Home Main Stories নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত ৰাজ্যৰ নৱ নিৰ্বাচিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ কুমাৰ পেগু

নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত ৰাজ্যৰ নৱ নিৰ্বাচিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ কুমাৰ পেগু

151
0

বিতোপন ফুকন, নাৰায়ণপুৰ, ১৫ মে : উত্তৰ অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান মাধৱদেৱ বিশ্ববিদ্যালয়ত উপাচাৰ্য নিযুক্তিৰ দুবছৰৰ পিছতো আজি পৰ্যন্ত আৰম্ভ নহ’ল পাঠদান । শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈয়েই তৎপৰ হৈছে ৰাজ্যৰ নৱ নিৰ্বাচিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ৷
আজি আবেলি চাৰি বজাত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয়খনৰ আন্ত:গাঁথনি বুজ লোৱাৰ লগতে বিশ্ববিদ্যালয়খনৰ সামূহিক কাম-কাজ পৰিদৰ্শন কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ৷
শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত খৰতকীয়াকৈ বিশ্ববিদ্যালয়খনৰ সকলোবোৰ কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে বিশ্ববিদ্যালয়খনত খালী হৈ থকা সকলো পদতে শীঘ্ৰে নিযুক্তি দিয়াৰ কথা অৱগত কৰে। ৰাজ্যৰ কভিড পৰিস্থিতিৰ লগত সামঞ্জস্য ৰাখি শিক্ষা বিভাগটো সম্পূৰ্ণ ডিজেটেল বিভাগ হিচাপে চলোৱাৰ বাবে শিক্ষা বিভাগে পূৰ্ণ প্ৰস্তুতি চলোৱাৰ সমান্তৰালকৈ ৰাজ্যৰ সকলো শিক্ষাৰ্থীৰ বাবে পাঠ্যপুথি পোৱাৰ আগতে অনলাইতে পঢ়িব পৰাকৈ সকলো কিতাপ উপলব্ধ কৰাবৰ বাবে ব্যৱস্থা ল’ব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷মেধাৱী ছাত্রীৰ বাবে বিতৰণ কৰিবলৈ থাকি যোৱা স্কুটিসমূহো এসপ্তাহৰ ভিতৰতে
বিতৰণ কৰিব বুলি প্ৰকাশ কৰে ৷ লগতে আইনৰ আওতাত থকা অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৰণৰ কাম সোনকালেই শেষ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
ইপিনে সাংবাদিকে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা কেতিয়াকৈ অনুষ্ঠিত কৰিব বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে কোভিডৰ পৰিস্থিতি সুস্থিৰ হ’লেই চৰকাৰে এই সম্পৰ্কত সিদ্ধান্ত লৈ ৰাজ্যবাসীক অৱগত কৰিব বুলি জনায়।
আনহাতে,উপাচাৰ্য নিযুক্তিৰ দুবছৰৰ পিছতো মাধৱদেৱ বিশ্ববিদ্যালয়ে পূৰ্ণাংগ ৰূপ নোপোৱাত ক্ষু্ণ্ন হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা ৷ উত্তৰ লখিমপুৰ মহকুমা আৰু নাৰায়ণপুৰ আঞ্চলিক ছাত্র সন্থাই বিশ্ববিদ্যালয়খনক পূৰ্ণাংগ ৰূপ দিয়াৰ দাবীৰে শিক্ষামন্ত্ৰী গৰাকীক এখন স্মাৰকপত্র দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here