Home অসম অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিবই লাগিব: ড॰ সমুজ্বল কুমাৰ ভট্টাচাৰ্য

অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিবই লাগিব: ড॰ সমুজ্বল কুমাৰ ভট্টাচাৰ্য

564
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৮ অক্টোবৰ:
বৰাকত অসমীয়া ভাষাৰ শ্ৰাদ্ধ পতা সন্দৰ্ভত মুখ খুলিছে আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ তেওঁ কয় যে অসমত অসমীয়া ভাষাক অপমান সহ্য কৰা নহ’ব৷ অসম চৰকাৰে কি দায়িত্ব পালন কৰিব সেয়া লক্ষণীয় হ’ব৷ বিভিন্ন চক্ৰই বিভিন্ন ধৰণে বিষয়টোক আগুৱাই নিবলৈ চেষ্টা কৰা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ভট্টাচাৰ্যই৷ অসমত অসমীয়া ভাষাৰ মৰ্যাদা অটুট ৰাখিবলৈ অসম চৰকাৰক হাতে-কামে পদক্ষেপ গ্ৰহণ কৰি দেখুৱাবলৈ আহ্বান জনায় ভট্টাচাৰ্যই৷ কেন্দ্ৰীয় চৰকাৰে গঠন কৰা উচ্ছস্তৰীয় কমিটীৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আকৌ এবাৰ বুজাই গ’ল এই ঘটনাই৷ উচ্ছস্তৰীয় কমিটীৰ প্ৰতিবেদনত সুৰক্ষাৰ বাবে সকলো কথা উল্লেখ আছে বুলি ভট্টাচাৰ্যই উল্লেখ কৰে৷ ইপিনে, আল কায়দাৰ ভাবুকি সন্দৰ্ভত ভট্টাচাৰ্যই কয় যে আজিলৈ ভাৰত-বাংলা সীমান্ত ছীল কিয় নহ’ল৷ উচ্ছতম ন্যায়ালয়ে কেতিয়াবাই অসমত বহিঃআগ্ৰাসন হোৱা বুলি কোৱাৰ পিছতো চৰকাৰ কিয় নিমাত বুলি প্ৰশ্ন কৰে৷ মৌলবাদীক পুলিয়ে-পোখাই উভালিব লাগিব৷ অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here