি ছাত্ৰ-ছাত্ৰীসকলক জীৱিকামূলক শিক্ষাও প্ৰদান কৰি আহিছোঁ৷ ৰাষ্ট˜ীয় শিক্ষানীতিৰ ৰূপৰেখা হৈছে বিদ্যালয় এৰা শিশুসকলক পুনৰ নামভৰ্তি কৰোৱা আৰু তাৰবাবে প্ৰতিকাৰমূলক শিক্ষা দিবই লাগিব৷ আমাৰ শিক্ষা পদ্ধতি অনুসৰি গণিতৰ ক্ষেত্ৰত এজন ছাত্ৰ পঞ্চম শ্ৰেণীৰ হ’ব পাৰে, অসমীয়াৰ ক্ষেত্ৰত তৃতীয় শ্ৰেণীৰ হ’ব পাৰে আৰু ইংৰাজীৰ ক্ষেত্ৰত দ্বিতীয় শ্ৰেণীৰ হ’ব পাৰে৷ আমি ছাত্ৰ-ছাত্ৰীসকলক পুনঃশ্ৰেণীবিভক্ত কৰিছোঁ আৰু টেবলেট, ৱৰ্কশ্বীট আদিৰ সহায়ত তেওঁলোকক প্ৰয়োজন অনুসৰি প্ৰতিকাৰমূলক শিক্ষা প্ৰদান কৰিছোঁ৷ তদুপৰি কনিষ্ঠ ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাবলৈ জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীক নিযুক্ত কৰাটোও আমাৰ শিক্ষা পদ্ধতিৰ এটা অংশ৷’

LEAVE A REPLY

Please enter your comment!
Please enter your name here