Home স্থানীয় তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৩ সংখ্যক বেলতলা ব’হাগী উৎসৱ: শিল্পী ময়ূখ হাজৰিকালৈ ড॰...

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৩ সংখ্যক বেলতলা ব’হাগী উৎসৱ: শিল্পী ময়ূখ হাজৰিকালৈ ড॰ ভূপেন হাজৰিকা বঁটা

313
0

গণবাৰ্তা, গুৱাহাটী, ১৭এপ্ৰিল: ৪৩ সংখ্যক বেলতলা ব’হাগী উৎসৱ এইবাৰ ২১ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ বেলতলা বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব৷ দেওবাৰে বেলতলা বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এখন সংবাদমেলত এইকথা সদৰী কৰে ৪৩ সংখ্যক বেলতলা ব’হাগী উৎসৱ সমিতিৰ সভাপতি ৰাতুল বৰুৱাই৷ তেওঁ লগতে কয় যে ক’ভিড পৰিস্থিতিৰ বাবে দুবছৰ পাছত এইবাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৩ সংখ্যক বেলতলা ব’হাগী উৎসৱৰ আয়োজন কৰা হৈছে৷ আমি ২০১২ চনৰ পৰা প্ৰদান কৰি অহা ড॰ ভূপেন হাজৰিকা বঁটা এইবাৰ প্ৰদান কৰা হ’ব শিল্পী ময়ূখ হাজৰিকাক৷ এই বঁটা ২৩ এপ্ৰিলত বেলতলা ব’হাগী উৎসৱৰ মঞ্চত প্ৰদান কৰা হ’ব৷ বঁটাত আছে নগদ দুই লাখ টকা, ড॰ ভূপেন হাজৰিকাৰ এটা মূৰ্তি, প্ৰশস্তি-পত্ৰ, আলোৱান আদি৷ আনহাতে, ২১ এপ্ৰিলৰ সন্ধিয়া হুঁচৰি, পাটমাদৈ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ পাটমাদৈ প্ৰতিযোগিতাৰ বাবে প্ৰতিযোগীসকলে অসমৰ বিভিন্ন মঞ্চত বিহুৰাণী, বৰ বিহুৱতী, বিহু সম্ৰাজ্ঞ ীৰ খিতাপ অৰ্জন কৰা নাচনীসকলেহে অংশগ্ৰহণ কৰিব পাৰিব৷ পাটমাদৈ প্ৰতিযোগিতাৰ বিজয়ীয়ে নগদ দুই লাখ টকা, প্ৰশস্তি-পত্ৰ, স্মাৰক আদি লাভ কৰিব৷ সেইদৰে বিশিষ্ট গীতিকাৰ মন্মথ বৈশ্যৰ সোঁৱাৰণত অনুষ্ঠিত লোকগীতৰ প্ৰতিযোগিতাৰ বিজয়ী চুমী ডেকাক ৫০ হাজাৰ টকা, মানপত্ৰ আদিৰে সিদিনা বঁটা প্ৰদান কৰা হ’ব৷ সিদিনা কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰে গীতৰ শৰাই আগবঢ়াব৷ সেইদৰে ২২ এপ্ৰিলত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে শিল্পী জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰিব৷ ২৩ এপ্ৰিলত সন্ধিয়া বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে ড॰ ভূপেন হাজৰিকা বঁটা আৰু পাটমাদৈ বঁটা-২০২২ প্ৰদান কৰা হ’ব৷ পাটমাদৈ আৰু হুঁচৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ২০ এপ্ৰিলৰ সন্ধিয়া প্ত বজাৰ ভিতৰত বেলতলা ব’হাগী উৎসৱ উদ্‌যাপন সমিতিৰ কাৰ্যালয় অথবা ৭০০২৮-৯৩৫৮জ্জ, ৯৮৬৪৬-০৬৬৩২ আৰু ৬৯০০২-ৰৰ১৭৫ নম্বৰত যোগাযোগ কৰিব পাৰিব৷ সিদিনা সন্ধিয়া শিল্পী অংগৰাগ [পাপন] মহন্তই সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব৷ তদুপৰি, ২১ এপ্ৰিলত দিনৰ ভাগত কণ কণ ল’ৰা-ছোৱালীৰ মাজত খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব আৰু ২২ এপ্ৰিলৰ সন্ধিয়া খেল-ধেমালিৰ বঁটা বিতৰণ কৰা হ’ব৷ উৎসৱ সফল কৰিবলৈ আমি সকলোৰে সহায়-সহযোগিতা কামনা কৰিলোঁ৷ সংবাদমেলত সমিতিৰ কাৰ্যকৰী সভাপতি বিজয় বড়ো, উপ-সভাপতি বিচিত্ৰ বড়ো, সাধাৰণ সম্পাদক সঞ্জ য় গোস্বামী, সাংস্কৃতিক বিভাগৰ সভাপতি জয়ন্ত গগৈ, সম্পাদক ড॰ দিলীপ মহন্ত, প্ৰচাৰ বিভাগৰ সভাপতি বিশ্বজিৎ মেধি, সম্পাদক চন্দন কুমাৰ শইকীয়াৰ লগতে সমিতিৰ অন্নান্য বিষয়ববীয়া উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here