Home নগাঁও এলাগী হৈ পৰিছে নগাঁৱৰ অধিকাংশ সুধা কণ্ঠ ডঃ ভূপেন হাজৰিকা মুকলি মঞ্চ

এলাগী হৈ পৰিছে নগাঁৱৰ অধিকাংশ সুধা কণ্ঠ ডঃ ভূপেন হাজৰিকা মুকলি মঞ্চ

244
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৫ নৱেম্বৰ: সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ দশম বাৰ্ষিক মৃত্যু দিৱস আজি সমগ্ৰ ৰাজ্যজুৰি উদ্‌যাপন কৰাৰ সময়তে সুধাকণ্ঠক অৱহেলা কৰাৰ তথ্য উন্মোচিত হৈছে৷ নগাঁও জিলাৰ বিভিন্ন উন্নয়ন খণ্ডৰ এলেকাত থকা সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা মুকলি মঞ্চ আজি সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকীত এলাগী হৈ থকাত বিভিন্ন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কংগ্ৰেছ চৰকাৰৰ আমোলত গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে উন্নয়ন খণ্ডসমূহত একোখনকৈ সুধাকণ্ঠ ভূপেন হাজৰিকা মুকলি মঞ্চ নিৰ্মাণ কৰিছিল৷ একেদৰে অবিভক্ত নগাঁও জিলাৰ ১৩টা উন্নয়ন খণ্ডতো ভূপেন হাজৰিকা মুকলি মঞ্চ নিৰ্মাণ কৰা হৈছিল ৷ কেইবছৰ মানলৈ ঠিকে-ঠাকে চলি আছিল৷ সুধাকণ্ঠৰ জয়ন্তী আৰু মৃত্যু দিৱসত এই মুকলি মঞ্চসমূহত উদ্‌যাপন কৰা হৈছিল৷ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা হৈছিল৷ কিন্তু চাৰি-পাঁচ বছৰ মানৰ পৰা মুকলি মঞ্চসমূহ এলাগী হৈ পৰিছে৷ আনকি, সুধাকণ্ঠৰ আজি মৃত্যুৰ দিনটোতো মঞ্চসমূহৰ অধিকাংশতেই কোনো অনুষ্ঠান অনুষ্ঠিত হোৱা নাই৷ নগাঁও জিলাৰ প্ৰায়কেইখন সুধাকণ্ঠ মুকলি মঞ্চ এতিয়া হাবি-জংঘলে আবৰি ধৰিছে৷ চৰকাৰীভাৱে নিৰ্মাণ কৰা মুকলি মঞ্চসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসন আৰু সংশ্লিষ্ট উন্নয়ন খণ্ড, গাওঁ পঞ্চায়তসমূহে কোনোধৰণৰ প্ৰদক্ষেপ গ্ৰহণ নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আনকি জাতীয় সংগঠনসমূহো এইক্ষেত্ৰত নীৰৱে থকা পৰিলক্ষিত হৈছে৷ যিটো সময়ত সমগ্ৰ অসমবাসীয়ে সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাক লৈ গৌৰৱ কৰি আহিছে, সেই সময়ত সুধাকণ্ঠৰ নামত নিৰ্মাণ কৰা মুকলি মঞ্চসমূহ এলাগী হৈ পৰাতো দুৰ্ভাগ্যজনক বিষয় হিচাপে চিহ্নিত হৈছে৷ এইক্ষেত্ৰত চৰকাৰ, জিলা প্ৰশাসন, উন্নয়ন খণ্ডসমূহৰ লগতে জাতীয় সংগঠনসমূহে কি ব্যবস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here