Home অসম ৰাজ্যত শুকাইছে বান : বানগ্ৰস্ত অঞ্চল ১২ জিলালৈ হ্ৰাস

ৰাজ্যত শুকাইছে বান : বানগ্ৰস্ত অঞ্চল ১২ জিলালৈ হ্ৰাস

284
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ ছেপ্তেম্বৰ : ৰাজ্যত বান শুকাবলৈ লৈছে যদিও বান শুকোৱাৰ পিছত উদ্ভৱ হোৱা পাৰ্শ্বক্ৰিয়াসমূহ পৰিলক্ষিত হৈছে। বান শুকোৱাৰ পিছত বিভিন্ন ৰোগ আৰু মহামাৰীয়ে বান বিধবস্ত অঞ্চলসমূহত গা কৰি উঠে। বিশেষকৈ পেটৰ ৰোগ আৰু ভাইৰেল জ্বৰৰ দৰে প্ৰাদূৰ্ভাৱ আৰম্ভ কৰে বান বিধবস্ত অঞ্চলত। ইতিমধ্যে বান শুকোৱাৰ পিছত বানগ্ৰস্ত অঞ্চলসমূহত চিকিৎসা ব্যৱস্থা কৰাৰ বাবে জিলা প্ৰশাসনসমূহে তৎপৰতা গ্ৰহণ কৰিছে। ইপিনে, ১২খন জিলালৈ হ্ৰাস পাইছে বান বিধবস্ত অঞ্চলৰ সংখ্যা। অৱশ্যে মৰিগাঁৱত এতিয়াও বান পৰিস্থিতি অপৰিৱৰ্তনীয় হৈ আছে। ৰাজ্যত বৰপেটা, চিৰাং, দৰং, ধেমাজি, গোলাঘাট, গোৱালপাৰা, কামৰূপ (মহানগৰ), কামৰূপ, লখিমপুৰ, নগাঁও, মৰিগাঁও, আৰু শোণিতপুৰ জিলাত বানে তাণ্ডৱ অব্যাহত ৰাখিছে। এই জিলাসমূহৰ ২৫টা ৰাজহ চক্ৰৰ ৪৫৭খন গাঁও জলমগ্ন হৈছে। তদুপৰি মৰিগাঁৱৰ মায়ং সম্পূৰ্ণৰূপে বানৰ কবলত আছে। ৰাজ্যৰ ভিতৰত মৰিগাঁও জিলাতে আটাইতকৈ অধিক অঞ্চল বানৰ কবলত পৰিছে। এতিয়ালৈকে জিলাখনত ২২১খন গাঁও জলমগ্ন হৈছে। মায়ঙত ৮৬খন গাঁও জলমগ্ন হোৱাৰ বিপৰীতে ভূৰাগাঁৱৰ ৬৪খন গাঁও জলমগ্ন হৈছে। বানৰ ফলত ৰাজ্যত ৪৩,৪১৬গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি ৰাজ্যৰ ১৫,৯৮১ হেক্টৰ কৃষিভূমি জলমগ্ন হৈছে। ইয়াৰ ভিতৰত দৰঙত ৭,৫৯১ হেক্টৰ কৃষিভূমি বানৰ কবলত পৰাৰ বিপৰীতে গোৱালপাৰাত৬৯৮ হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। ইতিমধ্যে বানাক্ৰান্তক সাহায্য প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰে তৎপৰতা গ্ৰহণ কৰিছে আৰু ১৪টা স্থানত আশ্ৰয় শিবিৰ স্থাপন কৰিছে। এতিয়ালৈকে বানৰ ফলত১৩জন লোকৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। কালিলৈকে বাৰজন লোকে বানত প্ৰাণ হেৰুৱাইছিল যদিও আজি আন এজন লোকে বানৰ ফলত প্ৰাণ হেৰুৱাবলগীয়াত পৰে। আজি মৰিগাঁও জিলাৰ মায়ঙত এজন লোকে বান পৰিস্থিতিৰ বাবে প্ৰাণ হেৰুৱায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here