Home স্থানীয় কোনো কাৰণতে বিদ্যালয় বন্ধ কৰাৰ সপক্ষে নাই অসম চৰকাৰ: বৰপেটাত শিক্ষা...

কোনো কাৰণতে বিদ্যালয় বন্ধ কৰাৰ সপক্ষে নাই অসম চৰকাৰ: বৰপেটাত শিক্ষা বিভাগৰ উপদেষ্টা ড॰ ননীগোপাল মহন্তৰ

210
0


গণ বাৰ্তা, পাঠশালা, ১৯ জানুৱাৰী: বৰ্তমানৰ সময়ত কোনো কাৰণতে বিদ্যালয় বন্ধ কৰাৰ পক্ষত নাই অসম চৰকাৰ৷ এই মন্তব্য অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড॰ ননীগোপাল মহন্তৰ৷ আজি বজালীত উপস্থিত হৈ ড॰ মহন্তই ভট্টদেৱ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি বজালী উচ্ছতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত বজালী আৰু বৰপেটা জিলাৰ শিক্ষা বিষয়াসকলৰ স’তে আলোচনাত মিলিত হয়৷ তেওঁ বজালী উচ্ছতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি অধ্যক্ষৰ লগতে দুইখন জিলাৰ শিক্ষা বিষয়াসকলৰ স’তে আলোচনা কৰি এই শিক্ষানুষ্ঠানসমূহৰ উত্তৰণৰ সন্দৰ্ভত দিহা-পৰামৰ্শ আগবঢ়ায়৷ শিক্ষা বিভাগৰ উপদেষ্টাগৰাকীয়ে বজালীৰ শিক্ষানুষ্ঠানসমূহৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত সংস্থাপিত হৈ থকা প্ৰাক্তন শিক্ষাৰ্থীসকলক নিমন্ত্ৰণ কৰি শিক্ষানুষ্ঠানসমূহৰ উত্তৰণৰ বাবে তেওঁলোকক কেনেদৰে ব্যৱহাৰ কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰে৷ ইয়াৰোপৰি আমাৰ ওচৰে-পাঁজৰে থকা উচ্ছ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ বিজ্ঞান, বাণিজ্য, ইংৰাজী আৰু অংকৰ শিক্ষকসকলৰ দ্বাৰা তাৰ দাঁতিকাষৰীয়া বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীক ব্যৱহাৰিক শিক্ষা প্ৰদান কৰি তেওঁলোকক মেণ্টৰিং কৰা সন্দৰ্ভটো তেওঁ আলোচনা কৰে৷ তেওঁ সামগ্ৰিকভাৱে শিক্ষকসকলৰ এক সমন্বিত প্ৰচেষ্টাৰে সকলো পৰ্যবেক্ষণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথা দোহাৰি পৰিদৰ্শন কৰা শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন অভাৱ-অভিযোগসমূহ ৰাজ্যৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অৱগত কৰাৰ লগকে তাক দূৰ কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি ব্যক্ত কৰে৷ আনহাতে, সাংবাদিকেৰে মুখামুখি হৈ ক’ভিড পৰিস্থিতি আৰু পৰীক্ষা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নোত্তৰত তেওঁ কয় যে এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সময়মতে আৰু সুকলমে অনুষ্ঠিত হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here