Home অসম বাংলাদেশত গৈ উজলিল নলবাৰীৰ যুৱ চিকিৎসক ডা° যশোধন ডেকা :ঢাকাৰ বি এছ...

বাংলাদেশত গৈ উজলিল নলবাৰীৰ যুৱ চিকিৎসক ডা° যশোধন ডেকা :ঢাকাৰ বি এছ এম মেডিকেল ইউনিভাৰ্চিটিত সম্পন্ন কৰে চাৰিটা জটিল অস্ত্ৰোপচাৰ

71
0

এম মহিবৰ ৰহমান, নলবাৰী, ১৩ মে’ ঃ বাংলা বন্ধু শ্বেইখ মুজিব মেডিকেল ইউনিভাৰ্ছিটী চমুকৈ বি এছ এম এম ইউত নলবাৰীৰ চিকিৎসকে প্ৰদৰ্শন কৰিলে পাৰদৰ্শিতা৷ চাৰিটা জটিল অস্ত্ৰোপচাৰ কৰি চমক দেখুৱালে নলবাৰীৰ চিকিৎসকৰ এটা দলে৷ বাংলাদেশৰ ঢাকাৰ বংগ বন্ধু শ্বেইখ মুজিব মেডিকেল ইউনিভাৰ্ছিটীত যোৱা এঘাৰ মে’ত আয়োজিত হৈছিল এডভান্সড্‌ গাইনী লেপ্ৰোশ্বক’পী আন্তঃৰাষ্ট্ৰীয় এক কৰ্মশালা৷ এই কৰ্মশালাত বাংলাদেশৰ আমন্ত্ৰণমৰ্মে অংশগ্ৰহণ কৰে নলবাৰী মেটাৰনিটী আৰু সাৰথি হাস্পতালৰ গাইনী লেপ্ৰোশ্বক’পী অস্ত্ৰোপচাৰ বিশেষজ্ঞ তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বকনিষ্ঠ গাইনী লেপ্ৰোশ্বক’পীৰ ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফেকািŒI×ষ্ট ডাঃ যশোধন ডেকাৰ নেতৃত্বত এটা চিকিৎসকৰ দলে৷ বংগ বন্ধু শ্বেইখ মুজিব মেডিকেল ইউনিভাৰ্ছিটীত আয়োজিত উচ্ছ মানসম্পন্ন কৰ্মশালাত দেশখনৰ প্ৰায় পাঁচ শতাধিক চিকিৎসক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল৷ কৰ্মশালাত নলবাৰীৰ চিকিৎসকৰ দলটোৱে চাৰিটা জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ ইতিমধ্যে যশোধন ডেকাই উত্তৰ-পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰি ৰাজ্যৰ বাহিৰৰ কে’বাখনো ৰাষ্ট্ৰীয় কৰ্মশালাত অংশ কৰি বিশেষ সুনাম লাভ কৰি ৰাজ্যৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ সুনাম কঢ়িয়াই আনিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here