Home Main Stories ডাঃ নোমল মমিন বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত

ডাঃ নোমল মমিন বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত

31
0


ষ্টাপ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ মে’ :
আজি বিধানসভাত বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনক উপাধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচন কৰা হয়। আজি উপাধ্যক্ষৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা আছিল যদিও একমাত্ৰ নোমল মমিনৰ নামটো প্ৰস্তাৱ হোৱাত বোকাজানৰ বিধায়কগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাই উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। উল্লেখ্য যে বিধায়কগৰাকীক উপাধ্যক্ষ হিচাপে তিনিখন মনোনয়ন দাখিল কৰা হৈছিল। প্ৰথমখনত ডাঃ নোমল মমিনক উপাধ্যক্ষ হিচাপে ৰঞ্জিত দাসে প্ৰস্তাৱ উত্থাপন কৰাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাই সমৰ্থন জনাইছিল। দ্বিতীয়খনৰ প্ৰস্তাৱকাৰী হিচাপে আছিল অতুল বৰা আৰু সমৰ্থন জনাইছিল কেশৱ মহন্তই। তৃতীয়খনত উৰ্খাও গৌড়া ব্ৰহ্মই প্ৰস্তাৱ উত্থাপন কৰিছিল আৰু সমৰ্থন জনাইছিল লৰেন্স ইছলাৰীয়ে। ইপিনে উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত আদৰণি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিকিৎসক হিচাপে থকা তেওঁৰ দক্ষতাৰ শলাগ লোৱাৰ উপৰি খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোক হ’লেও আন ধৰ্মৰ প্ৰতি থকা তেওঁৰ শ্ৰদ্ধাৰ শলাগ লয়। ১৯৭২ চনত কাৰ্বি আংলãৰ বিলাওজানৰ এটা কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা ডাঃ নোমল মমিন পিতৃ-মাতৃৰ সপ্তমজন সন্তান আছিল। বালিপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৮৯ চনত ¦³¨লীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত অৰ্থৰ অভাৱত তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰিব পৰা নাছিল। ¦³¨লীয়া শিক্ষা গ্ৰহণ কৰাৰ সময়ত পুৱা ৪-৭ বজালৈ দৈনিক হাল বোৱা কাম কৰিছিল। পিছত ১৯৯৪ চনত তেওঁ গুৱাহাটীলৈ আহি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল আৰু ১৯৯৯ চনত জিএমচিএইচৰ পৰা এমবিবিএছ ডিগ্ৰী লোৱাৰ পিছত ২০০৩ চনত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা এমডি ডিগ্ৰী লাভ কৰিছিল। ২০১১ চনৰ পৰা ২০১৬ চনলৈকে তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে সেৱা আগবঢ়াইছিল। এই সময়ছোৱাত তেওঁ দুখীয়াৰ প্ৰতি তেওঁৰ বিশেষ উদাৰতাৰ বাবে বিশেষভাৱে তেওঁ জনপ্ৰিয় হৈ উঠিছিল। লক্ষণীয় যে এইবেলি বিধানসভাৰ অধ্যক্ষ আৰু বিধানসভাৰ উপাধ্যক্ষ দুয়োখন আসনতে জনজাতীয় প্ৰতিনিধি অধিষ্ঠিত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here