Home অসম সাহিত্যিক-গোৱালপৰীয়া লোক-সংস্কৃতিৰ গৱেষক দ্বিজেন নাথৰ দেহাৱসান

সাহিত্যিক-গোৱালপৰীয়া লোক-সংস্কৃতিৰ গৱেষক দ্বিজেন নাথৰ দেহাৱসান

50
0

গণ বাৰ্তা, বইটামাৰী, ২০ নৱেম্বৰ ঃ ৰাজ্যৰ সাহিত্য-সংস্কৃতি জগতৰ আন এগৰাকী পুৰোধা ব্যক্তিৰ দেহাৱসান। সাহিত্যিক তথা গোৱালপৰীয়া লোক সংস্কৃতিৰ গৱেষক দ্বিজেন নাথ আৰু নাই । ৮১ বছৰ বয়সত কালি নিশা ৮.০৫ বজাত বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰীৰ বাঁশবাৰী উলুবাৰীপাৰা গাঁৱৰ নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে মহীৰূহগৰাকীৰ। সাহিত্যিকগৰাকী কিছুদিনৰ পৰা বাৰ্ধক্যজনিত ৰোগত অসুস্থ হৈ আছিল। তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছত আজি বহু গুণমুগ্ধই তেওঁৰ বাসভৱনত গৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। বঙাইগাঁও জিলা সাহিত্য সভা, বঙাইগাঁও জিলা ছাত্ৰ সন্থা, বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে বাসগৃহ চৌহদতে সাহিত্যিকগৰাকীৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পিছত তেওঁৰ নশ্বৰ দেহ পূৰ্বতে তেওঁ শিক্ষকতা কৰা নৰ্থ বইটামাৰী হাইস্কুললৈ নিয়ে। তাত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা ৰাইজে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। পিছত ডেকলিমাৰীত বইটামাৰী আঞ্চলিক যোগী সমিতি, বঙাইগাঁও জিলা নাথ-যোগী ছাত্ৰ সন্থা, ডেকলিমাৰী ৰূপজ্যোতি সংঘ আদিয়ে শেষ শ্ৰদ্ধা নিবেদন কৰে। দুপৰীয়া স্থানীয় শ্মশানত বৰেণ্য সাহিত্যিকগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়। সাহিত্যিকগৰাকীৰ মৃত্যুত জিলাখনত শোকৰ ছাঁ পৰিছে। সাহিত্যিকগৰাকীৰ মৃত্যুত ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। নাথৰ মৃত্যুৰ লগে লগে সমাপ্তি ঘটিল এক বৰ্ণিল জীৱন পৰিক্ৰমাৰ।
১৯৪০ চনৰ ৬ এপ্ৰিলত নৰ্থ বইটামাৰীৰ বাঁশবাৰী উলুবাৰীপাৰা গাঁৱত জন্মগ্ৰহণ কৰা নাথে আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰি নৰ্থ বইটামাৰী হাইস্কুলত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। পিছত প্ৰধান শিক্ষক হিচাপে দায়িত্ব পালন কৰি ১৯৯৯ চনৰ ২৮ ফেব্ৰুৱাৰীত বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। শিক্ষকতা কৰাৰ সমান্তৰালকৈ তেওঁ সাহিত্য-সংস্কৃতি সাধনাত নিমগ্ন হয়। ১৯৭১ চনত ‘গোৱালপাৰাৰ ডায়েৰী’ নামেৰে অবিভক্ত গোৱালপাৰা জিলাৰ সামাজিক-সাংস্কৃতিক ইতিহাসসম্বলিত তেওঁৰ ৰচিত এখন গ্ৰন্থ প্ৰকাশ হয়। গোৱালপৰীয়া ভাষা-সংস্কৃতিৰ ওপৰত তেওঁ ৰচিত আন মূল্যৱান গ্ৰন্থসমূহ হ’ল-‘গোৱালপৰীয়া লোকগীত’, ‘গোৱালপৰীয়া লোক-সাহিত্যত দৃষ্টিপাত’, ‘গোৱালপৰীয়া লোক-সংস্কৃতি’, ‘গোৱালপৰীয়া লোককথাৰ সুগন্ধি সৌৰভ’, ‘গোৱালপৰীয়া লোককথাৰ মৌকোঁহ’ আৰু ‘ গোৱালপৰীয়া ভাৱাইয়া গীতত দৃষ্টিপাত’। গৱেষণাধৰ্মী প্ৰতিখন গ্ৰন্থই গোৱালপৰীয়া ভাষা-সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰসাৰত অনবদ্য অৰিহণা যোগাইছে। ইয়াৰ উপৰি ‘জীৱন বীণাৰ সুৰ’ নামৰ গীতি-কবিতা পুথিৰ লগতে ‘তুমি আৰু মই ‘আৰু’ দৃষ্টিৰ আঁৰে আঁৰে’ দুখন উপন্যাসৰ স্ৰষ্টা দ্বিজেন নাথ। ‘কাঁচি জোন’ নামৰ গল্প সংকলন এখনো ৰচনা কৰিছিল সাহিত্যিকগৰাকীয়ে।

গ্ৰন্থসমূহৰ উপৰি আন বহু লিখনি বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাইছে। তেওঁ এনেদৰে অসমীয়া ভাষা-সাহিত্যলৈ আগবঢ়াই গ’ল অনবদ্য বৰঙনি। স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো ওতপ্ৰোত জড়িত আছিল নাথ। অসম সাহিত্য সভাৰ লগতো ওতপ্ৰোতভাৱে জড়িত নাথে ১৯৮৩ চনত বঙাইগাঁৱত অনুষ্ঠিত সাহিত্য সভাৰ সোণালী জয়ন্তী অধিৱেশনৰ স্মৃতিগ্ৰন্থৰ মুখ্য সম্পাদকৰ দৰে দায়িত্বও পালন কৰিছিল।  তেওঁৰ মৃত্যুৰ লগে লগে অভিভাৱকহীন হ’ল নৰ্থ বইটামাৰী অঞ্চল। অঞ্চলবাসীৰ এটাই আক্ষেপ-সাহিত্যিকগৰাকীক চৰকাৰে কেৱল সাহিত্যিক পেঞ্চন দিয়েই দায়িত্ব সামৰিলে। বহু ক্ষেত্ৰত উপেক্ষিত-অৱহেলিত হৈয়ো স্ব-গৰিমাৰে উজলি কীৰ্তিময় জীৱন পৰিক্ৰমা সামৰি তেওঁ গুচি গ’লগৈ অজান দেশলৈ। মৃত্যুৰ সময়ত তেওঁ পত্নী-পুত্ৰ-বোৱাৰী-নাতি-নাতিনী আদি আত্মীয়-স্বজনক এৰি যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here