Home স্থানীয় আমেৰিকালৈ অতিথি অধ্যাপক হিচাপে ডুমডুমাৰ ড° অৰ্ণৱ নাৰায়ণ পাটোৱাৰী

আমেৰিকালৈ অতিথি অধ্যাপক হিচাপে ডুমডুমাৰ ড° অৰ্ণৱ নাৰায়ণ পাটোৱাৰী

322
0

মাইনু মৰাণ, ডুমডুমা, ১৪ মাৰ্চঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ ৰহা মীন মহাবিদ্যালয়ৰ অধ্যাপক ড° অৰ্ণৱ নাৰায়ণ পাটোৱাৰীয়ে ইণ্ডিয়ান কাউন্সিল অৱ এগ্ৰিকালছাৰেল ৰিছাৰ্ছ (চি এ আৰ)ৰ নেচনেল এগ্ৰিকালছাৰেল হায়াৰ ইডুকেচন প্ৰজেক্ট (NAHEP)এ আগৱঢ়োৱা ৱল্ড বেংক’ৰ অৰ্থসাহৰ্যত এক গবেষণামূলক বৃত্তি লাভ কৰিছে ৷ ড° অৰ্ণৱ নাৰায়ণ পাটোৱাৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইডাহো বিশ্ববিদ্যালয়ত ’Application of different statistical models in the fish nutrition for sustainable aquaculture’ বিষয়ত গৱেষণাৰ বাবে অতিথি অধ্যাপক হিচাবে ইতিমধ্যে যোৱা ৯ মাৰ্চত যোগদান কৰিছে৷ উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাৰ ডুমডুমাৰ প্ৰকাশ নাৰায়ণ পাটোৱাৰী আৰু বীনা পাটোৱাৰীৰ একমাত্ৰ পুত্ৰ ড° অৰ্ণৱ নাৰায়ণ পাটোৱাৰী ৷ ছাত্ৰ জীৱনত ড° অৰ্ণৱ পাটোৱাৰীয়ে ডুমডুমা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত অধ্যয়ন কৰিছিল ৷ ড° অৰ্ণৱৰ সাফল্যত ডুমডুমা মহাবিদ্যালয় গোট আৰু ডুমডুমাবাসীয়ে অভিনন্দন জনাইছে ৷ মনকৰিব লগীয়া যে ডুমডুমা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত অধ্যয়ন কৰা ড° অৰ্ণৱ নাৰায়ণ পাটোৱাৰীৰ দৰে বিজ্ঞান শাখাটোৰ পৰা সুখ্যাতিৰে উৰ্ত্তীণ হোৱা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী উচ্চ পদস্থ বিষয়া হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱাৰ পিছত কোনো এজন প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ জীৱন পাৰ কৰা ডুমডুমা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাটো চৰকাৰীকৰণৰ দাবী উস্থাপন কৰা পৰিলক্ষিত হোৱা নাই ৷ যিটো বিষয় এতিয়া চৰ্চিত হৈছে। ডুমডুমা মহাবিদ্যালয়ৰ বিজ্ঞান শাখা আজিও প্ৰদেখিকিকৰণ নোহোৱা বিষয়টোৱে বিদ্বৎ সমাজক ব্যথিত কৰি তুলিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here