Home Main Stories ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সৈতে ৰজিতা খুৱাই অসমৰ কৃষি শিক্ষাক আগুৱাই নিব লাগিব...

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সৈতে ৰজিতা খুৱাই অসমৰ কৃষি শিক্ষাক আগুৱাই নিব লাগিব : ডা: ৰণোজ পেগু

225
0

শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰ অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন

যোৰহাট , ১৯ জুন : ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সৈতে ৰজিতা খুৱাই অসমৰ কৃষি শিক্ষানীতি আগুৱাই নি সামগ্ৰিকভাৱে অসমৰ কৃষিখণ্ডৰ উত্তৰণৰ দিশত পদক্ষেপ লোৱাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে । মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে আজি অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে অনানুষ্ঠানিক মত বিনিময়ত এই বিষয়ে প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ কৃষিখণ্ডৰ যথেষ্ট সম্ভাৱনীয়তা আছে আৰু এই দিশত গৱেষণালব্ধ আচনি গ্ৰহণৰ জৰিয়তে সামগ্ৰিকভাবে আগবাঢ়ি যাব লাগিব । ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনৰ বৰ্তমানৰ শিক্ষা পদ্ধতিৰ সৈতে কৃষি শিক্ষাৰ্থী সকলক সময়ৰ সৈতে আগুৱাই যোৱাৰ বাবে প্ৰস্তুত কৰিব লাগিব । পৰম্পৰাগত কৃষি পৰিবেশক পৰ্যটনৰ সৈতে সংপৃক্ত কৰি এই দিশত এক বিশেষ গৱেষণালব্ধ অভিলাষী পৰিকল্পনা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ কথা সদৰি কৰি বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা পৰম্পৰাগত কৃষি পৰিবেশ পৰ্যটন প্ৰকল্পৰ বাবে সন্তোষ ব্যক্ত কৰে আৰু মন্ত্ৰীগৰাকীয়ে প্ৰকল্প ৰূপায়ন হবলগীয়া স্থানসমুহৰ চৰজমিন পৰ্যবেক্ষণ কৰে ।

এই প্ৰকল্পৰ জৰিয়তে এই দিশত আগুৱাই যোৱাৰ বাবে নিত্যনতুন আচনি প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । পৰ্যটন ক্ষেত্ৰৰ নতুন নতুন সম্ভাৱনীয়তাৰ সৈতে সংযুক্ত কৰি অসম কৃষি বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা পৰিকল্পনাৰ বিষয়ে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই মন্ত্ৰীগৰাকীক অৱগত কৰে আৰু মন্ত্ৰীগৰাকীয়ে এই দিশত দিহা পৰামৰ্শ আগবঢ়াই চৰকাৰীভাবে সম্ভৱপৰ সহায় সহযোগিতাৰ আশ্বাস দিয়ে । তদুপৰি এই দিশত বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰি পুনৰ বিশ্ববিদ্যালয় পৰিয়ালৰ সৈতে আলোচনা কৰিব বুলি প্ৰকাশ কৰে । মন্ত্ৰীগৰাকীয়ে আজি পুৱাই বিশ্ববিদ্যালয়খনত উপস্থিত হৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে এক পৰ্যালোচনাত মিলিত হয় ।

এই পৰ্যালোচনাত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন গোহাই উপস্থিত থাকে । ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ বাগিচা তথা অসম কৃষি বিশ্ববিদ্যালয়ে ৰূপায়ন কৰিব খোজা প্ৰস্তাবিত পৰম্পৰাগত কৃষি পৰিবেশ পৰ্যটন প্ৰকল্পস্থলী পৰিদৰ্শন কৰে । মন্ত্ৰীগৰাকীক বিভাগীয় মুৰব্বী তথা বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞাই আদৰণি জনাই । মন্ত্ৰীগৰাকীৰ পৰিদৰ্শন কালত বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য , কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকা , সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক , সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদ প্ৰমুখ্যে কেবাজনো অধ্যাপক আৰু বিষয়াই সহযোগ আগবঢ়াই ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here