Home Main Stories শিলচৰত দুলু চাহ বাগানত শ শ জে চি বিৰে প্ৰশাসনৰ উচ্ছেদ অভিযান...

শিলচৰত দুলু চাহ বাগানত শ শ জে চি বিৰে প্ৰশাসনৰ উচ্ছেদ অভিযান ,বিষয়াৰ ওচৰত হিয়া ঢাকুৰি কান্দিলে শ্ৰমিকে :২৫০০ বিঘা চাহ বাগিচাত চলিল বুলডজাৰ

65
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ মে’ : প্ৰবল প্ৰতিবাদক নেওচি ১৪৪ ধাৰা জাৰি কৰি আজি পুৱাই কাছাৰ জিলাৰ দালু চাহ বাগিচাত প্ৰশাসনে চলায় উচ্চেদ অভিযান৷ গ্ৰীন ফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে বৃহৎ পৰিমাণৰ আৰক্ষী-অৰ্ধসামৰিক বাহিনী আৰু চৰকাৰী বিষয়াৰ উপস্থিতিত পুৱাই শতাধিক বুলডজাৰেৰে বাগিচাখনত উচ্চেদ অভিযান চলায়৷ এই উচ্চেদ অভিযানৰ সময়ছোৱাত প্ৰায় ৩০ লক্ষাধিক চাহগছ উভালি পেলোৱা হয়৷ চাহ বাগিচাখনৰ ২,৫০০ বিঘা ভূমিত আজি উচ্চেদ অভিযান চলে৷ উচ্চেদ অভিযান এনে সময়ত চলে যি সময়ত বাগিচাখনত কৰ্মৰত কৰ্মচাৰীসকলে ইয়াৰ প্ৰতিবাদ জনাই আহিছিল৷ প্ৰতিবাদৰ মাজতো প্ৰশাসনে উচ্ছেদ অভিযান চলায়৷ প্ৰশাসনৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি গ্ৰীন ফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে ত্ৰিছ লক্ষাধিকৰ অধিক চাহগছ উভালি পেলোৱা হৈছে৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই চলিত বছৰৰ ফেব্ৰুৱাৰীত ঘোষণা কৰিছিল যে দালু চাহ বাগিচাৰ এটা অংশ ব্যৱহাৰ কৰি বিমানবন্দৰ নিৰ্মাণ কৰা হ’ব৷ চৰকাৰে চাহ বাগিচাৰ ২,৫০০ বিঘা ভূমি ব্যৱহাৰ কৰি বিমানবন্দৰ নিৰ্মাণ কৰিবলৈ ৫০ কোটি টকা ব্যয় কৰিব বুলি ঘোষণা কৰিছিল৷ চাহ বাগিচাৰ কতৃৰ্পক্ষই চৰকাৰৰ সিদ্ধান্তত সন্মতি প্ৰকাশ কৰিছিল আৰু চৰকাৰৰ সৈতে এক চুক্তি কৰিছিল৷ কিন্তু শ্ৰমিকসকল অসন্তুষ্ট হৈ আছিল৷ কাছাৰৰ দালু চাহ বাগিচাৰ দুশতকৈ অধিক শ্ৰমিকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছিল আৰু কৰি আছে৷ যিহেতু তেওঁলোকৰ ভৱিষ্যতৰ সৈতে বাগিচাখন জড়িত হৈ আছে৷ এনেস্থলত বাগিচাখনত উচ্চেদ চলালে তেওঁলোক দিশহাৰা হৈ পৰিব৷ চৰকাৰলৈ বাগিচাত উচ্চেদ নচলাবলৈ আহ্বান জনাইছিল, কিন্তু চৰকাৰে দৃঢ় স্থিতিত অটল আছিল যে বাগিচাখনত উচ্চেদ চলাই বিমান বন্দৰ নিৰ্মাণ কৰা হ’ব৷ চৰকাৰৰ সৈতে বাগিচাখনৰ কৰ্মচাৰীসকলৰ সৈতে কে’বাবাৰো মিলিত হৈছিল যদিও তেওঁলোকে সফলতা লাভ কৰা নাছিল৷ কৰ্মচাৰীসকলে এবাৰ চৰকাৰক কৈছিল যে চাহ বাগিচাখনত উচ্চেদ চলোৱাৰ আগতে তেওঁলোকক হত্যা কৰিব লাগে৷ বিমানবন্দৰৰ প্ৰকল্পটো ঘোষণা কৰাৰ পিছৰে পৰাই কাছাৰ জিলাৰ প্ৰশাসনৰ বিষয়াসকলে বাগিচাখনৰ কৰ্মচাৰীসকলক সৈমান কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল যদিও কৰ্মচাৰীসকল সৈমান হৈ উঠা নাছিল৷ সেইবাবে কৰ্মচাৰীসকলে উচ্চেদ চলোৱাপৰ্যন্ত তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখে৷ প্ৰশাসনে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ১৪৪ ধাৰা জাৰি কৰি বাগিচাখনত পুৱাই বৃহৎ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী লৈ উচ্চেদ অভিযান চলায়৷ প্ৰশাসনে চাহ বাগিচাৰ মালিকসকলৰ সৈতে পৰামৰ্শৰ পিছত শ্ৰমিকসকলৰ মাজত ভৱিষ্য নিধি [ৰ.৫০ কোটি] আৰু গ্ৰেছুইটী [৮০ লাখ] অমীমাংসিত ধন বিতৰণ কৰে৷ কিন্তু শ্ৰমিকসকলে ইয়াৰ পিছতে কৈছিল যে এয়া তেওঁলোকৰ প্ৰাপ্যৰ ধন৷ প্ৰাপ্যৰ ধনহে মালিকপক্ষই ওভতাই দিছে৷ ইয়াৰ বিনিময়ত চাহগছ ধ্বংস কৰিবলৈ দিব নোৱাৰোঁ৷ প্ৰতিবাদৰ মাজতে মঙলবাৰে সন্ধিয়া দক্ষিণ অসমৰ ডিজিপি কংকনজ্যোতি শইকীয়া আৰু কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰণদ্বীৰ কৌৰৰ নেতৃত্বত চাহ বাগিচাত এক বিশাল ফ্লেগ মাৰ্চ উলিয়ায়৷ কৌৰে এই ফ্লেগ মাৰ্চ সন্দৰ্ভত কয় যে ফ্লেগ মাৰ্চ বাগিচাৰ শ্ৰমিকসকলক সন্ত্ৰসিত কৰাৰ বাবে নহয়, বৰঞ্চ আত্মবিশ্বাস গঢ়ি তোলাৰ বাবেহে৷ এইটো আত্মবিশ্বাস গঢ়ি তুলিবলৈ কৰা হৈছে যে কাৰণ চৰকাৰে বিশাল বিমানবন্দৰ নিৰ্মাণৰ পৰিকল্পনা কৰি আছে৷ উল্লেখ্য যে ফ্লেগ মাৰ্চ চলি থকাৰ সময়ত স্থানীয় চাহ বাগিচাৰ কৰ্মচাৰীসকলৰ মনত এক আশংকা উদয় হৈছিল যে শীঘ্ৰে প্ৰশাসনে বাগিচাখনত উচ্চেদ অভিযান চলাব৷ সেইবাবে বুধবাৰে হাজাৰ হাজাৰ শ্ৰমিকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই বুধবাৰে কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জাল্লিয়ে হঠাতে দালু চাহ বাগিচা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত ১৪৪ ধাৰা জাৰি কৰে আৰু ইয়াৰ দ্বাৰা এইটো ইংগিত দিয়া হৈছে যে শীঘ্ৰে বাগিচাখনত উচ্চেদ অভিযান চলিব৷ ১৪৪ ধাৰা জাৰি কৰাৰ পিছতেই শ শ জেচিবি দালু চাহ বাগিচাত আহি উপস্থিত হয়৷ আজি পুৱা প্ৰায় পাঁচ বজাত বাগিচাখনৰ নিৰ্বাচিত অংশসমূহ আৰক্ষী বাহিনীয়ে ঘেৰি ৰাখে যাতে শ্ৰমিকসকল তাৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে আৰু এনেদৰে বাগিচাখনত প্ৰশাসনে জেচিবিৰে উচ্চেদ অভিযান আৰম্ভ কৰে৷ এটা সময়ত শ্ৰমিকসকল অসহায় হৈ পৰা দেখা যায়৷ তেওঁলোকে নিৰাপত্তাৰক্ষী আৰু চৰকাৰী বিষয়াসকলৰ সন্মুখত কান্দিবলৈ আৰু ভিক্ষা মাগিবলৈ আৰম্ভ কৰে৷ যাতে তেওঁলোকে উচ্চেদ অভিযান স্থগিত ৰাখে৷ কিন্তু ইমানৰ পিছতো কৰ্মচাৰীসকলৰ কান্দোনত ভোল নগ’ল প্ৰশাসন৷ প্ৰশাসনে উচ্চেদ অভিযান চলাই যায়৷ প্ৰশাসনে কৰ্মচাৰীসকলক সেই স্থানৰ পৰা আঁতৰাই পঠিয়ায়৷ অসহায় হৈ পৰা কৰ্মচাৰীসকলৰ কান্দোনৰ ৰোলে বাগিচাখনৰ চৌপাশ সেমেকা কৰি তোলে৷
অসম মজুৰি শ্ৰমিক ইউনিয়ন, ঝাড়খণ্ডী আদিবাসী সংগ্ৰাম পৰিষদৰ সঁকীয়নি
গুৱাহাটী-গোলাঘাট-যোৰহাট ঃ অসম মজুৰি শ্ৰমিক ইউনিয়ন আৰু ঝাড়খণ্ডী-আদিবাসী সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আজি বাতৰি কাকতলৈ দিয়া এটা বিবৃতিত বৰাক উপত্যকাৰ ডলু-লালবাগ-ময়নাগড় বাগিচাত ২,৫০০ বিঘা মাটিত চাহগছ আৰু চাহ মজদুৰ উচ্ছেদ কৰি তথাকথিত গ্ৰিনফিল্ড আন্তৰ্জাতিক বিমান বন্দৰ প্ৰতিষ্ঠা কৰাৰ ঘোৰ বিৰোধিতা কৰিছে৷ ইউনিয়নৰ সভাপতি বিপুল হাজৰিকা, কাঃ সভাপতি কৃষ্ণকান্ত গগৈ আৰু পৰিষদৰ সভাপতি ৰবছন মুণ্ডা, প্ৰঃ সম্পাদক ৰতন হে¥্ৰ¤মে বাতৰি কাকতলৈ দিয়া এটা বিবৃতিত ডলু-লালবাগৰ দুটাকৈ গণ শুনানিত হাজাৰ হাজাৰ মজদুৰে একমুখে এই বিমানবন্দৰৰ বিৰোধিতা কৰাৰ পাছত, দুই সহস্ৰাধিক চাহ মজদুৰে লিখিতভাৱে তেওঁলোকৰ হৈ অসম মজুৰি শ্ৰমিক ইউনিয়নে প্ৰশাসনৰ লগত যোগাযোগ কৰিব বুলি কোৱাৰ পাছত ইউনিয়নে উক্ত বক্তব্য বাৰম্বাৰ মৌখিক আৰু লিখিতভাৱে প্ৰশাসনক জনোৱাৰ পাছত বিশাল সশস্ত্ৰ বাহিনী আৰু শ শ জেচিবি এক্সেভেটৰ লৈ কৰা এই উচ্ছেদ ফেচিষ্ট উচ্ছেদ৷ ইউনিয়ন আৰু পৰিষদে অতি শীঘ্ৰে এই উচ্ছেদ উৎখাত অভিযান বন্ধ কৰাৰ আৰু আৰক্ষী তথা সশস্ত্ৰ বাহিনী অবিলম্বে প্ৰত্যাহাৰ কৰাৰ দাবি কৰে৷ বিমানবন্দৰ-‘বিকাশ’ এইবোৰ হৈ থাকক; কিন্তু মানুহৰ জীৱন-জীৱিকা, প্ৰকৃতি আৰু চাহশিল্পৰ বিনিময়ত নহয়৷ এই দেৱালৰ লিখন যদি শাসককুলে পঢ়িব নোৱাৰে তেনেহ’লে গণতান্ত্ৰিকভাৱে তাৰ প্ৰতিৰোধ হ’ব৷ সংগঠন দুটাই ৰাজ্যৰ সকলো চাহ মজদুৰ আদিবাসী তথা গণতান্ত্ৰিক সংগঠনক ডলু-লালবাগৰ শ্ৰমিকৰ সমৰ্থনত ৰাজ্যজুৰি প্ৰতিবাদ সংগঠিত কৰিবলৈ আহ৩ান জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here