Home Main Stories ধুবুৰীত ড্ৰাগছ আৰু মদৰ বিৰুদ্ধে অভিযান : ড্ৰাগছ আৰু মদ ...

ধুবুৰীত ড্ৰাগছ আৰু মদৰ বিৰুদ্ধে অভিযান : ড্ৰাগছ আৰু মদ সহ চাৰি জনক আটক

155
0

গণ বাৰ্তা বিশেষ, ধুবুৰী, ৩ জুন : বৰবিহ ড্ৰাগছ আৰু মদৰ বিৰুদ্ধে মাৰ বান্ধি উঠিছে ধুবুৰীৰ ৰাইজ তথা আৰক্ষী।জিলাখনৰ সদৰ আৰু বিভিন্ন ঠাইত ড্ৰাগছৰ অবাধ বেহা চলি থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। ইয়াৰ মাজতে আজি ধুবুৰীৰ আৰক্ষীয়ে এজন মদ সৰবৰাহকাৰী ব্যক্তিক আটক কৰে।
ধুবুৰীৰ নৱ নিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোজী ৰাণী শৰ্মাই আজি সাংবাদিকক জনোৱা মতে, এক গোপন সূত্ৰৰ ভিত্তিত, ধুবুৰীৰ আৰক্ষীয়ে এজন মদ সৰবৰাহীক আটক কৰিবলৈ সক্ষম হয়। ধুবুৰী চহৰৰ বাবা লোকনাথ ৰোডত আজি পুৱাই মদ সৰবৰাহী যুৱক জনক আটক কৰিবলৈ সক্ষম হয়। শংকৰ প্ৰসাদ নামৰ সৰবৰাহকাৰী যুৱক জনৰ পৰা আৰক্ষীয়ে, চুলাই, দেশী বিদেশী বৃহৎ পৰিমাণৰ মদ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, কম বয়সীয়া এই যুৱক জনে আগত খেলা ধুলাৰ লগত জৰিত আছিল যদিও দৰাচলতে এই জন যুৱকে বহু দিনৰ পৰা মদৰ ব্যৱসায় চলাই আহিছে বুলি স্থানীয় লোকে জানিব দিছে।
ইফালে, আজি দূপৰীয়া কলেজ নগৰ আৰক্ষী চকীৰ এটি সজাতি দলে, আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী তিনি জন যুৱকক আটক কৰে।
অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোজী ৰাণী শৰ্মাই আজি সাংবাদিকক জনোৱা মতে, এক গোপন সূত্ৰৰ ভিত্তিত, আজি ধুবুৰীৰ আৰক্ষীয়ে, ড্ৰাগছ সৰবৰাহকাৰী তিনি জন যুৱক আটক কৰিবলৈ সক্ষম হয়। ধুবুৰী চহৰৰ সংলগ্ন ঝগৰাৰপাৰ ভেটা বজাৰৰ পৰা আজি দূপৰীয়া ড্ৰাগছ সৰবৰাহকাৰী তিনি জন যুৱক জনক আটক কৰিবলৈ সক্ষম হয়। তেওঁলোক ক্ৰমে – ধুবুৰী সদৰ থানাৰ অন্তৰ্গত, ৰৌৱা দ্বিতীয় খণ্ডৰ সদাৰ আলীৰ পুত্ৰ আকবৰ আলি(৩৪) আৰু একেই গাঁওৰ আব্দুৰ ৰহমানৰ পুত্ৰ মোজাহাৰুল ইছলাম(২৪) আৰু ধুবুৰী চহৰৰ ১৪ ওৱাৰ্ডৰ ইন্দিৰা গান্ধী ৰোডৰ তজমূল হুছেইনৰ পুত্ৰ ইমৰান হুছেইন(২৪) বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।
ড্ৰাগছ সৰবৰাহকাৰী যুৱক তিনি জনৰ পৰা আৰক্ষীয়ে, বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত ব্যৱহৃত AS -17 / 7705 নম্বৰৰ দু – চকীয়া বাহন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, কম বয়সীয়া এই যুৱক তিনি জনে পূৰ্বৰে পৰা ড্ৰাগছ লগত জৰিত আছিল যদিও দৰাচলতে এই তিনি জন যুৱকে বহু দিনৰ পৰা ড্ৰাগছ ব্যৱসায় চলাই আহিছে বুলি স্থানীয় লোকে জানিব দিছে।
ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত আটক হোৱা যুৱক তিনি জনৰ ভিতৰত আকবৰ আলি, নামৰ যুৱক জন পঞ্চায়তৰ সদস্য বুলি জানিব পৰা গৈছে।
ধুবুৰীৰৰ পৰা ড্ৰাগছ আৰু মদৰ দৰে বৰবিহ দূৰ কৰিবৰ বাবে সকলো ৰাইজক একগোট হ’বলৈ আহবান জনাইছে ধুবুৰী আৰক্ষীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here