Home Editor's Pick ড্ৰাগ্চঃ অন্য এক ভয়াবহ মহামাৰী

ড্ৰাগ্চঃ অন্য এক ভয়াবহ মহামাৰী

534
0

✍️ খবিৰ আহমেদ

আজি কিছুদিন ধৰি বাতৰি কাকত আৰু টেলিভিজন চেনেলবোৰত ড্ৰাগ্চ অথবা নিচা জাতীয় বস্তু বিক্ৰী কৰা আৰু ব্যৱহাৰ কৰা মানুহবোৰৰ বাতৰি বৰকৈ ওলাই আছে। এইবোৰৰ পৰা এটা কথা স্পষ্ট হয় যে নতুন চৰকাৰ অহাৰ পিছৰ পৰা অসমৰ আৰক্ষী বিভাগে ড্ৰাগ্চৰ চোৰাং বজাৰ, চোৰাং বেপাৰী আৰু ইয়াক ব্যবহাৰ কৰা ব্যক্তি বিশেষকৈ যুবক-যুবতীৰ ওপৰত অধিক খড়্গহস্ত হৈ পৰিছে। ইয়াৰ বাবে আৰক্ষী বিভাগক ধন্যবাদ দিবই লাগিব। আমাৰ মাথো এটাই কথা যে আৰক্ষীৰ এই অভিযান যাতে  ধানখেৰৰ জুইৰ নিচিনা হঠাৎ জ্বলি উঠি হঠাৎ নুমাই নাযায়। ভবিস্যৎ প্ৰজন্মক নিশ্চিত ধ্বংসৰ  গৰাহৰ পৰা ৰক্ষা কৰিবলৈ হ’লে আৰক্ষীৰ এই অভিযান কোনো কাৰণতে স্তিমিত কৰিব নালাগিব, বৰং আৰু অধিক তীব্ৰতৰ কৰি তুলিব লাগিব।

আজিৰ দিনত ড্ৰাগ্চৰ দীঘল হাতোৰা সমাজ জীৱনৰ কিমান গভীৰলৈ শিপাই গৈছে সেই কথা আমি ওপৰে ওপৰে চালে অনুমান কৰিব নোৱাৰিম। কি গাৱলীয়া বা নগৰীয়া, ধনী বা দুখীয়া, অভিজাত অথবা সাধাৰণ শ্ৰেণীৰ লোক—সকলোকে এই বৰবিহ ড্ৰাগ্চৰ বিষম ফলাফলে চুই গৈছে। ক’বলৈ গ’লে ইয়ে অক্টোপাছৰ দৰে মেৰিয়াই লৈছে আমাৰ সমাজ, দেশ, সমগ্ৰ বিশ্ব। ৰাস্তাৰ সাধাৰণ এজন ঠেলাৱালা, ৰিক্সাৱালা, শ্ৰমিক, মজদূৰৰ পৰা আৰম্ভ কৰি বলিউডৰ চলচ্চিত্ৰ তাৰকালৈকে ড্ৰাগ্চৰ কবলত পৰি ককবকাই আছে। অভিনেতা সুশান্ত ৰাজপুতৰ আত্মহত্যাৰ সময়ত জনা গৈছিল যে বলিউডৰ বহুতো ৰথী-মহাৰথী সকলে নিয়মীয়াকৈ ড্ৰাগ্চ সেৱন কৰে। এই খবৰো পোহৰলৈ আহিছিল যে ড্ৰাগ্চ নহ’লে হেনো বলিউডৰ কোনো পাৰ্টী সম্পূৰ্ণ নহয়। যেনেদৰে সাগৰৰ তলত থকা বৰফৰ পাহাৰ (Ice-berg) বোৰৰ পানীৰ ওপৰৰ পৰা মাত্ৰ সামান্য এটা  অংশহে দেখাপোৱা যায়, ঠিক তেনেদৰে আমাৰ চাৰিওফালে চলি থকা বিৰাট-বিশাল  ড্ৰাগ্চ-সম্ৰাজ্যৰ আমি এটা অতি সামান্য অংশহে দেখা পাওঁ। সাগৰ তলিৰ বৰফৰ পাহাৰবোৰে যেনদৰে টাইটানিকৰ দৰে বিৰাট-বিশাল জাহাজবোৰৰ তলি ফুটা কৰি ডুবাই পেলায়, ঠিক তেনেদৰে ড্ৰাগ্চৰ দীঘল হাতোৰাইয়ো আমাৰ সমাজখনক লাহে লাহে এক অন্ধকাৰ জগতলৈ টানি লৈ গৈ আছে। 

 এই ড্ৰাগ্চ আৰু ড্ৰাগ্চ সেৱনকাৰীৰ উপদ্ৰব যে কেবল আমাৰ অসমত চলি আছে তেনেকুৱা কথা নহয়, সমগ্ৰ দেশ তথা সমগ্ৰ বিশ্ব আজি ড্ৰাগ্চৰ  আক্ৰমনত দিশাহাৰা। ম্যানমাৰ, থাইলেন্ড আৰু লাওচক ড্ৰাগচৰ সোণালী ত্ৰিভূজ (Golden triangle) বুলি কোৱা হয়। এই দেশ কেইখনৰ পৰা আমাৰ উত্তৰ পূবৰ ৰাজ্যবোৰৰ মাজেদি ড্ৰাগ্চ সমূহ প্ৰথমে ভাৰতৰ অন্য ৰাজ্যলৈ আৰু তাৰ পিছত পাকিস্থান, আফগানিস্থান আৰু ইৰাণলৈ পঠোৱা হয়। পাকিস্থান, আফগানিস্থান আৰু ইৰাণক হেনো কোৱা হয় ড্ৰাগ্চ সৰবৰাহৰ কাঁচি জোন (Crescent). ম্যানমাৰ, থাইলেন্ডৰ পৰা ড্ৰাগ্চবোৰ মনিপুৰ, নাগালেন্ড আৰু মিজোৰামৰ মাজেদি আহি অসম পায়হি।  অসম যিহেতু উত্তৰপূৰ্বাঞ্চলৰ দুৱাৰমুখ   গতিকে অসম হৈ পৰিছে ড্ৰাগ্চ ব্যৱসায়ৰ বাবে অতিকৈ সুবিধা জনক ঠাই, ভাৰতৰ অন্য ৰাজ্য সমূহলৈ  ড্ৰাগ্চ সৰবৰাহৰ এক বিশাল ক’ৰিডৰ। এনদৰে ড্ৰাগ্চ সৰবৰাহৰ বাবে গঢ়ি উঠিছে বিৰাট বিশাল আন্তৰ্জাতিক বজাৰ। সেই বজাৰ নিয়ন্ত্ৰণ কৰে আন্তৰ্জাতিক মাফিয়া সকলে। এই ড্ৰাগ্চ ব্যৱসায়ৰ লগত বহু দেশৰ বহু শক্তিশালী ৰাজনৈতিক ব্যক্তিও জড়িত হৈ আছে।সেয়েহে আজিৰ দিনত ড্ৰাগচৰ ব্যৱসায়ক নিয়ন্ত্ৰণ কৰা কথাটো ইমান সহজ হৈ থকা নাই । ইতিমধ্যে কিছুমান দেশে ড্ৰাগ্চ তৈয়াৰ কৰা গছ, লতাবোৰৰ ব্যৱসায়িক ভিত্তিত খেতি কৰিবলৈ লৈছে। সেয়েহে, সমাজ, দেশ তথা সমগ্ৰ বিশ্বৰ বাবে ই হৈ পৰিছে  অন্য এক অশিন সংকেত।

ব্ৰাউন ছুগাৰ, হেৰোইন, মাৰিজোনা (গাঞ্জা), অপিয়াম, মৰফিন আদি ড্ৰাগ্চ সমূহ জনপ্ৰিয় ড্ৰাগ্চৰ ভিতৰত পৰে। ইয়াৰোপৰি শিখৰ, গোটকা, ডেনড্ৰাইড, সাধাৰণ ক’ফ চিৰাপ আদিও মাত্ৰাধিক পৰিমানে সেৱন কৰিলে সেইবিলাকে নিচাযুক্ত দ্ৰব্যৰ নিচিনা কাম কৰে। সাধাৰণতে প্ৰশ্ন উঠে, মানুহে ড্ৰাগচ কিয় লয় বা কিয় সেৱন কৰে? মানুহে ড্ৰাগ্চ কিয় লয় এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি পোৱাটো ইমান সহজ নহয়। বিভিন্নজনে বিভিন্ন পৰিবেশ, পৰিস্থিতিত পৰি বা সমস্যাৰ সন্মুখীন হৈ ড্ৰাগ্চ লবলৈ আৰম্ভ কৰে। আধুনিক জীৱন যাত্ৰা দিনক দিনে জটিলৰ পৰা জটিলতৰ হৈ গৈ আছে। দৈনন্দিন জীৱনৰ জটিল সমস্যা সমূহৰ সমাধান বিচাৰি মানুহবোৰে কেবল দৌৰিছে আৰু দৌৰিছে। দৌৰি দৌৰি বহুতেই ভাগৰি পৰে, জীৱন যুদ্ধত পৰাজিত হৈ যায়। বহুতৰ বাবে ভবিস্যত জীবনৰ সকলো বাট-পথ বন্ধ হৈ যায়। আধুনিক জীৱনৰ  জটিল সমস্যাৰ সমূহৰ পৰা দূৰত থকা, দাৰিদ্ৰতা, হতাশা, দুশ্চিন্তা, দুৰ্ভাবনা, বিফলতা  আদি ক্ষন্তেকৰ বাবে পাহৰি থাকিবলৈকেও বহুতেই ড্ৰাগচ সেবন কৰে। ইয়াৰোপৰি নানাবিধ শাৰিৰীক উপসৰ্গৰ পৰা সাময়িক উপশম লাভ কৰাৰ উদ্দেশ্যে অথবা ওপৰঞ্চি শক্তি আহৰণ কৰাৰ বাবেও  বহুতেই ড্ৰাগ্চ ব্যবহাৰ কৰা দেখা যায়। ড্ৰাগ্চ বোৰৰ মাজত এনেকুৱা কিছুমান ড্ৰাগ্চ আছে যিবোৰৰ ব্যবহাৰে তৎক্ষণাত মানুহৰ মন-মেজাজ সলনি কৰি দিব পাৰে । কেতিয়াবা খেলুৱৈ কিছুমানেও খেলত উন্নত প্ৰদৰ্শনৰ বাবেও শক্তি দায়িনী ড্ৰাগ্চ ব্যৱহাৰ কৰে। এনেদৰে,  বয়সীয়াল মানহবোৰৰ ড্ৰাগ্চ লোৱাৰ কাৰণ হ’ল অতিমাত্ৰা ভয়, সংশয়, দুশ্চিন্তা-দুৰ্ভাবনা, পাৰিবাৰিক অশান্তি, ব্যসায়ত অনিশ্চয়তা, বৃত্তিগত সমস্যা ইত্যাদি।   

  কিন্তু কিশোৰ-কিশোৰী বা যুবক যুবতী সকলৰ ড্ৰাগ্চ লোৱাৰ কাৰণ কিছু বেলেগ।  কৈশোৰ বা যৌবন কালত নতুন বস্তুৰ সোৱাদ লবলৈ সকলোৰে মনত এক ধৰণৰ ঔৎসুকতা থাকে। বহুতো সময়ত যুবক-যুবতী সকলে মনোৰঞ্জনৰ বাবেও ড্ৰাগ্চ সেবন কৰা দেখা যায়। ড্ৰাগ্চ লোৱাৰ আটাইতকৈ ডাঙৰ কাৰকটো হৈছে সংগ আৰু বন্ধুবৰ্গৰ আবদাৰ। কিশোৰ-কিশোৰী আৰু যুবক-যুবতী সকলে একেলগে দল বান্ধি চলাফিৰা কৰি, আড্ডা মাৰি ভাল পায়।বন্ধুবৰ্গৰ দুই এজনে যদি ড্ৰাগ্চ সেৱন কৰে তেনেহ’লে ড্ৰাগ্চ সেৱন কৰা কেইজনে ড্ৰাগ্চ নোলোৱা কেইজনক অহৰহ ড্ৰাগ্চ লোৱাৰ বাবে হেচা প্ৰয়োগ কৰি থাকে। বন্ধু-বান্ধবৰ আবদাৰৰ প্ৰতি সঁহাৰি জনাই (কেতিয়াবা বন্ধুত্ব ভাঙি যোৱাৰ ভয়ত) হঠাৎ কোনোবা দিনা কিছু পৰিমানে লৈ লয়। সেয়াই আৰম্ভনি। মৰমতে মাক দেউতাকে দিয়া অধিক হাত খৰচৰ টকা, কেতিয়াবা মাক-দেউতাকৰ অনাদৰ অৱহেলা, অনুশাসনহীনতা, সঠিক দিহা-পৰামৰ্শৰ অভাবতো বহুতো যুবক যুবতীয়ে নিচাজাতীয় দ্ৰব্য লবলৈ আৰম্ভ কৰে। বন্ধু-বান্ধবৰ আবদাৰ অথবা ঔৎসুতকাৰ বশবৰ্তী হৈ কিছুদিন লোৱাৰ পিছত ড্ৰাগ্চ সেবন কৰাটো এটা অভ্যাস হৈ পৰে। 

ড্ৰাগ্চ লোৱা আৰম্ভ কৰিলে সাধাৰণতে মানুহবোৰে ঘৰৰ দুৱাৰ খিৰিকী বন্ধ কৰি অকল শৰীয়াকৈ থাকি ভাল পায়। কথা বতৰা কমকৈ কয়, খোৱা-লোৱাত ৰুচি নাথাকে, ব্যৱহাৰ পাতিৰ পৰিবৰ্তন হয়। লাহে লাহে লিখা পঢ়া, কেৰিয়াৰৰ প্ৰতি উদাসীন হৈ পৰে। লৰা ছোৱালীৰ মাজত এনেকুৱা লক্ষণবোৰ দেখা পালে মাক দেউতাকে অনতি বিলম্বে উপযুক্ত পদক্ষেপ লব লাগে, প্ৰয়োজন হ’লে বিশষজ্ঞৰ লগত কথা পাতিব লাগে। অতি মাত্ৰা ড্ৰাগ আসক্তিৰ ফলত কেৱল যে স্বাস্থ্যৰ অবনতি হয় বা মানসিক ভাবে ভাঙি পৰে তেনেকুৱা নহয়, ইয়াৰ ফলত বহুতো মাৰাত্মক বেমাৰত আক্ৰান্ত হৈ বহুতেই মৃত্যু মুখতো পৰে। কিছুমান ড্ৰাগ্চ বেজী লোৱা চিৰিঞ্জৰে লোৱা হয় আৰু লোৱাৰ সময়ত এটা চিৰিঞ্জ কেবাজনে ব্যৱহাৰ কৰে। ইয়াৰ ফলত প্ৰথমে হেপাটাইটিচ বেমাৰ হ’ব পাৰে আৰু তাৰ পৰা পিছলৈ গৈ এইচ আই ভি পজিটিভো হ’ব পাৰে। বিশেষজ্ঞ সকলৰ মতে মাত্ৰ কিছু বছৰৰ ভিতৰত অসমত হেপাটাইটিচ ‘চি’ ৰুগীৰ সংখ্যা দুগুনলৈ বৃদ্ধি পাইছে।

সমাজত ড্ৰাগ্চ সেৱন কাৰীৰ সংখ্যা ভয়াবহ ভাবে বৃদ্ধি পোৱাৰ বাবে শাৰিৰীক, মানসিক, চিকৎসাৰ সমস্যাৰ ওপৰিও  ই এটা ভয়াবহ আইন শৃংখলা জনিত সমস্যাত পৰিণত হৈছে। ড্ৰাগ্চ সেৱন কৰা হেজাৰ হেজাৰ যুবক-যুবতী সকলৰ জীৱনৰ যেন কোনো ভবিস্যত নাই, সিহঁত আজি হতাশাগ্ৰস্থ, সমাজৰ বোজা। সিহঁতৰ জীৱনৰ সকলো আশা-আকাংখা, জীয়াই থকাৰ স্বপ্ন  ভাঙি চূড়মাৰ হৈ গৈছে। তৰোপৰি সিহঁত সমাজৰ মূল সূঁতিৰ পৰা হেৰাই যোৱাৰ লগতে সিহঁতৰ পৰিয়াল  আৰু বৃহত্তৰ  সমাজ জীৱনো সমানেই ভুগিব লাগিছে। ড্ৰাগ্চৰ দীঘল হাতোৰা কেৱল চহৰতেই সীমাবদ্ধ হৈ থকা নাই, ই এতিয়া অসমৰ অতিকৈ পিছপৰা গাৱলৈকেও সম্প্ৰসাৰিত হৈ পৰিছে। ড্ৰাগ্চ মাফিয়াৰ এতিয়া লক্ষ্য হৈ পৰিছে ভিতৰুৱা গাওঁবোৰৰ বিশেষকৈ বেকাৰ যুবক সকল। শুনা যায় যে একোজন ড্ৰাগ্চ মাফিয়াৰ তলত বহুতো সহায়কাৰী থাকে। প্ৰতিজন সহায়কাৰীকেই একো একোটা অঞ্চল ভগাই দিয়া হয় আৰু সেই ভিতৰুৱা ঠাইবোৰত ড্ৰাগ্চ সৰবৰাহ কৰাৰ কাৰণে মাফিয়া বিলাকে সহায়কাৰী সকলক আনকি মটৰ চাইকেলো কিনি দিয়ে। বহুতো ঠাইত অৰ্থৰ বলত ড্ৰাগ্চ মাফিয়া সকলে গুৰু গোসাই নমনা হৈছে।  গাৱৰ ৰাইজ অথবা মফচলীয়া সাংবাদিক সকলে কেতিয়াবা ড্ৰাগ্চ মাফিয়াৰ বিৰূদ্ধে অভিযোগ কৰিলে বা বাতৰি কাকতত প্ৰকাশ কৰিলে মাফিয়াবোৰে অভিযোগকাৰীক প্ৰাণে মৰাৰ ভাবুকি পৰ্যন্ত দিয়ে।  কেতিয়াবা শুনা যায় যে ড্ৰাগ্চ ব্যৱসায়ী অথবা ড্ৰাগ্চ সেবনকাৰী সকলৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিলে আৰক্ষীয়ে সহাঁৰি নিদিয়ে। ড্ৰাগচ মাফিয়া আৰু আৰক্ষীৰ মাজত গোপন মিতিৰালি থকা বুলিও বহুতেই  অভিযোগ কৰে। 

এইটো কথাও ঠিক যে ড্ৰাগ্চৰ ভয়াবহতাক নিয়ন্ত্ৰণ কৰাৰ দায়িত্বটো কেৱল আৰক্ষীৰ ওপৰত ন্যস্ত কৰি আমি বৃহত্তৰ সমাজৰ মানুহে হাত সাবটি বহি থাকিলে নহ’ব। যিকোনো মূল্যৰ বিনিময়ত  ড্ৰাগ্চ সেৱনকাৰী সমাজৰ এই বৃহৎ জনসমষ্টিক মূলসূঁতিলৈ ঘূৰাই আনিব লাগিব। আৰু তাৰ বাবে আমি যথোপযুক্ত ব্যৱস্থা কৰিব লাগিব। আমি কি কৰিব পাৰো?  

নিৰাময়ৰ উপায় কি ?

  • আন্তৰ্জাতিক সীমাৰ যিবোৰ ৰাস্তাইদি এই ড্ৰাগ্চবোৰ আমাৰ ৰাজ্যত সোমায়, সেই ৰাস্তাবোৰেদি যাতে ড্ৰাগ্চ সোমাব নোৱাৰে তাৰবাবে কটকটীয়া ব্যবস্থা কৰিব লাগিব।
  • ড্ৰাগচ ব্যৱসায়ত জড়িত ব্যৱসায়িক সকলক কঠোৰ হাতে দমন কৰিব লাগিব। ইয়াত কোনো ফালৰ পৰা কোনো ধৰণৰ কম্প্ৰমাইজ হ’ব নালাগিব।
  • অনতিপলমে ড্ৰাগ্চ সম্পৰ্কীয় বিষয়বোৰ স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগিব।
  • ড্ৰাগ্চ আসক্ত ব্যক্তিবা যুবক যুবতীৰ কাউনছেলিংৰ বাবে প্ৰত্যেকখন আৰক্ষী চকীৰ অধীনত এটাকৈ কাউনছেলিং কেন্দ্ৰ গঢ়ি তুলিব লাগে। এই কাৰ্যত আৰক্ষীক সহায় কৰাৰ বাবে প্ৰতিখন থানা এলেকাত একোটাকৈ টাস্কফোৰ্চ গঠন কৰিব পৰা যায়।
  • প্ৰয়োজন হলে ড্ৰাগ্চ ব্যৱসায় আৰু ইয়াৰ ব্যৱহাৰক সামৰি আৰু অধিক কঠোৰ আইন প্ৰণয়ন কৰিব লাগিব আৰু তাক কঠোৰ হাতেৰে প্ৰয়োগ কৰিব লাগিব। 
  • মাক-দেউতাক, অবিভাবক আৰু সমজুৱা সকল সচেতন হ’ব লাগিব। ঘৰৰ বা সমাজৰ কোনো কিশোৰ-কিশোৰী, যুবক, যুবতী অথবা যি কোনো ব্যক্তিৰ কথাবতৰা বা চাল-চলনত কোনোধৰণৰ ব্যতিক্ৰমী কিছু দেখা পালে লগে লগেই  তাক অনুসৰণ কৰিব লাগে। বুজনিত সৈমান নহলে আৰক্ষীৰ বা বিশষজ্ঞৰ সহায় লাগে।

[ লেখকৰ ফোন নম্বৰ 📞  9954033111 ]

LEAVE A REPLY

Please enter your comment!
Please enter your name here