Home অসম পথ দুৰ্ঘটনাৰ কাৰণসমূহ পৰ্যালোচনাৰ অৰ্থে ডিটিঅ’সকলক আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ সৈতে তিনি...

পথ দুৰ্ঘটনাৰ কাৰণসমূহ পৰ্যালোচনাৰ অৰ্থে ডিটিঅ’সকলক আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ সৈতে তিনি মাহৰ মূৰে মূৰে বৈঠকত মিলিত হোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ : ৭৫ কোটি টকা ব্যয়েৰে ৰঙিয়াত স্থাপন হ’ব পুৰণি বাহন নষ্টকৰণ কেন্দ্ৰ

208
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ ছেপ্টেম্বৰ : পৰিবহণ বিভাগৰ সেৱাসমূহ অধিক নাগৰিককেন্দ্ৰিক কৰাৰ প্ৰয়াসৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জিলা পৰিবহণ বিষয়াসকলৰ সৈতে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই যান-বাহন চালনাৰ শিকাৰুৰ অনুজ্ঞা-পত্ৰ অনলাইনযোগে প্ৰাপ্তিৰ সুবিধা আৰু যান-বাহনৰ ফিটনেছ প্ৰমাণ-পত্ৰ নবীকৰণৰ সুবিধাৰ্থে ‘এম বাহন’ নামৰ এটা ‘এপ’ আনুষ্ঠানিকভাৱে মুকলি কৰে। উল্লেখ্য যে ‘এনআইচি’য়ে প্ৰস্তুত কৰা আধাৰভিত্তিক এই অনলাইন সুবিধাৰ জৰিয়তে এতিয়াৰে পৰা জনসাধাৰণে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ নোযোৱাকৈয়ে ঘৰৰ পৰাই ইণ্টাৰনেটৰ মাধ্যমেৰে পৰীক্ষা দি যান-বাহন চালনাৰ শিকাৰুৰ অনুজ্ঞা-পত্ৰ অনলাইনযোগে লাভ কৰিব। আনহাতে ‘এম বাহন’ নামৰ এপটোৰ সহায়ত এতিয়াৰে পৰা যান-বাহনৰ গৰাকীসকলে যি কোনো জিলা পৰিবহণ কাৰ্যালয়তে অসমত পঞ্জীয়ন কৰা বাহনৰ ‘ফিটনেছ’ প্ৰমাণ-পত্ৰ নবীকৰণ কৰিব পাৰিব। আজিৰ এই পৰ্যালোচনা বৈঠকত পৰিবহণ বিভাগৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে দায়িত্ব গ্ৰহণৰ পিছতে চৰকাৰখনক কেনেকৈ জনসাধাৰণৰ অধিক ওচৰ চপাই নিব পাৰি সেই উদ্দেশ্যে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে। জনসাধাৰণে যাতে কাৰ্যালয়লৈ নহাকৈয়ে ‘ভাৰ্চুৱেল মিডিয়া’ বা ইণ্টাৰনেটৰ সহায়ত যথেষ্টসংখ্যক চৰকাৰী সা-সুবিধা ঘৰতে লাভ কৰিব পাৰে তাৰ বাবেও চৰকাৰে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। এই দিশত পৰিবহণ বিভাগেও যাৱতীয় পদক্ষেপ ল’ব লাগিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই  বিভাগটোৰ গৰিষ্ঠসংখ্যক সেৱাই যাতে জনসাধাৰণে কাৰ্যালয়লৈ নহাকৈয়ে লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত ২০২২ চনৰ ১০ মে’ৰ ভিতৰত বিভাগৰ ১৮টা সেৱা অনলাইন মাধ্যমেৰে জনসাধাৰণলৈ আগবঢ়োৱাৰ  ব্যৱস্থা কৰাৰ সন্দৰ্ভতো আলোচনা কৰা হয়। আগন্তুক ৫ বছৰৰ ভিতৰত পৰিবহন বিভাগটোত ব্যাপক পৰিৱৰ্তন হ’ব লাগিব বুলি মন্তব্য কৰি তেওঁ পৰ্যালোচনা বৈঠকত উপস্থিত থকা জিলা পৰিবহণ বিষয়াসকলক উৎসৰ্গিত মনোভাবেৰে জনসাধাৰণৰ সেৱাত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰীয়ে পথ সুৰক্ষা সন্দৰ্ভতো বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে পথ দুৰ্ঘটনাৰ কাৰণসমূহ বিচাৰি উলিয়াই সেইবোৰৰ ওপৰত ধাৰাবাহিক গৱেষণা হ’লেহে দুৰ্ঘটনাৰ সংখ্যা কমাব পৰা যাব। এই ক্ষেত্ৰত তেওঁ জিলা পৰিবহণ বিষয়াসকলক আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে প্ৰতি তিনি মাহৰ মূৰে মূৰে মিলিত হৈ পথ সুৰক্ষাৰ ব্যৱস্থাৱলী পৰ্যালোচনা কৰি ইয়াৰ ভিত্তিত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে। আজিৰ এই অনুষ্ঠানতে পুৰণি পঞ্জীকৃত যান-বাহন নষ্ট কৰাৰ সুবিধা কেন্দ্ৰ স্থাপনৰ অৰ্থে পৰিবহণ বিভাগ আৰু কে ডি আইৰন এণ্ড ষ্টীল কোম্পানীৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। এই বুজাবুজিৰ চুক্তিমৰ্মে কামৰূপ জিলাৰ ৰঙিয়াৰ মৰাণজানাত ৭৫ কোটি টকা ব্যয়ৰে আয়ুসকাল উকলি যোৱা পুৰণি যান-বাহন সংগ্ৰহ তথা নষ্টকৰণৰ এই কেন্দ্ৰটি স্থাপন কৰা হ’ব। এই কেন্দ্ৰটোত প্ৰত্যক্ষভাৱে ৫০গৰাকী আৰু পৰোক্ষভাৱে ৫০০ গৰাকী লোকে নিয়োগৰ সুবিধা লাভ কৰিব। পৰিবহণ বিভাগৰ প্ৰধান সচিব কে কে দ্বিবেদীয়ে আদৰণী ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিন্‌হা, পৰিবহণ আয়ুক্ত আদিল খান তথা ৰাজ্যৰ আটাইকেইখন জিলাৰ জিলা পৰিবহণ বিষয়সকলকে ধৰি পৰিবহণ বিভাগৰ অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here