পুলেন্দ্ৰ দাস, বৰপেটা, ১৩ জুন ঃ বৰপেটাত আজি উন্মোচন কৰা হয় গল্প আৰু কবিতাপুথি। বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি, লেখক তথা বিশিষ্ট চিকিৎসক ডাঃ কমল কৃষ্ণ দাসৰ ‘ভঙ্গুৰ’ নামৰ গল্প সংকলন আৰু ‘সপোন ভাঙে নীৰৱে’ শীৰ্ষক কবিতা পুখিখন আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। বিশিষ্ট সাহিত্য সংগঠক গোবিন্দ তালুকদাৰৰ সভাপতিত্বত বৰপেটা সাহিত্য সভা ভৱনত গল্প আৰু কবিতা সংকলন উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। ডাঃ কমল কৃষ্ণ দাসৰ ‘ভঙ্গুৰ’ নামৰ গল্প সংকলনখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, বৰপেটাৰ প্ৰাক্তন উপায়ুক্ত তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকৰে। আনহাতে, ‘সপোন ভাঙে নীৰৱে’ নামৰ কবিতা সংকলনখন উন্মোচন কৰে বিশিষ্ট কবি, লেখিকা নঞ্জু দত্তই। মহানন্দ পাঠকে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতা, বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ উপৰি যথেষ্টসংখ্যক কবি, লেখক, প্ৰবন্ধকাৰৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। এই অনুষ্ঠানতে নাট্যকাৰ নিৰ্মল দাসে ‘সপোন ভাঙে নীৰৱে’ নামৰ কবিতা সংকলনখনৰ তিনিটা কবিতা আবৃত্তি কৰে। উল্লেখ্য, আজি নিজৰ জন্মদিনৰ দিনটোতেই গল্প আৰু কবিতা সংকলন উন্মোচন কৰে ডাঃ কমল কৃষ্ণ দাসে। আৰ্টিছা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত ‘ভঙ্গুৰ’ গল্প সংকলন আৰু ‘সপোন ভাঙে নীৰৱে’ কবিতা সংকলনে যথেষ্ট সমাদৰ লাভ কৰিব বুলি আশা ব্যক্ত কৰিছে ডাঃ কমল কৃষ্ণ দাস আৰু তেখেতৰ সহধৰ্মিণী দীপিকা দাসে।