Home Main Stories বৰপেটা ৰোড ৰেলৱে ষ্টেচনৰ সমীপত অৱক্ষয় মূৰ্ত্তি উন্মোচন কৰিলে- ড০ হিমন্ত বিশ্ব...

বৰপেটা ৰোড ৰেলৱে ষ্টেচনৰ সমীপত অৱক্ষয় মূৰ্ত্তি উন্মোচন কৰিলে- ড০ হিমন্ত বিশ্ব শৰ্মাই

109
0

প্ৰদীপ কুমাৰ সৰকাৰ, পাকাবেতবাৰী, ৬ জুলাই : আজিৰ দিনটো অত্যন্ত মংগলময় আৰু স্মৰণীয় দিন। আজিৰ দিনটোতে জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি, ভাৰতৰ প্ৰথমগৰাকী উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্ম হৈছিল। মুখাৰ্জীয়ে সংবিধানৰ ৩৭০ ধাৰা বিলুপ্তিকৰণ, জম্মু-কাশ্মীৰক সম্পূৰ্ণভাৱে ভাৰতবৰ্ষত বিলয়কৰণ আৰু পাকিস্তানৰ দেশ বিভাজনত লুণ্ঠনৰ বলি হোৱা হিন্দু আৰু শিখসকলৰ হৈ তেখেতে জীৱনজোৰা সংগ্ৰামত অৱতীৰ্ণ হৈছিল। নিজে বৌদ্ধ ধৰ্মৰ ব্যক্তি নহৈও ভাৰতৰ মহাবৌদ্ধিক সমাজৰ সভাপতি আছিল মুখাৰ্জী। বৌদ্ধ ধৰ্মৰ সকলো দেশ-বিদেশৰ সাধক গুৰুসকলৰ সৈতে মুখাৰ্জীয়ে এটা সুসম্পৰ্ক গঢ়ি তুলিছিল বুলি আজি ভাৰতীয় জনতা পাৰ্টীৰ বৰপেটা ৰোড নগৰ মণ্ডলৰ উদ্যোগত বৰপেটা জিলাৰ অন্তৰ্গত বৰপেটা ৰোড ৰে’লৱে ষ্টেচনৰ সমীপত ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতাৰ কাৰণে সৰ্বোচ্চ বলিদান দিয়া শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ ওচৰত এইদৰে কয়। মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়- মুখাৰ্জীয়ে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা প্ৰৱৰ্তন কৰাটো আছিল অসমীয়াৰ বাবে এক ঐতিহাসিক আৰু স্মৰণীয়। ইয়াৰ লগতে ড০ বিৰিঞ্চি কুমাৰ বৰুৱাক উক্ত বিশ্ববিদ্যালয়খনত অসমীয়া বিভাগত প্ৰথমগৰাকী অধ্যাপক হিচাপে নিযুক্তি দিছিল। কলিকতা বিশ্ববিদ্যালয়ত উপাচাৰ্য হৈ থকাৰ সময়ছোৱাত আৰু পৰৱৰ্তী সময়ত অসমৰ সৈতে তেওঁ অত্যন্ত সুসম্পৰ্ক বজাই ৰখাৰ কথাও উল্লেখ কৰে ড০ শৰ্মাই। তাৎপৰ্যপূৰ্ণ বিষয় এইটোও যে শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে গোটেই অসমখন পৰিভ্ৰমণ কৰি তেখেতে অসমৰ শিক্ষা ব্যৱস্থাৰ মাধ্যম বাধ্যতামূলকভাৱে অসমীয়া ভাষা হ’ব লাগে বুলি দৃঢতাৰে পোষণ কৰিছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আন এগৰাকী উজ্জ্বল জ্যোতিষ্ক শৰৎ চন্দ্ৰ বসু, যিগৰাকী নেতাজী সুভাষ চন্দ্ৰ বসুৰ ককায়েক আৰু ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে গ্ৰুপিঙৰ সময়ত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সৈতেও কাম কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পুষ্পলতা দাসৰ ৰচনাত ড০ মুখাৰ্জীৰ জীৱনৰ বিষয়ে অসমৰ হৈ তেখেতে কৰা নিস্বাৰ্থ সেৱাৰ কথা আমাক সোঁৱৰাই দিছে। পষ্পলতা দাসে লিখিছিল— অসমীয়া জাতিয়ে কেতিয়াও শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু শৰৎ চন্দ্ৰ বসুক পাহৰি যাব নালাগে। তেনে এগৰাকী উজ্জ্বল জ্যোতিষ্কৰ জন্মদিনত তেখেতৰ এটা আবক্ষ মূৰ্তি উন্মোচন কৰিবলৈ পাই মই সচাঁকৈয়ে গৌৰৱ অনুভৱ কৰিছো। সহস্ৰাধিক ৰাইজৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইয়াকো কয়— শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ অহা পথত লক্ষ্মীনাথ বেজবৰুৱা ভবনটো চাবলৈ সোমাইছিলো। ক্ষন্তেক সময় থিয় হৈ মই সেই ভৱনটো পৰিদৰ্শন কৰিলো আৰু কৰ্মকৰ্তাসকলৰ লগত আলাপ-আলোচনাৰ লগতে লক্ষ্মীনাথ বেজবৰুৱা ভৱনটো কাৰ্যক্ষম কৰাৰ উদ্দেশ্যৰে চৰকাৰৰ পৰা ১ কোটি টকাৰ অনুদান দিম বুলি ঘোষণা কৰিছো। ক’বলৈ গ’লে শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পৰ্কনো কি আছিল— যিদৰে লক্ষ্মীনাথ বেজবৰুৱাই নিজৰ জীৱন অসমীয়া ভাষাৰ বাবে উৎসৰ্গা কৰি থৈ গৈছে, সেই অসমীয়া ভাষাৰ শুভাকাংক্ষী অসমৰ বাহিৰত যদি কোনোবা আছিল, সেইজনেই হ’ল শ্যামাপ্ৰসাদ মুখাৰ্জী। ভাৰতীয় জনতা পাৰ্টীয়ে ৰাম মন্দিৰেই হওক নতুবা ৩৭০ ধাৰাৰ বিলুপ্তিকৰণেই হওক, আদৰ্শৰ যুঁজখনত ভাৰতীয় জনতা পাৰ্টীয়ে বিজয়ী হোৱাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। আজিৰ সভাখনত জনস্বাস্থ্য কাৰিকৰী বিভাগ তথা জলসম্পদ বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস, বৰপেটা জিলা বিজেপিৰ সভাপতি ফুলেন দাসকে ধৰি বহুকেইগৰাকী নেতা-সদস্য উপস্থিত আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here