Home স্থানীয় কল্যাণপুৰত ভূমি বিবাদক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিট : আহত দহ জন

কল্যাণপুৰত ভূমি বিবাদক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিট : আহত দহ জন

108
0


গণ বাৰ্তা, নগৰবেৰা, ২০ জানুৱাৰী: কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত কল্যাণপুৰত যোৱানিশা ভূমি বিবাদক কেন্দ্ৰ কৰি দুই সহোদৰ ভাই-ককাইৰ মাজত সংঘটিত হয় এক ভয়ংকৰ মাৰপিটৰ ঘটনা৷ এই ভয়ংকৰ মাৰপিটত দুটা পক্ষৰ পুৰুষ-মহিলাসহ দহজনকৈ লোক আহত হোৱা ঘটনাই বৃহত্তৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আহতসকল ক্ৰমে– মিজানুৰ ৰহমান, ছানোৱাৰ হুছেইন, আকমল হুছেইন, আফতাৰ হুছেইন, আলকাছ আলী, ৰাহুল আমিন, ইকাবুল আলী, ৰছিদা বেগম আৰু মৰিছফুল নেছা বুলি জানিব পৰা গৈছে৷ পূৰ্বৰ ভূমি বিবাদকেন্দ্ৰিক ঘটনাৰ মীমাংসাৰ বাবে যোৱানিশা একগোট হৈছিল দুয়োপক্ষৰ লোক৷ বিভিন্ন আলোচনা-বিলোচনা হোৱাৰ পিছতেই দুয়োপক্ষৰ মাজত প্ৰচণ্ড তৰ্কাতৰ্কী লাগে৷ পিছত এই তৰ্কাতৰ্কীয়ে অৱশেষত চূড়ান্ত ৰূপ ধাৰণ কৰাত দুয়োটা পক্ষৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয়৷ হাতে হাতে লাঠি, দা আদি লৈ উভয়ে উভয়পক্ষক আক্ৰমণ কৰাত কম- বেছি পৰিমাণে পুৰুষ-মহিলাসহ দুয়োটা পক্ষৰ ১০ জন লোক আহত হয়৷ ইয়াৰে মিজানুৰ ৰহমান আৰু ছানোৱাৰ হুছেইনৰ অৱস্থা সংকটজনক হোৱাত নিশাই আহত দুয়োজন লোকক উন্নত চিকিসাৰ বাবে জিমএমচিএইচলৈ প্ৰেৰণ কৰা হয়৷ আনহাতে, বাকী আহত লোকসকল নগৰবেৰা স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন অৱস্তাত আছে বুলি জনা গৈছে৷ একে পৰিয়ালৰ মাজত ভূমিকেন্দ্ৰিক ঘটনাক লৈ সংঘটিত হোৱা মাৰপিটৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here