Home অসম ডাৱৰ বিস্ফোৰণত হিমাচল-উত্তৰাখণ্ডত মহাপ্ৰলয় : ৩০ ৰো অধিক লোকৰ মৃত্যুৰ আশংকা

ডাৱৰ বিস্ফোৰণত হিমাচল-উত্তৰাখণ্ডত মহাপ্ৰলয় : ৩০ ৰো অধিক লোকৰ মৃত্যুৰ আশংকা

224
0


বিশেষ প্ৰতিনিধি, ২১ আগষ্ট ঃ
প্ৰকৃতিৰ ৰোষত হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড৷ ডাৱৰ বিস্ফোৰণৰ ফলত ৰাজ্য দুখনত মহাপ্ৰলয়৷ মধ্য প্ৰদেশতো প্ৰকৃতিৰ তাণ্ডৱ৷ প্ৰকৃতিৰ ৰোষত হিমাচল প্ৰদেশ, উত্তৰাখণ্ড৷ ডাৱৰ বিস্ফোৰণৰ ফলত ৰাজ্য দুখনত মহাপ্ৰলয়৷ প্ৰকৃতিয়ে সংহাৰ চলাইছে মধ্য প্ৰদেশতো৷ জম্মু-কাশ্মীৰৰ কাটৰাতো বানৰ ফলত ব্যাহত স্বাভাৱিক জীৱনযাত্ৰা৷ ভয়াৱহ বান, ভূমি…লনত ৰাজ্যকেইখনত প্ৰাণ হেৰুৱাইছে ৩০জনৰো অধিক লোকে৷ হিমাচল-উত্তৰাখণ্ডত প্ৰকৃতিৰ কাল ৰূপ৷ ডাৱৰ বিস্ফোৰণৰ ফলত দুয়োখন ৰাজ্যতে সৃষ্টি হৈছে মহাপ্ৰলয়ৰ৷ মূলতঃ হিমাচল প্ৰদেশত সংহাৰ চলাইছে বান, খহনীয়াই৷ পাহাৰীয়া ৰাজ্যখনৰ মাণ্ডি, কাংৰা, ছম্বা আদি জিলাত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ৰাজ্যখনৰ কেৱল মাণ্ডি জিলাত ধাৰাস¸াৰ বৰষুণৰ ফলত আকস্মিক বান-ভূমি…লনত ১৩জনকৈ লোকৰ মৃত্যু হৈছে৷ পানীৰ ধলে উটুৱাই নিছে পথ, দলং৷ শতাধিক গাঁও উটুৱাই নিছে পানীৰ ধলে৷ কে’বাটাও ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ৭৪৩টা পথ বন্ধ কৰি দিয়া হৈছে৷ সমগ্ৰ ৰাজ্যখনতে বিদু্যতৰ সংযোগ প্ৰায় বিচ্ছিন্ন কৰি দিয়া হৈছে৷ ইফালে, কাংৰা-পাঠানকোট সংযোগী এখন ৰে’লৰ দলঙো উটুৱাই নিয়ে পানীৰ ধলে৷ কেৱল হিমাচল প্ৰদেশতেই নহয়, ডাৱৰ বিস্ফোৰণৰ ফলত উত্তৰাখণ্ডতো ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ উত্তৰাখণ্ডৰ ৰায়পুৰ-ডেৰাদুন বিমানবন্দৰ সংযোগী এখন দলং শনিবাৰে খহাই নিয়ে পানীৰ ধলে৷ ৰাজ্যকেইখনত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ বাবেই হিমাচল প্ৰদেশৰ একাধিক জিলাত ২৫ আগষ্টপৰ্যন্ত জাৰি কৰা হৈছে হাই এলাৰ্ট৷ বহু ঠাইত বন্ধ কৰি দিয়া হৈছে শিক্ষানুষ্ঠান৷ একেই পৰিস্থিতি উত্তৰাখণ্ডতো৷ ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা মহাপ্ৰলয়ত ৰাজ্যখনৰ বহু অঞ্চলত আবদ্ধ হৈ আছে বৃহৎসংখ্যক লোক৷ ৰাজ্যখনৰ শিৱভিল্লাৰ এখন ৰিজ’ৰ্টত আবদ্ধ হৈ থকা ২৯জন পৰ্যটকক দেওবাৰে SDRণ্ঠৰ লোকে উদ্ধাৰ কৰে৷ ডেৰাডুনৰ প্ৰখ্যাত তপকেশ্বৰ মণ্ডিৰৰ কাষেৰে যোৱা তামাশা নৈ সম্প্ৰতি বিপদসীমাৰ ওপৰেৰে বৈছে৷ নৈত জাহ গৈছে পথ, দলং৷ হৰিদ্বাৰতো বিপদসীমা স্পৰ্শ কৰিছে গংগাৰ জলপৃষ্ঠই৷ মধ্য প্ৰদেশতো প্ৰবল বৃষ্টিপাতৰ ফলত মহাপ্ৰলয়ৰ সৃষ্টি হৈছে৷ ডিনডৰী জিলাৰ খাৰমেৰ নদীৰ ওপৰত থকা এখন দলং উটুৱাই নিয়ে বানে৷ ইফালে, প্ৰৱল বৰষুণত বিপৰ্যস্ত হৈছে জম্মু-কাশ্মীৰৰ কাটৰাও৷ বহু স্থানত বন্ধ কৰি দিয়া হৈছে ঘাইপথ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here