Home স্থানীয় অভিনেতা নিপন গোস্বামীলৈ আৱাহন থিয়েটাৰৰ ড॰ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা

অভিনেতা নিপন গোস্বামীলৈ আৱাহন থিয়েটাৰৰ ড॰ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা

243
0


গণ বাৰ্তা, পাঠশালা , ২৭ অক্টোবৰ: ভ্ৰাম্যমাণ নাট্যদল আৱাহন থিয়েটাৰে প্ৰতিথযশা ড॰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে প্ৰদান কৰি অহা ড॰ ভৱেন্দ্ৰ নাথ শইকীয়া বঁটা ২০২১ বৰ্ষৰ বাবে প্ৰদান কৰিলে অসমীয়া চলচ্ছিত্ৰ জগতৰ বৰেণ্য অভিনেতা নিপন গোস্বামীলৈ৷ যোৱা নিশা পাঠশালাৰ ভগৱতী ক্ষেত্ৰত অনুষ্ঠিত আৱাহন থিয়েটাৰৰ নাট শুভাৰম্ভনি অনুষ্ঠানত বৰেণ্য অভিনেতাগৰাকীক এই বঁটা প্ৰদান কৰে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয় আৰু জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে৷ উল্লেখযোগ্যযে বিগত বৰ্ষত কৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত নাট প্ৰদৰ্শন কৰিব নোৱাৰা ভ্ৰাম্যমাণ নাট্যদলৰ আগশাৰীৰ নাট্যদল আৱাহন থিয়েটাৰে এইবাৰ তিনিখন মননশীল নাটকৰে পাঠশালাত যোৱা নিশা নাট্যযাত্ৰাৰ শুভাৰম্ভ কৰে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত নাট শুভাৰম্ভণি কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আৱাহনৰ থিয়েটাৰ পৰিয়ালবৰ্গৰ লগতে কৰোণা সৃষ্ট সংকটৰ মাজত ওলাই অহা অন্য নাট্য দলসমূহৰ বলিষ্ঠ পদক্ষেপৰ লগতে চলিত বৰ্ষৰ সাফল্যৰ জয়যাত্ৰা কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰে৷ অনুষ্ঠানত প্ৰতিথযশা সাহিত্যিক, নাট্যকাৰ ড॰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে আৱাহন থিয়েটাৰ প্ৰতিবছৰে প্ৰদান কৰি অহা বঁটা নিপন গোস্বামীলৈ প্ৰদান কৰি মন্ত্ৰী দাসে এগৰাকী প্ৰকৃত শিল্পীয়ে উপযুক্ত মৰ্যদা পোৱা বুলি মন্তব্য কৰে৷ বিশিষ্ট অভিনেতাগৰাকীক প্ৰদান কৰা এই বঁটাত আছে অসমীয়াৰ স্বাভিমান গামোছা, ট্ৰফী, চেলেং, সম্বৰ্ধনা পত্ৰ আৰু নগদ দহ হেজাৰ টকা৷ বিশিষ্ট নিৱন্ধকাৰ পুলু কুমাৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানত নাট্যকাৰ তথা পৰিচালক অভিজিৎ ভট্টাচাৰ্য্যই আৱাহন থিয়েটাৰৰ বাৰ্ষিক মুখপত্ৰ ‘ৰংগবেদিকা’ উন্মোচন কৰে৷ এই গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট অধিবক্তা গিৰিধৰ চৌধুৰীকে ধৰি কেবাগৰাকীও ব্যক্তিৰ লগতে প্ৰেক্ষাগৃহত দৰ্শকৰ উপস্থিতিয়ে আৱাহন থিয়েটাৰৰ পৰিয়াল বৰ্গক উৎসাহিত কৰা বুলি প্ৰযোজিকা তথা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে সাংবাদিকৰ আগত মন্তব্য কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here