ষ্টাফ ৰিপ’ৰ্টাৰ, যোৰহাট, ৬ মাৰ্চ: যোৰহাট জিলা সাহিত্য সভাই আজি ‘শংকৰী সাহিত্য-সংস্কৃতি বঁটা – ২০২১ শংকৰী সাহিত্যৰ বিশিষ্ট গৱেষক নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ সঞ্জীৱ কুমাৰ কাকতিক প্ৰদান কৰে৷ এই উপলক্ষে যোৰহাট জিলা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয় সমাজৰত্ন ডাঃ নবীন চন্দ্ৰ বৰদলৈ স্মৃতি সদনত জিলা সাহিত্য সভাৰ সভাপতি ডাঃ ৰাতুল চন্দ্ৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক মাধৱ মহন্তই৷ মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভীমকান্ত নাথে উদ্বোধন কৰা সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্তই কয় যে মহাপুৰুষ জনাই জাতীয় জীৱনলৈ দি যোৱা আদৰ্শ, সৃষ্টিৰাজি আৰু কৰ্মৰাজিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি সকলোৱে একাত্মভাৱে কাম কৰি যোৱাটো সময়ৰ আহ৩ান আৰু নৱ প্ৰজন্মক বাট দেখুৱাই লৈ যোৱাটো জ্যেষ্ঠসকলৰ দায়িত্ব আৰু কৰ্তব্য৷ সভাত আনুষ্ঠানিকভাৱে ড॰ সঞ্জীৱ কুমাৰ কাকতিক ‘শংকৰী সাহিত্য-সংস্কৃতি বঁটা-২০২১’ প্ৰদান কৰে৷ বঁটাৰ লগত গামোচা, চেলেং, গ্ৰন্থৰ টোপোলা, প্ৰশস্তি-পত্ৰ আৰু নগদ ধনেৰে সন্মানিত কৰা হয়৷ বঁটা গ্ৰহণ কৰি ড॰ কাকতিয়ে কয় যে এই স্বীকৃতিয়ে গুৰুজনাৰ সৃষ্টি আৰু কৰ্মৰাজিক বিশ্ব দৰবাৰলৈ নিয়াৰ ক্ষেত্ৰত আমাক অধিক দায়বদ্ধ কৰি তুলিলে৷ উক্ত অনুষ্ঠানতে ‘শ্ৰীমন্ত শংকৰদেৱৰ ভাষা চৰ্চা’ শীৰ্ষক বক্তৃতা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড॰ বসন্ত কুমাৰ গোস্বামীয়ে৷ সভাতেই ড॰ ৰাতুল চন্দ্ৰ বৰাৰ ‘শ্ৰীমন্ত শংকৰদেৱৰ মানৱতাবাদী চিন্তা আৰু সাম্প্ৰতিক সমাজ’ শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে৷ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড॰ জ্যোতিৰেখা হাজৰিকাই৷ অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়, যোৰহাটৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা বিনিতা দত্ত আৰু গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুৰেন্দ্ৰ মোহন হাজৰিকাই৷ অনুষ্ঠানত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ৰমানন্দন বৰা, সাংগঠনিক সম্পাদক ক্ষীৰোদ দাস, প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱা, জিলাৰ প্ৰাক্তন সভাপতি শীতলা গগৈ বৰা, বীণা বৰুৱা, মৃণালিনী গোস্বামী, প্ৰফুল্ল ভূঞা, মিতালী শইকীয়া, আৰেছা বেগম, স্নেহাজোনালী দত্ত, ড॰ প্ৰদীপ কুমাৰ বৰুৱা, বাবুলাল গড়, যুগল কিশোৰ আগৰৱালা প্ৰমুখ্যে বহুতো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ বৰভেটা শাখা সাহিত্য সভাৰ মহিলাসকলে পৰিৱেশন কৰা ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতেৰে আৰম্ভ হোৱা সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ সংগীত মহাবিদ্যালয়ৰ শিল্পীবৃন্দই বৰগীত, শিল্পী জয়ন্ত নাথে বেজবৰুৱা ৰচিত এটি গীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ শলাগৰ শৰাই আগবঢ়ায় জিলাৰ সহকাৰী সম্পাদক সুদীপ্ত নয়ন গোস্বামীয়ে৷