Home সম্পাদকীয় টোগাড়িয়াৰ বিষাক্ত বক্তব্য আৰু ঊনৈশ শতিকাৰ অবিভক্ত গোৱালপাৰাৰ মুছলমান : ড॰ আবুল...

টোগাড়িয়াৰ বিষাক্ত বক্তব্য আৰু ঊনৈশ শতিকাৰ অবিভক্ত গোৱালপাৰাৰ মুছলমান : ড॰ আবুল হুছেইন

118
0

গুৱাহাটী, ২০ এপ্ৰিল ঃ অলপতে প্ৰবীণ ভাই টোগাড়িয়াই ধুবুৰী জিলাৰ জনসংখ্যাক লৈ বিষাক্ত বক্তব্য প্ৰদান কৰিছে৷ ধুবুৰী জিলাৰ ১২ লাখ মুছলমানেই অবৈধ ঘোষণা কৰি তেওঁলোকক জে’লত ভৰাবলৈ চৰকাৰক আহ্বান জনাইছে, সেয়াই নহয় অসমৰ ৫০ লাখ অবৈধ মুছলমানৰ ডি এন এ টেষ্ট টোগাড়িয়াৰ বিষাক্ত কৰিবলৈ অসম চৰকাৰক একপ্ৰকাৰ নিৰ্দেশ দিছে৷ আৰ এছ এছৰ এইজন নেতাই পূৰ্বতেও অবান্তৰ মন্তব্য দিয়াৰ উদাহৰণ আছে৷ প্ৰশ্ন জাগে কিহৰ ভিত্তিত এইধৰণৰ মন্তব্য সময়ে সময়ে মুছলমানসকলক শুনোৱা হয়, টোগাড়িয়াৰ কি শক্তি আছে, যাৰবাবে তেওঁৰ বক্তব্যৰ প্ৰতিবাদ চৰকাৰে নকৰে৷ বিষয়টো বুজিবলৈ সহজ, আৰ এছ এছৰ জহতেই বিজেপিয়ে ভাৰতীয় ৰাজনীতিৰ মূল শক্তি হাতৰ মুঠিত আবদ্ধ কৰিবলৈ সক্ষম হৈছে৷ যি কি নহওক, সংবিধানে মুছলমানসকলক সুৰক্ষিত কৰি ৰাখিছে, টোগাড়িয়াৰ বক্তব্যই নি(য়কৈ মুছলমানক একো কৰিব নোৱাৰে, কিন্তু ভাৰতীয় নাগৰিকত্বৰ প্ৰশ্নত বাৰে বাৰে হুমকি দিয়াৰ অধিকাৰ টোগাড়িয়াক কোনখন সংবিধান বা ন্যায়ালয়ে প্ৰদান কৰিলে সেয়া অৱশ্যেই প্ৰশ্নাতীত৷ এইখিনিতে অবিভক্ত গোৱালপাৰাৰ মুছলমান জনগাঁথনি ঊনৈশ শতিকাত কেনেকুৱা আছিল তাৰ এটি ধাৰণা দিবলৈ এই প্ৰবন্ধত চেষ্টা কৰা হৈছে৷ সকলোৱে জানে যে গোৱালপাৰা জিলা পূৰ্বতে মোগলৰ অধীনত আৰু কোচ ৰজাৰ অধীনত আছিল, মোগল সম্ৰাট ছাহজাহানৰ দিনত গোৱালপাৰা ডেৰ বছৰ কাল আহোমৰ অধীনত আছিল যদিও পিছলৈ গোৱালপাৰা জিলাৰ শাসন ব্যৱস্থা বেলেগধৰণৰ হৈছিল৷ ১৭৬৫ চনত গোৱালপাৰা জিলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত গুচি যায়, ১৭৯৩ চনত বংগত লৰ্ড কৰ্নোৱালিছে ভূমি নীতিৰ পৰিৱৰ্তন ঘটাই জমিদাৰসকলৰ ওপৰত অধিক চাপ প্ৰয়োগ কৰে, জমিদাৰসকলৰ অত্যাচাৰে কৃষকসকলৰ ওপৰত বেয়াকৈ প্ৰভাৱ বিস্তাৰ কৰে৷ কৰৰ বোজা সহিব নোৱাৰি বহু কৃষক উজনিৰ ফালে গুচি যায়৷ ১৮চ্ছ চনত মানৰ হাতৰ পৰা অসমখন ইংৰাজসকলে লৈ লয়৷ ১৮৩৩ চনৰ পৰা নামনি অসমত শিক্ষাৰ প্ৰসাৰতা শামুকীয়া গতিত আৰম্ভ হয়৷ ১৮৫৩ চনৰ মিল্‌ছৰ ৰিপ’ৰ্ট মতে [Report of the province of Assam, page ২৮১-৩০৯] গোৱালপাৰা জিলাত দহখন বিদ্যালয় আছিল৷ বিদ্যালয়সমূহত ইংৰাজী, বঙালী আৰু পাৰ্চী ভাষা চলিছিল৷ বিদ্যালয়সমূহ আছিল গোৱালপাৰাৰ মৰনৈ, কামাৰপাৰা, যোগীঘোপা, লক্ষ্মীপুৰ, শিকামাৰী, কাকৰিপাৰা, বিলাসীপাৰা, ধুবুৰী আৰু গাৰোপাহাৰৰ ওচৰত৷ ছাত্ৰৰ সংখ্যা আছিল এনেধৰণৰ– মুছলমান ১০৩জন, বামুণ ১৪জন, খোতৰীয় ৬জন, কায়স্থ ১১জন, নদিয়াল ২৪জন, ৰাভা প্তজন, নাপিত ৰজন, কলিতা ৬৩জন, গোৱাল প্তজন, বৈদ জ্জজন, মেচ ১৩জন, গাৰো জ্জ্বজন, যোগী ২জন, হাড়ী ২৩জন, চড়াল ৩জন, কৈৱৰ্ত জ্ঝজন, কোচ ১৮জন, ধুবী ২জন৷ এই তথ্যৰ পৰা দেখা যায় যে সেই সময়ত মুছলমান ছাত্ৰৰ সংখ্যা ৩২ শতাংশ আছিল, আৰু জনসংখ্যা নিশ্চিতভাৱে অধিক আছিল৷ অবিভক্ত গোৱালপাৰা জিলাত থকা দৰগাহ, মাঝাৰ আৰু মছজিদসমূহৰ পৰাও সেই সময়ৰ জনগাঁথনি অনুমান কৰিব পাৰি, ১৭৯৫ চনত গুণাভিৰাম বৰুৱাৰ আসাম বুৰঞ্জীৰ ১৮৯ পৃষ্ঠাত উল্লেখ কৰিছে যে গোৱালপাৰাৰ সিপাৰে হাদিৰাচকী আছিল য’ত বঙালসকলে বসবাস কৰিছিল আৰু বঙালসকল মুছলমান আছিল, এতিয়া উল্লিখিত দৰগাহৰ কথালৈ আহেঁা, পানজাতন দৰগাহ, ডেগধোৱা দৰগাহ, পাটপাৰা পাগলা পীৰৰ দৰগাহ, ধুবুৰীৰ পাঁচ পীৰৰ দৰগাহ, খোৰাছানী পীৰৰ দৰগাহ, মিৰজুমলাৰ মছজিদ, ৰঙামাটিৰ মছজিদ, দলগোমাৰ দৰগাহসমূহ ঊনৈশ শতিকাৰ আৰু তাৰো আগৰ বুলি সকলোৱে জানে৷ উল্লেখযোগ্য যে তেৰ-চৈধ্য শতিকাৰ পৰাই নামনি অসমত মোগল, তুৰ্কী, পাঠানসকলে ৰাজ শক্তিৰ বাবে আক্ৰমণ কৰিছিল আৰু বহুসময়ত পৰাজিত হৈ অনেকেই থাকি গৈছিল, সেই সকলোৰে বংশধৰ এই ভূমিতেই ৰৈ গৈছিল৷ ১৮৩৮ চনৰ পৰা ১৮৭৪লৈ গোৱালপাৰা বেংগলৰ লগত আছিল, তেতিয়া বহু মুছলমানৰ আগমন ঘটিছিল৷ ইংৰাজসকলে ১৮৭২ চনত লোকপিয়ল আৰম্ভ কৰিছিল, সেই সময়ত গোৱালপাৰা জিলাত মুঠ জনসংখ্যা আছিল চ্ছ্ৰ,৪৪,৭৬১, মুছলমান আছিল ৮৯,৯৬১, অথচ মুছলমানৰ জনসংখ্যাক লৈ বিতৰ্কৰ অন্ত নাই৷ অলপতে বাংলাদেশৰ সংসদত উত্থাপন হৈছে যে ৭৫ লাখ হিন্দু বাংলাদেশী বাংলাদেশ স্বাধীন হোৱাৰ পিছত নোহোৱা হৈছে, ক’লৈ গ’ল তেওঁলোক, টোগাড়িয়াই এই বিষয়ক লৈ সৰৱ হওক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here