Home Main Stories সমাগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ! সংবাদমেল অনুষ্ঠিত কৰি ডাঃ...

সমাগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ! সংবাদমেল অনুষ্ঠিত কৰি ডাঃ তুলিৰাম ৰংহাঙে দাঙি ধৰিলে বিগত কাৰ্যকালৰ উন্নয়ণৰ খতিয়ান

239
0

গণবাৰ্তা বিশেষ,ডিফু, ২ জানুৱাৰী : সমাগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন৷ এইলৈ দেউবাৰে ইংৰাজী নৱবৰ্ষ ২০২২ ৰ আৰম্ভনিতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফু স্থিত কাছা সভা কক্ষত এক সংবাদমেলৰ আয়োজন কৰি জিলাখনত গ্ৰহণ কৰা, আৰু ৰূপায়িত উন্নয়ণমূলক আঁচনি সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ সংবাদমেলত মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে কয় জিলাখনত স্থায়ী শান্তি ঘূৰি আহিছে, কুকি, ৰেংমা নগা সকলৰ সমস্যাৰ সন্দৰ্ভত আলোচনা হোৱা বুলি কয়৷ জিলাখনত এপিএছচি অথবা ইউপিএছচিত অৱতীৰ্ণ হব খোজা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে জিলাখনত বিনামূলীয়াকৈ কোচিঙৰ ব্যৱস্থাও কৰা হব বুলি পৰিষদৰ মূৰব্বী গৰাকীয়ে সংবাদমেলত জানিব দিয়ে ৷ ইয়াৰোপৰি পৰিষদীয় চৰকাৰখনৰ উদ্যোগ ৰূপায়ণ হোৱা বিভিন্ন উন্নয়ণ মূলক কাম-কাজ সম্পৰ্কে সম্পূৰ্ণ বাখ্যা আগবঢ়ায়৷ জিলা খনত নিৰ্মীয়মান আন মহাবিদ্যালয় সমূহৰ নিৰ্মাণ কাম এই বছৰৰ ভিতৰতে শেষ কৰা হব বুলি কৈ পশ্চিম কাৰবি আংলং জিলাৰ ডংকামোকামতো বিএড কলেজৰ কাম আৰম্ভ হোৱা বুলি উল্লেখ কৰে৷ লগতে ৩৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগীয়া তাৰলাংচৰ তাৰকা গৃহ, পশ্চিম কাৰবি আংলঙত ২০০খন বিচনাযুক্ত হাস্পাতাল , কাৰবি আংলঙত ১০০ খন বিছনাসৃযিক্ত হাস্পীতীল নিৰ্মাণৰ কাম আৰম্ভ  হোৱাৰ লগতে লাংলাকচ’ত সৈনিক স্কুল স্থাপনৰ অনুমোদন লাভ কৰা বুলি সদৰি কৰে তুলিৰাম ৰংহাঙে৷ আনহাতে হোজাই জিলাৰ লাংকাইনৰ উচ্ছেদ্ত অঞ্চলততিনি হাজাৰ বিঘা মাটি বিমান বন্দৰৰ বাবে আগবঢ়োৱা হৈছে বুলি জনায় ৷ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে ইতিমধ্যে পৰিষদৰ পৰা ডিপিআৰ বিচাৰিছে বুলিও ৰংহাঙে সংবাদমেলত উল্লেখ কৰে৷ বিশ্ববিদ্যালয় বাবেও ভাৰত চৰকাৰে পৰিষদৰ পৰা ভূমি বিচৰা বুলি কথা উল্লেখ কৰি পশ্চিম কাৰবি আংলঙ জিলাত বিভিন্ন ক্ষেত্ৰত পদৰ সৃষ্টি কৰা হব বুলি উল্লেখ কৰে৷ এই মাহৰ ভিতৰতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ৮০০ টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰাৰ লগতে নিযুক্তি প্ৰদান অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্বশৰ্মাৰ আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণুজ পেগু উপস্থিত থাকিব বুলি জানিব দিছে৷ পৰিষদীয় চৰকাৰৰ ৫ বছৰীয়া উন্নয়ণৰ খতিয়ান পুস্তাকাও প্ৰকাশ কৰালহব বুলি কয় ৰংহাঙে৷ মাৰ্চ মাহৰ পূৰ্বেই জিলাখনত বাছ টাৰ্মিনেল, ট্ৰাক টাৰ্মিনেল, লৰুলাংছত চন্দ্ৰচিং টেৰণ মেম’ৰিয়েল ক্লাৱৰ দুৱাৰ মুকলি  ডিফু নদীৰ সৌন্দৰ্য বৰ্ধন, ৰংথেয়াং অডিটৰিয়াম হল নিৰ্মাণ, ৰংখেলাং বজাৰৰ সমথানান্তৰণৰ কাম সম্পূৰ্ণ কৰা হব বুলি জনায়৷ আনহাতে টাউন হলৰ নাম কাৰি আদৰবাৰৰ সভাপতি চন্দ্ৰছিং টেৰণৰ নামেৰে নামাকৰণ কৰা হব বুলু মন্তব্য কৰে৷ ইয়াৰোপৰি মুখ্য কাৰ্যবাহী সদস্য গৰকীয়ে বিগত কাৰ্যকালত দুয়োখন পাহাৰীয়া জিলাত বিভিন্ন কাম হৈছে বুলি দাবী কৰি আৰু বহুতো কৰিবলগীয়া কাম আছে বুলি মন্তব্য কৰি ইংৰাজী ফকৰা যেজনা আওৰাই “ৰোম ওৱাজ নট বিল্ট ইন এ ডে বুলি উল্লেখ কৰে ৷”

LEAVE A REPLY

Please enter your comment!
Please enter your name here