Home Main Stories ‘অসমীয়াৰ এলাহৰ বাবে বাংলাদেশীয়ে বজাৰ দখল কৰিছে’- ডাঃ উমেশ চক্ৰৱৰ্তী

‘অসমীয়াৰ এলাহৰ বাবে বাংলাদেশীয়ে বজাৰ দখল কৰিছে’- ডাঃ উমেশ চক্ৰৱৰ্তী

267
0

গণ বাৰ্তা বাঁহজানী,২৮ ডিচেম্বৰ : নলবাৰী জিলাৰ বাঁহজানীৰ তিলানা যুৱক সংঘ প্ৰাংগনত লঘু উদ্যোগ ভাৰতী,পূৰ্বোত্তৰ প্ৰান্তৰ উদ্যোগত আজি থলুৱা লোক সংস্কৃতিৰ শিল্প জাপি, কাৰু, ক্ষুদ্ৰ উদ্যোগ, লাৰু,পিঠা,শিপিনীৰ তাত শিল্পৰ ভিত্তিত বজাৰ দখল সন্দৰ্ভত সজাগতা অনুষ্ঠানৰ লগতে প্ৰদৰ্শনীও(গ্ৰাম শিল্পী প্ৰকোষ্ঠ) কৰা হয়। তদুপলতা মনোজ লুন্দিয়াৰ সঞ্চালনাত আৰু লঘু উদ্যোগ ভাৰতীৰ উত্তৰপূৱৰ সম্পাদক অৰূপ বৰপূজাৰী আতঁ ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অখিল ভাৰতীয় ৰাষ্ট্ৰীয় সচিব সমীৰ মুন্দ্ৰা,ৰাষ্ট্ৰীয় সম্পাদক অসিষ দেউৰা, আৰ এছ এছৰ উত্তৰ অসম প্ৰান্তৰ ক্ষেত্ৰসংঘ চালক ডাঃ উমেশ চক্ৰৱৰ্তী, উদ্যোগপতি জি এল আগৰৱালা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰৱন্ধক চন্দন তালুকদাৰ, জাপি শিল্পৰ পূৱ নলবাৰী সমিতিৰ সভাপতি বিজয় তামুলী, তিলানা গাওঁৰ সম্পাদক মিন্টু তামুলী, সাংবাদিক ৰাজেন বৈশ্য, প্ৰাঞ্জল শৰ্মা সহ অসমীয়া থলুৱা লোকসংস্কৃতিৰ বিভিন্ন শিল্পীৰ সৈতে জড়িত শিল্পী সকল উপস্থিত থাকে। অনুষ্ঠান ভাষন ৰাখি ৰাষ্ট্ৰীয় সচিব সমীৰ মুন্দ্ৰাই কয় যে উৎপাদন কৰিলেই নহব। বজাৰ দখল কৰিবী লাগিব। প্ৰতিখন ৰাজ্যৰ সামগ্ৰী বিক্ৰী আৰু মেলা,প্ৰদৰ্শনী কৰিও লঘু উদ্যোগ ভাৰতী সজাগঁ কৰাৰ ব্যৱস্থা লব বুলি দোহাৰে। ভাৰতৰ সকলো সামগ্ৰীৰ দৰে অসমৰ শিপিনীৰ গামোচা, জাপি, কাৰু শিল্পৰ সামগ্ৰী সমূহে যাতে ভাৰতৰ বজাৰ দখল কৰিব পাৰে তাক পদক্ষেপ লোৱা হব বুলি ব্যক্ত কৰে। ডাঃ উমেশ চক্ৰৱৰ্তী ভাষনত কয় যে ভাৰত, অসমৰ সকলো গাঁও পূৰ্বতে আত্মনিৰ্ভৰশীল আছিল বাবেই ধৰ্ম, সংস্কৃতি আজিও ৰক্ষা হৈ আছে। বৰ্তমান পৰিস্থিতি জটিল। অসমীয়াৰ ভূমি বাংলাদেশী নিম্ন মূল্যত কৌশলকৈ ক্ৰয় কৰি বজাৰ দখল কৰিছে। গতিকে অসমীয়াই এলাহ কৰিলে নহব। গোট,সমবায় ভিত্তিত সামগ্ৰী উৎপাদন কৰি আত্মনিৰ্ভৰশীল হব লাগিব। অনুষ্ঠানত প্ৰকল্প প্ৰৱন্ধক চন্দন তলুকদাৰে কয় যে এজনে এটা কামহে কৰা দৰকাৰ। উৎপাদন কৰা জনে বিক্ৰীৰ কাম কৰিব নালাগে। বিগত বৰ্ষত নলবাৰীত ৰাজ সাহায্য যুক্ত ঋণ ১২৫ কোটি কোনো অনিয়ম নোহোৱাকৈ দিয়া হৈছে। যাৰ বাবে বেংকে এতিয়া উপযাচি ঋণ দিবলৈ আগবাঢ়ি আহিছে।একাত্ম ভাৱে কাম কৰিলে সকলোৱে সফল হব পাৰে বুলি দোহাৰে।শেষত ৰাষ্ট্ৰীয় সংগীত আৰু শান্তি মন্ত্ৰৰে সজাগতা অনুষ্ঠানৰ সামৰণি পৰে ।  

LEAVE A REPLY

Please enter your comment!
Please enter your name here