Home অসম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনমুখী ক’লাৰ জৰিয়তে জাতীয় জীৱনক আগুৱাই নিছিল: ড॰ সমুজ্জ্বল...

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনমুখী ক’লাৰ জৰিয়তে জাতীয় জীৱনক আগুৱাই নিছিল: ড॰ সমুজ্জ্বল ভট্টাচাৰ্য

68
0


বাবুমণি শৰ্মা, মৰিগাঁও, ২০ জুন ঃ জীৱনমুখী কলাৰ জৰিয়তে জাতীয় জীৱনক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই আগুৱাই নিয়াৰ প্ৰয়াস কৰিছিল৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি বৰ অসমখনক আগুৱাই নিবলৈ প্ৰচেষ্টা চলাইছিল৷ বিষ্ণু ৰাভাই কবিতাৰ জৰিয়তে অসমত বসবাস কৰা সকলোকে জাগ্ৰত কৰি আগুৱাই নিবলৈ কবিতা ৰচনা কৰিছিল৷ অন্যায় আৰু শোষণৰ বিৰুদ্ধে কেনেকৈ প্ৰতিবাদ সাব্যস্ত কৰি ৰাইজে ন্যায় লাভ কৰিব পাৰে, তাৰেই সন্ধান দি গৈছে বিপ্লৱী শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই৷ অসম চৰকাৰে বিষ্ণু ৰাভাক কলাগুৰু বুলি ক’লেই নহ’ব, কথাৰে-কামেৰে প্ৰতিষ্ঠা কৰিব লাগিব——আজি মৰিগাঁৱত এই মন্তব্য প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যৰ৷ মৰিগাঁৱত কালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আছুৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসত আজি অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত মুখ্য উপদেষ্টা ড॰ ভট্টাচাৰ্যই কয় যে বিজ্ঞান সন্মতভাৱে চৰকাৰে বান-গৰাখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাত আজি বিপ্লৱী শিল্পীগৰাকীৰ সমাধিস্থলী পানীৰ তলত৷ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি যদি অসম চৰকাৰৰ শ্ৰদ্ধা আৰু ভক্তি আছে, তেন্তে ৰাভাৰ সমাধিস্থলী সৰ্বাংগীণ সুন্দৰ নিৰ্মাণেৰে প্ৰমাণ কৰক বুলি ড॰ ভট্টাচাৰ্যই মন্তব্য প্ৰকাশ কৰাৰ উপৰিও তেওঁ পুনৰ কয় যে অসমবাসীয়ে আন্দোলন নকৰাকৈ আজিলৈকে একোৱেই নাপালে৷ সদৌ অসম ছাত্ৰ সন্থাই অসমীয়া খিলঞ্জীয়া লোকক সুৰক্ষিত কৰাৰ স্বাৰ্থত সংগ্ৰাম আগুৱাই নিবলগীয়া হৈছে বুলি আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই ভাষণ প্ৰসংগত উল্লেখ কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ সভাপতিত্ব অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট লোক-সংস্কৃতিবিদ ড॰ অনিল শইকীয়াই বিপ্লৱী শিল্পীগৰাকীৰ বৰ্ণময় সৃষ্টিৰাজিৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে৷ মুকলি সভাত মঞ্চ উদ্বোধন কৰাৰ পিছতেই অজিত শৰ্মা আৰু নৱ ৰাজনৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ ‘তমোহৰ’ আৰু ‘মৰিগাঁও ঐতিহ্য’ নামৰ দুখন গ্ৰন্থ উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই৷ গাম্ভীৰ্যপূৰ্ণ মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ছাত্ৰ সন্থাৰ দৃষ্টিভংগী বিস্তৃতভাৱে আলোকপাত কৰাৰ পিছতে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াই অহা মৰিগাঁৱৰ চাৰিগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে বিশিষ্ট ভাস্কৰ্য শিল্পী নৰেশ বিশ্বাসৰ লগতে বিশিষ্ট মুখাশিল্পী খৰ্গেশ্বৰ বৰদলৈ, বিশিষ্ট জিকিৰ শিল্পী আব্দুল ৱাহেব আৰু বিশিষ্ট বয়নশিল্পী নমী বড়োক আছুৰ কেন্দ্ৰীয় নেতৃত্বই বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে৷ ৰাভাৰ অমৰসৃষ্টি গীতেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা মুকলি সভাত অভ্যৰ্থনা সমিতিৰ সভাপতি পোনাৰাম নাথকে ধৰি সন্মানীয় অতিথি হিচাপে কেন্দ্ৰীয় আছুৰ দুই উপদেষ্টা প্ৰকাশ দাস আৰু উদ্দীপজ্যোতি গগৈ, বিশেষ আমন্ত্ৰিত অতিথি হিচাপে সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি দীপক আমচং, আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি নাৰায়ণ নাথে ৰাভাৰ চিন্তা-চেতনাৰ ওপৰত আলোকপাত কৰে৷ আজি কেন্দ্ৰীয় ৰাভা দিৱসৰ পুৱা ভাগত আছুৰ কেন্দ্ৰীয় উপ-সভাপতি উৎপল শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে আছুৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভণি কৰে৷ তাৰ লগতে এটি সমৱেত সংগীত আৰম্ভ হোৱাৰ সমান্তৰালকৈ শ্বহীদ তৰ্পণ কৰে আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই৷ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগতেই বিষ্ণু ৰাভাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে আছুৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই৷ ইফালে,কালিৰে পৰা মৰিগাঁও উচ্ছতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত দুদিনীকৈ অনুষ্ঠিত কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসত পুৱা তোৰণ মুকলিৰ পিছতেই কাৰ্যসূচী অনুসৰি সদৌ অসম ভিত্তিত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ ইপিনে, আজি সন্ধিয়াৰ ভাগত মৰিগাঁৱৰ স্থানীয় শিল্পীয়ে সমবেত সংগীতেৰে সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ ত াৰ পিছতেই অসমৰ জনপ্ৰিয় শিল্পী তৰালী শৰ্মাকে ধৰি মানস ৰবীন, নিৰ্মালী দাসৰ লগতে নীল আকাশ, দীপলিনা ডেকা আৰু ৰিচা ভৰদ্বাজৰ গীতৰ অনুষ্ঠানে আছুৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচী সামৰণি পৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here