Home অসম যোৰহাট-মাজুলীৰ ফেৰী যাতায়াত সন্দৰ্ভত সংবাদমেলত সৰৱ সত্ৰাধিকাৰ ড॰ পীতাম্বৰ দেৱ গোস্বামী

যোৰহাট-মাজুলীৰ ফেৰী যাতায়াত সন্দৰ্ভত সংবাদমেলত সৰৱ সত্ৰাধিকাৰ ড॰ পীতাম্বৰ দেৱ গোস্বামী

300
0

পৰাণজ্যোতি বৰা, মাজুলী, ১৭ অক্টোবৰ: আউনীআটী সত্ৰৰ উদ্যোগত প্ৰত্যেক দুই বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ অহা অসম ভাওনা সমাৰোহ ২০২১ বৰ্ষ১১৯ জানুৱাৰী পৰা ১০দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব৷এই সন্দৰ্ভত আৰু মাজুলীৰ সাম্প্ৰতিক সমস্যাৰ বিষয়ক সত্ৰাধিকাৰ চৰাঁত অসম ভাওনা সমাৰোহ উদযাপন সমিতিয়ে আজি এখন সংবাদমেল সম্বোধন কৰে৷ অসম ভাওনা সমাৰোহৰ সভাপতি তথা আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে সংবাদ মেল সম্বোধন কৰি কয় যে-যোৱা জ্জ্ব ছেপ্টেম্বৰত হোৱা ফেৰী দুৰ্ঘটনাৰ পিছত যোৰহাট মাজুলী দলং সন্দৰ্ভত সজোৰে দাবী উঠিছে৷ কিন্তু দলং হোৱালৈকে যাতায়ত ব্যৱস্থা শোচনীয় হৈছে৷ সাধাৰণ যাত্ৰীয়ে জীয়াতু ভুগিব লগা হৈছে৷ এতিয়াও বহু লোকে নাও সমূহ পাৰ হবলৈ পুৱতি নিশাৰে পৰা ঘাটত অপেক্ষা কৰিব লগা হৈছে৷ চৰকাৰে ছিংগল ইঞ্জিনৰ যাত্ৰীবাহী ফেৰীৰ লগতে মালবাহী নাওঁ সমূহো বন্ধ কৰাত মাজুলীত খাদ্য সংকটো হৈছে৷ কথাবোৰ চৰকাৰে সহৃদয়তাৰে উপলব্ধি কৰিব লাগিব৷ মাজুলীৰ সূচল ফেৰী সেৱাৰ স্বাৰ্থত প্ৰতি ঘKI×াৰ মূৰে মূৰে এখন জাহাজ চলাচলৰ ব্যৱস্থা কৰিবলৈ সত্ৰাধিকাৰ গৰাকীয়ে চৰকাৰলৈ আহ৩ান জনায়৷ সত্ৰাধিকাৰ গৰাকীয়ে আৰু কয় যে- মেৰাইন ইঞ্জিন স্থাপিত হলেও কাঠৰ ছিংগল ইঞ্জিনৰ যাত্ৰীবাহী ফেৰী আমাক নালাগে৷ কিন্তু মাত্ৰ দুই চাৰি জন কৰ্মচাৰীৰে চলা মালবাহী ছিংগল ফেৰী সমূহ চৰ্ত সাপেক্ষে চলিব পাৰে বুলি তেওঁ সংবাদ মেলত মতপোষন কৰে৷ সত্ৰাধিকাৰ গৰাকীয়ে আৰু কয় যে কাইলৈৰ পৰাই মাজুলীত আৰম্ভ হ’ব শাৰদীয় উৎসৱ৷গতিকে সত্ৰাধিকাৰ গৰাকীয়ে আউনীআটী সত্ৰৰ কাতি বিহুৰ পৰম্পৰাগত আকাশবন্তি প্ৰজ্বলন অনুষ্ঠান,পালনাম, ৰাসোৎসৱৰ বাবে যাত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ সূচল ফেৰী যাতায়ত ব্যৱস্থাৰ ক্ষেত্ৰত কেইবাটাও প্ৰস্তাৱ সংবাদমেলৰ যোগেদি চৰকাৰৰ দৃষ্টিগোচৰ কৰে৷ প্ৰস্তাৱ কেইটাৰ ভিতৰত ক্ৰমে নিমাতি-কমলাবাৰী ফেৰী ঘাটত মুঠ ৬ খন আৰু অফলামূখ ঘাটত চ্ছ্ৰ খন জাহাজৰ ব্যৱস্থা কৰা,মেৰাইন ইঞ্জিনযুক্ত কাঠৰ যাত্ৰীবাহী ছিংগল ফেৰীত যাত্ৰীৰ পাৰাপাৰ বন্ধ ৰখা,খাদ্য সামগ্ৰীৰ নাটনিলৈ চাই মালবাহী চিংগল নাওঁ চলাচলৰ অনুমতি দিয়া,জাহাজ, ৰপে’ত যাত্ৰীৰ সংখ্যা বৃদ্ধি কৰা,কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ পুৱা জ্জ বজাৰ পৰা প্ৰতি ঘKI×াৰ মূৰে মূৰে জাহাজ চলাচলৰ ব্যৱস্থা কৰা,যাত্ৰীবাহী জাহাজৰ বাবে দুটা,পৰ্যটকৰ বাবে এটা,মালবাহীৰ জাহাজৰ বাবে এটাকৈ মুঠ চাৰিটা ৰেম্পৰ ব্যৱস্থা কৰা,আভ্যন্তৰীণ জল পৰিবহণৰ কৰ্মচাৰীৰ সহায়ত যাত্ৰীক সুৰক্ষা নিৰ্দেশনা প্ৰদান কৰা আদি বহুকেইটা প্ৰস্তাৱ চৰকাৰৰ দৃষ্টি গোচৰ কৰে৷ইফালে সংবাদ মেলত উপস্থিত থাকি অসম ভাওনা সমাৰোহ উদযাপন সমিতিৰ উপ সভাপতি প্ৰভাত বৰা বুঢ়াভকতে সূচল আৰু সুৰক্ষিত ফেৰী যাতায়ত সন্দৰ্ভত সকলো একমতত একত্ৰিত হব লাগে বুলি মন্তব্য কৰে৷ সত্ৰাধিকাৰ ° দেৱ গোস্বামীয়েও মাজুলীৰ উক্ত সমস্যা সন্দৰ্ভত সকলোকে মাৰবান্ধি থিয় হবলৈ আহ৩ান জনোৱাৰ লগতে পৰৱৰ্তী সময়ত মাজুলীৰ দল-সংগঠন তথা অন্যান্য স্তৰৰ প্ৰতিনিধি দল একত্ৰিত হৈ সকলো বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে সাক্ষাৎ হব লাগে বুলি তেওঁ মতপোষন কৰে৷ইফালে অহা ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হবলগীয়া অসম ভাওনা সমাৰোহত ভাওনা দল সমূহৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হোৱা বুলি মন্তব্য কৰে৷ সংবাদ মেলতে সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে জেংৰাইমূখ গড়মূৰ সংযোগী পথটোৰ নিৰ্মাণ খৰটকীয়া কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ সংবাদ মেলতে জ্যোতিষ কুমাৰ তামুলীক সভাপতি,ভাস্কৰ কটকী, বিপুল শইকীয়াক যুটীয়া সম্পাদক, তীৰ্থ ভূঞাক কাৰ্যকৰী সভাপতি,জীৱন বৰুৱা,যদু কলিতা,মিটু খাটনীয়াৰক উপ সভাপতি আৰু খগেন হাজৰিকাক উপদ্ৰেষ্টা হিচাপে লৈ এখনি ভাওনা সমাৰোহৰ প্ৰচাৰ সমিতি গঠন কৰে৷সংবাদ মেলত অসম ভাওনা সমাৰোহৰ কাৰ্যকৰী সভাপতি তথা আউনীআটী সত্ৰৰ ডেকাসত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী,প্ৰধান সম্পাদক তুলসী ৰাজখোৱাকে ধৰি বিষয়ববীয়া সকল উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here