Home Main Stories ক’ভিডৰ তৃতীয় লহৰত আক্ৰান্তৰ তুলনাত মৃত্যুৰ হাৰ কম: দেশৰ ৭২ শতাংশ লোকেই...

ক’ভিডৰ তৃতীয় লহৰত আক্ৰান্তৰ তুলনাত মৃত্যুৰ হাৰ কম: দেশৰ ৭২ শতাংশ লোকেই গ্ৰহণ কৰিছে দুয়োপালি ভেকচিন

118
0


নতুন দিল্লী, ২০ জানুৱাৰী: ক’ভিডৰ দ্বিতীয় লহৰৰ তুলনাত ভাৰতত মৃত্যুৰ হাৰ তুলনামূলকভাৱে বহু কম৷ ক’ভিডৰ তৃতীয়টো লহৰত বহু লোক আক্ৰান্ত হৈছে যদিও মৃত্যুৰ হাৰ তাৰ তুলনাত অতি সামান্য৷ আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে দেশৰ ৭২ শতাংশ লোকে দুয়োপালি ভেকচিন গ্ৰহণ কৰিছে৷ যাৰ ফলত ক’ভিডৰ দ্বিতীয় লহৰৰ তুলনাত তৃতীয় লহৰত কমসংখ্যক লোকৰ মৃত্যু ঘটিছে৷ স্বাস্থ্য মন্ত্ৰালয়ৰ সচিব ৰাজেশ ভূষণে সংবাদমেল সম্বোধন কৰি কয় যে আজিৰ দিনটোত ৩,১৭,৫৩২জন লোক ক’ভিডত আক্ৰান্ত হয় আৰু ৩৮০জন লোকৰ মৃত্যু হয়৷ দেশত সক্ৰিয়ভাৱে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ১৯,২৪,০৫১জন বুলি উল্লেখ কৰে৷ তেওঁ কয় ক’ভিডৰ দ্বিতীয় লহৰৰ তুলনাত তৃতীয় লহৰত আক্ৰান্তৰ তুলনাত মৃত্যুৰ হাৰ তুলনামূলকভাৱে বহু কম৷ দ্বিতীয় লহৰৰ সময়ছোৱাত দেশৰ প্ৰায় দুই শতাংশ লোকেহে ক’ভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰিছিল, কিন্তু তৃতীয় লহৰৰ সময়ছোৱাত ৭২ শতাংশ লোকে ভেকচিন গ্ৰহণ কৰিছে৷ যোৱা এসপ্তাহত প্ৰতিদিনে ২,৭১,০০০জনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ ফলত ক’ভিডৰ প’জিটিভিটিৰ হাৰ ১৬ শতাংশলৈ বৃদ্ধি পাইছে৷ যোৱা ২৪ ঘণ্টাত ৩,১৭,০০০ লোক আক্ৰান্ত হৈছে৷ তাৰ বিপৰীতে ৰ জানুৱাৰীত কেৱল ২২ হাজাৰজনহে আক্ৰান্ত হৈছিল৷ যোৱা চাৰি দিনত ক’ভিড টেষ্টৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি কৰা হৈছে৷ যোৱা ২৪ ঘণ্টাত ১৯ লাখ ক’ভিড টেষ্ট কৰা হৈছে৷ মহাৰাষ্ট্ৰত সপ্তাহিক প’জিটিভিটিৰ হাৰ দুই শতাংশৰ পৰা ২২ শতাংশলৈ বৃদ্ধি পাইছে৷ কৰ্নাটকত প’জিটিভিটিৰ হাৰ চাৰি সপ্তাহৰ পূৰ্বে ঙ্ম.প্ত শতাংশ আছিল যদিও বৰ্তমান ১৫ শতাংশলৈ বৃদ্ধি পাইছে৷ কেৰালাৰ প’জিটিভিটিৰ হাৰ ৩২ শতাংশ হৈছেগৈ৷ দিল্লীৰ প’জিটিভিটিৰ হাৰ ৩০ শতাংশ আৰু উত্তৰ প্ৰদেশৰ ৬ শতাংশ হৈছেগৈ৷ দেশৰ ১১খন ৰাজ্যত ৫০ হাজাৰতকৈ অধিক সক্ৰিয় ক’ভিড আক্ৰান্ত ৰোগী আছে৷ আনহাতে, ১৩খন ৰাজ্যত ১০-৫০ হাজাৰ সক্ৰিয় ক’ভিড ৰোগী আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here