Home Uncategorized খিলঞ্জীয়া মুছলমান সকলৰ আৰ্থ-সামাজিক আৰু শৈক্ষিক সবলীকৰণৰ বাবে দাখিল কৰা প্ৰতিবেদন গ্ৰহণ,...

খিলঞ্জীয়া মুছলমান সকলৰ আৰ্থ-সামাজিক আৰু শৈক্ষিক সবলীকৰণৰ বাবে দাখিল কৰা প্ৰতিবেদন গ্ৰহণ, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ

425
0

গুৱাহাটী, ২১ এপ্ৰিল ঃ ৰাজ্য চৰকাৰে অসমৰ খিলঞ্জীয়া মুছলমানসকলৰ আৰ্থ-সামাজিক উত্তৰণৰ বাবে কেইবাটাও বিষয় সামৰি গঠন কৰি দিয়া সাতখন উপ-সমিতিয়ে আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাগৃহত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত প্ৰতিবেদন দাখিল কৰে৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে যোৱা বছৰ খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে এক আলোচনাত মিলিত হৈছিল৷ সেই বৈঠকৰ সিদ্ধান্ত অনুসৰি উপ-সমিতিসমূহ গঠন কৰা হৈছিল৷ এই সমিতি-সমূহক সাংস্কৃতিক অস্তিত্ব, স্বাস্থ্য, শিক্ষা, দক্ষতা উন্নয়ন, জনসংখ্যা নিয়ন্ত্ৰণ, বিত্তীয় অন্তৰ্ভুক্তি আৰু মহিলা সবলীকৰণ সন্দৰ্ভত অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছিল৷ এই উপ-সমিতিসমূহে তেওঁলোকৰ অধ্যয়ন সমাপ্ত কৰি অনুমোদনৰ বাবে আজি মুখ্যমন্ত্ৰীৰ হাতত প্ৰতিবেদন দাখিল কৰে৷ প্ৰতিবেদন গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এই প্ৰতিবেদনখন বিভিন্ন বিভাগে পৰীক্ষা কৰিব আৰু সেই অনুসৰি ৰাজ্য চৰকাৰে ইয়াক হ্ৰস্বকালীন, মধ্যকালীন আৰু দীৰ্ঘকালীন প্ৰক্ৰিয়াৰে কাৰ্যকৰী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব৷ অসমৰ খিলঞ্জীয়া মুছলমানৰ আৰ্থ-সামাজিক আৰু শৈক্ষিক সবলীকৰণৰ বাবে প্ৰথমবাৰৰ বাবে এনেধৰণৰ পদক্ষেপ লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ আজিৰ এই অনুষ্ঠানত সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা, উপ-সমিতিসমূহৰ অধ্যক্ষ, সদস্য আৰু উচ্ছপদস্থ বিষয়াসকল উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here