Home Main Stories স্তব্ধ ‘পাতাল ভৈৰৱী’ : ক’ভিডত্তোৰ কাৰণত ড০ লক্ষ্মীনন্দন বৰাৰ দেহাৱসান : ৰাজ্যিক...

স্তব্ধ ‘পাতাল ভৈৰৱী’ : ক’ভিডত্তোৰ কাৰণত ড০ লক্ষ্মীনন্দন বৰাৰ দেহাৱসান : ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহত শেষকৃত্য

66
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ জুন : এজনৰ পিছত এজনকৈ গৈ আছে মহীৰূহ। কোৰোনাৰ কৰাল গ্ৰাসত এতিয়া ৰাজ্যৰ সাহিত্য-সাংস্কৃতিক জগত। কিছুদিন পূৰ্বে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যু ঘটিছিল ক’ভিডোত্তৰ সমস্যাৰ বাবে। হোমেন বৰগোহাঞিক হেৰুওৱাৰ শোক মাৰ নৌযাওঁতেই পুনৰ এক দুঃসংবাদে আজি ম্ৰিয়মাণ কৰি তোলে ৰাজ্যবাসীক। বিশিষ্ট সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰাৰ আজি মৃত্যু ঘটে। দীৰ্ঘদিনে এক্সেলকেয়াৰ হাস্পতালত ক’ভিডৰ সৈতে যুঁজি আজি পুৱা ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰে কথা-সাহিত্যৰ কাণ্ডাৰীগৰাকীয়ে। যোৱা ১২ মে’ত ক’ভিডত আক্ৰান্ত হৈ হোম আইছ’লেচনত আছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটাত ২৪ মে’ত গুৱাহাটীৰ এক্সেলকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল সাহিত্যিকগৰাকীক। দীৰ্ঘদিন ধৰি চিকিৎসালয়খনৰ আইচিইউত ক’ভিডোত্তৰ সমস্যাৰ সৈতে যুঁজি আজি শেষ নিশ্বাস ত্যাগ কৰে সাহিত্য অকাদেমী বঁটা বিজয়ী সাহিত্যিকগৰাকীয়ে। ১৯৩২ চনৰ ১৫ জুনত নগাঁৱৰ কুজিদাহ গাঁৱৰ হাতীচুঙত জন্মগ্ৰহণ কৰিছিল সাহিত্যিকগৰাকীয়ে। পিতৃ শুলেশ্বৰ বৰা আৰু মাতৃ ফুলেশ্বৰীৰ পঞ্চম সন্তান আছিল লক্ষ্মীনন্দন বৰা। নগাঁৱত ¦³¨লীয়া শিক্ষা সাং কৰাৰ পিছত গুৱাহাটীৰ কটন কলেজৰ পৰা পদাৰ্থবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা মেটাৰ’লজীত পিএইচডি ডিগ্ৰী লাভ কৰিছিল। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰি ১৯৯২ চনত তেওঁ বিশ্ববিদ্যালয়খনৰ পদাৰ্থবিজ্ঞান আৰু কৃষি বতৰ বিজ্ঞান বিভাগৰ মুৰববী হৈছিল। ১৯৬১ চনত লক্ষ্মীনন্দন বৰা মাধুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বিজ্ঞানৰ সৈতে ওতপ্ৰোতভাৱে সম্বন্ধ থাকিলেও সাহিত্যত তেওঁৰ আছিল অগাধ দখল। ৰামধেনু যুগত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল লক্ষ্মীনন্দন বৰাই। অসমীয়া আলোচনী ‘ৰামধেনু’ত ১৯৫৪ চনত তেওঁৰ প্ৰথমটো গল্প ‘ভাওনা’ প্ৰকাশ হৈছিল। ১৯৫৮ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ ‘দৃষ্টিৰূপা’ প্ৰকাশ হৈছিল। ১৯৬২ চনত তেওঁৰ দ্বিতীয়খন গ্ৰন্থ ‘নিশাৰ পূৰবী’ প্ৰকাশিত হৈছিল। এই গল্প সংকলনৰ পিছত তেওঁৰ প্ৰথমখন উপন্যাস ‘গঙা চিলনীৰ পাখি’ ১৯৬৩ চনত প্ৰকাশ হৈছিল। উল্লেখ্য যে উক্ত উপন্যাসখন ১৯৭৬ চনত ছবি আকাৰে নিৰ্মাণ কৰিছিল পৰিচালক পদুম বৰুৱাই। গল্প আৰু উপন্যাসৰ বাবে এক সুকীয়া পৰিচয় থকা ড০ লক্ষ্মীনন্দন বৰাই নিৰ্দিষ্ট কথনশৈলীৰে অসমৰ সাহিত্য জগতত এক সুকীয়া স্থান দখল কৰিছিল। কথাশিল্পত অনন্য দখল থকা সাহিত্যিকগৰাকীয়ে অসমৰ সাহিত্য জগতলৈ অনন্য অৱদান আগবঢ়াইছিল। ১৯৮৬ চনত প্ৰকাশ পোৱা তেওঁৰ ‘পাতাল ভৈৰৱী’ উপন্যাসখনৰ বাবে ১৯৮৮ চনত তেওঁ সাহিত্য অকাদেমী বঁটা লাভ কৰিছিল। আনহাতে ‘কায়কল্প’ৰ বাবে ২০০৮ চনত সাহিত্যিকগৰাকীলৈ ‘সৰস্বতী’ সন্মান আগবঢ়াইছিল। নিজৰ জীৱনকালত ৬০খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰা ড০ লক্ষ্মীনন্দন বৰাই সাহিত্য সভাৰ সভাপতিৰ পদো অলংকৃত কৰিছিল। অসমীয়া সাহিত্যলৈ যোগোৱা অনবদ্য অৱদানৰ বাবে তেওঁক ২০১৫ চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিছিল কেন্দ্ৰীয় চৰকাৰে। সাহিত্য জগতৰ মহীৰূহগৰাকীয়ে আজি ৮৮ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। লগে লগেই যেন স্তব্ধ হৈ পৰে ‘পাতাল ভৈৰৱী’, ‘কায়কল্প’, ‘গঙা চিলনীৰ পাখি’ৰ প্ৰতিটো চৰিত্ৰ। বিয়লি নৱগ্ৰহ শ্মশানত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে বিশিষ্ট সাহিত্যিকগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়। শেষকৃত্য অনুষ্ঠানত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here