Home নগাঁও ডাঃ অনিল বৰাক সোধ-পোচ আৰক্ষীৰ , চিকিৎসক- চিকিৎসালয়ৰ নথি পত্ৰ জব্দ: ভূৱা...

ডাঃ অনিল বৰাক সোধ-পোচ আৰক্ষীৰ , চিকিৎসক- চিকিৎসালয়ৰ নথি পত্ৰ জব্দ: ভূৱা ডিগ্ৰীৰ চিকিৎসকে ভৰি পৰিছে নগাঁও

127
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৪ মাৰ্চ:
চিকিৎসা সেৱাক মানৱ সেৱা বুলি কোৱা একাংশ চিকিৎসকে একমাত্ৰ ধনৰ লালসাত মানুহৰ জীৱনক তুচ্ছ কৰি তোলাৰ ঘটনা এতিয়া প্ৰায়ে সংঘটিত হৈছে৷ বিশেষকৈ একাংশ চিকিৎসকৰ চৰম গাফিলতি আৰু যোগ্যতাহীনতাৰ বাবে বহু ৰোগী মৃত্যুমুখত পৰা ঘটনাও দৈনিক সংঘটিত হৈ আহিছে৷ শেহতীয়াকৈ নগাঁৱত এগৰাকী ২৭ বছৰীয়া বোৱাৰীয়ে চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যুক সাবটিবলগীয়া হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিবাহ সূত্ৰে নগাঁও জিলাৰ গেদাৰবৰীৰ বোৱাৰী মল্লিকা ভূঞা নামৰ ২৭ বছৰীয়া প্ৰসূতিগৰাকী নগাঁও চহৰৰ মোলাপট্টিস্থিত নগাঁও নাৰ্ছিং হোম এণ্ড মেটাৰনিটী হোমত চিকিৎসাধীন আছিল৷ পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে মহিলাগৰাকী চিকিৎসক ডাঃ অনিল বৰাৰ তত্ত্বাৱধানত চিকিৎসাধীন হৈ আছিল৷ কিন্তু চিকিৎসক অনিল বৰাৰ চিকিৎসাজনিত অৱহেলাৰ বাবে মল্লিকা ভূঞা নামৰ মহিলাগৰাকীৰ সন্তান প্ৰসৱৰ পিছত মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ স্বামীয়ে৷ মহিলাগৰাকীৰ স্বামীয়ে নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে৷ এজাহাৰত ডাঃ অনিল বৰা, এনাস্থেচীয়া বিশেষজ্ঞ ডাঃ বিকাশ বৰুৱা আৰু নগাঁও নাৰ্ছিং হোম আৰু মেটাৰনিটী হোমৰ স্বত্বাধিকাৰীক অভিযুক্ত কৰিছে৷ এজাহাৰত উল্লেখ থকা মতে ব্যক্তিগত খণ্ডৰ এই চিকিৎসালয়খনত মল্লিকা ভূঞা নামৰ গৰ্ভৱতীগৰাকীক যোৱা ২৫ ফেব্ৰুৱাৰীত ভৰ্তি কৰোৱা হৈছিল৷ সেইদিনাই সন্তান প্ৰসৱৰ বাবে মহিলাগৰাকীক ডাঃ অনিল বৰাই অস্ত্ৰোপ্ৰচাৰ কৰোৱায়৷ পৰিয়ালৰ লোকৰ অভিযোগ মতে, চিকিৎসা বিজ্ঞানৰ নিয়ম অনুসৰি অস্ত্ৰোপচাৰৰ পূৰ্বে কৰিব লগা কোনো পৰীক্ষা-নিৰীক্ষা মহিলাগৰাকীক কৰা হোৱা নাছিল৷ যাৰ বাবে মহিলাগৰাকী উচ্ছ ৰক্তচাপত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিব লগা হয়৷ মহিলাগৰাকীৰ স্বামীয়ে অভিযোগ কৰা মতে তেওঁলোকে ২৫ ফেব্ৰুৱাৰীৰ দিনাই মহিলাগৰাকীৰ চিটি স্কেন কৰিবলৈ চিকিৎসকক বহুবাৰ অনুৰোধ কৰাৰ পিছতো এই অনুৰোধ চিকিৎসকে প্ৰত্যাখ্যান কৰে৷ নিশা মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা জটিল হৈ পৰাত গুৱাহাটীলৈ পৰিয়ালৰ লোকে লৈ যায়৷ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংজ্ঞাহীন অৱস্থাত মহিলাগৰাকী ৫ দিন চিকিৎসাধীনহৈ থকাৰ পিছত যোৱা ২ মাৰ্চত তেওঁৰ মৃত্যু ঘটে৷ আৰ্যজনক বিষয় এই যে ঘটনা সন্দৰ্ভত ভুল চিকিৎসাৰ বলি হৈ মৃত্যুবৰণ কৰা মহিলাগৰাকীৰ স্বামীয়ে চিকিৎসকগৰাকীৰ বিৰুদ্ধে এটা দিন পূৰ্বেই এজাহাৰ দাখিল কৰাৰ পিছতো ৰহস্যজনক কাৰণত আৰক্ষীয়ে গোচৰটো ৰুজু নকৰাৰ অভিযোগ উঠিছে৷ অৱশ্যে ঘটনা সন্দৰ্ভত এগৰাকী সাংবাদিকে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ পৰা জানিব বিচৰাৰ পিছতেই আজি আৰক্ষীৰ এটা দল চিকিৎসালয়খনত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ মন কৰিবলগীয়া যে ডাঃ অনিল কুমাৰ বৰা এগৰাকী এমবিএছ চিকিৎসক যদিও তেওঁ স্ত্ৰীৰোগ বিশেষজ্ঞ চিকিৎসক নহয়৷ তেওঁৰ প্ৰসৱজনিত অস্ত্ৰোপচাৰ কৰাৰ পৰ্যাপ্ত ডিগ্ৰী নাই৷ তেনেক্ষেত্ৰত এগৰাকী গৰ্ভাৱতীৰ চিকিৎসাৰ দায়িত্ব তেওঁ কিয় ল’লে ইয়াক লৈ প্ৰশ্ন উঠিছে৷ অৱশ্যে আৰক্ষীৰ সঠিক তদন্তত সমগ্ৰ তথ্য পোহৰলৈ আহিব৷ অকল ডাঃ অনিল বৰাই নহয়, নগাঁৱত কাকতি, মইনুল উপাধিৰ দুজন চিকিৎসকে পৰ্যাপ্ত ডিগ্ৰী নথকাৰ পিছত বিভিন্ন জটিল বেমাৰৰ চিকিৎসা প্ৰদান কৰি অহাৰ উপৰিও অস্ত্ৰোপচাৰৰ দৰে দায়িত্বপূৰ্ণ চিকিৎসা প্ৰদান কৰি থকাৰ কথা চৰ্চিত হৈছে৷ ইপিনে, বহু চিকিৎসকে সাধাৰণ এমবিবিএছ ডিগ্ৰী লৈ নিজৰ নামৰ আগত একাধিক ভুৱা ডিগ্ৰী লিখি সৰ্বসাধাৰণ ৰাইজক প্ৰতাৰণা কৰি অহাৰ আন এক গুৰুতৰ অভিযোগ উঠিছে৷ এইদৰে ভগৱানৰ পিছতেই চিকিৎসকক স্থান দিয়াৰ পিছতো সাধাৰণ ৰাইজৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি একাংশ চিকিৎসকে চিকিৎসা সেৱাটো ব্যৱসায়লৈ পৰ্যৱসিত কৰিছে৷ জিলাখনত চলি থকা এনে ধৰণৰ ঘটনা সন্দৰ্ভত এক উচ্ছ পৰ্যায়ৰ তদন্ত কৰিলেই বহু চিকিৎসক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে৷ ইপিনে, আজি বিয়লি আৰক্ষীয়ে নাৰ্ছিং হোমখনলৈ গৈ অভিযুক্ত চিকিৎসক ডাঃ অনিল বৰাক সোধ-পোছা কৰে৷ ডাঃ বৰাই আৰক্ষীক তেওঁ মহিলাগৰাকীক অস্ত্ৰোপ্ৰচাৰ কৰা বুলি উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে৷ আৰক্ষীয়ে চিকিৎসক আৰু চিকিৎসালয়খনৰ কেতবোৰ নথিপত্ৰ জব্দ কৰা বুলি জানিব পৰা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here