Home Main Stories মুছলিম জনমানসত এভুমুকি

মুছলিম জনমানসত এভুমুকি

672
0

খবিৰ আহমেদ 

প্ৰতিদিনেই পৃথিবীত লাখ লাখ গ্ৰন্থ প্ৰকাশিত হৈ আহিছে। এজন মানুহৰ জীৱদ্দশাত সেই সকলো বিলাক গ্ৰন্থ পঢ়ি শেষ কৰাটো কেতিয়াও সম্ভৱ নহয়।পৃথিবীৰ বিশাল গ্ৰন্থ ভান্ডাৰৰ কথাতো বাদেই, এজন মানুহে তেওঁৰ জীৱনকালত যিকোনো ভাষাত প্ৰকাশিত গ্ৰন্থৰ এটা অতি ক্ষূদ্ৰ সংখ্যক গ্ৰন্থহে পঢ়িব পাৰে। অৱশ্যে, হাতত পোৱা সকলো গ্ৰন্থই যে এফালৰ পৰা গোগ্ৰাসে পঢ়িব লাগিব তেনেকুৱা কথা নাই। কিয়নো প্ৰতিদিন প্ৰকাশিত লাখ লাখ গ্ৰন্থৰ এশ ভাগৰ নব্বৈ ভাগেই হয় চৰ্বিত চৰ্বন নহয় চিন্তাৰ আবৰ্জনা। সেই কাৰণে এজন মনিষীয়ে কৈছিলঃ Let the scoundrel read what the scoundrel write. আমি সেইবোৰ পঢ়ি সময় আৰু মস্তিস্ক ক্ষয় কৰি লাভ নাই। ষোল্লশ শতিকাৰ ইংৰাজ চিন্তাবিদ ফ্ৰাঞ্চিচ বেক’নে লিখিছিল, ‘Some books are to be tested, others swallowed and some are to be chewed and digested’. গ্ৰন্থ কেনেকৈ পঢ়িব লাগে সেই সম্পৰ্কে ইয়াতকৈ ভাল উপদেশ বোধকৰো আৰু পাবলৈ নাই। মহান দাৰ্শনিক বাৰুখ্ স্পীনোজাই গোটেই জীৱনত মাত্ৰ তিনিশ কিতাপহে পঢ়িছিল।

 এটা সুস্থ, পৰিশীলিত জীৱন যাপনৰ বাবে পেটৰ ক্ষুধা নিবাৰণ কৰাটো যিমান প্ৰয়োজন, মানসিক ক্ষুধা নিবাৰণ কৰাটোও সিমানেই প্ৰয়োজন। অৰ্থাৎ এজন মানুহে যদি এদিনত এশ টকা শাৰিৰীক ক্ষুধাৰ কাৰণে ব্যয় কৰে, ঠিক সিমান পৰিমানণৰ ধন তেওঁ মানসিক পৰিপুষ্টিৰ বাবেও খৰচ কৰাটো উচিৎ। আমি যিবোৰ আহাৰ খাওঁ সেইবোৰৰ দ্বাৰা আমাৰ শৰীৰ গঠন হয়। আনহাতে আমি যিবোৰ গ্ৰন্থ অধ্যয়ন কৰো সেইবোৰৰ পৰা আমাৰ মানসিক পৰিমন্ডল গঠন হয়। ‘Our body is what we eat and our mind is what we read’.  ভাল, পুষ্টিকৰ আহাৰ খালে শৰীৰৰ পুষ্টি সাধন হ’য়, মস্তিস্ক সতেজ-সুতীক্ষ্ন হয়, মানুহ স্বাস্থ্যবান হ’য়। । আনহাতে অখাদ্য, অপুষ্টিকৰ আহাৰ খালে শৰীৰ অপুষ্টিত ভুগিব, ৰোগগ্ৰস্থ হৈ মানুহ মৃত্যু মুখত পৰিব পাৰে। গতিকে আমি যেনে ধৰণৰ লিখা মেলা ভাল পাওঁ বা যেনে ধৰণৰ গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি তোলো, ঠিক তেনে ধৰণেই আমাৰ চিন্তাৰ জগত খন ঠন ধৰি উঠে। সেইবোৰৰ পৰা লাহে লাহে গঠন হয় আমাৰ মানসিক পৰিমন্ডল।  মাছবোৰ যেনেদৰে পানীত বুৰ গৈ থাকে, মানুহ যেনেদৰে বায়ু সাগৰত বুৰ গৈ থাকে, ঠিক তেনেকৈ মানুহ এজনৰ মনোজগতো তেওঁ অধ্যয়ন কৰা গ্ৰন্থৰাজিৰ বিষয় বস্তুৰ মাজত অৱগাহন কৰি থাকে। ইয়াৰ অন্যথা হ’ব নোৱাৰে। 

কেইদিনমান পূৰ্বে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক বন্ধুবৰ তাইজুদ্দিন আহমেদে ফেচবুকত এটা চিন্তনীয় পোষ্ট দিছিল। বিষয়টো আছিল অধিকাংশ ধৰ্মীয় সংখ্যালঘু মানুহৰ গ্ৰন্থ অধ্যয়নৰ ৰুচিৰ ওপৰত। যিকোনো মুছলিম মালিকানাধীন গ্ৰন্থ বিপণিলৈ গৈ আপুনি দেখা পাব যে তাত মাথো ধৰ্ম সম্পৰ্কীয় আৰু ধৰ্মৰ অপব্যাখ্যা কৰি লিখা কিতাপেৰে ঠাহ খাই আছে।  সেইবোৰৰ মাজত আছে বিভিন্ন ধৰণৰ হাদিছৰ কিতাপ, মছলা-মাছায়েলৰ কিতাপ,  জৰা-ফুকা, যাদু-টাটক কৰাৰ ওপৰত লিখা কিতাপ, তাবিজ-কবচৰ ওপৰত লিখা কিতাপ। কি বেমাৰত কোনটো ‘ছুৰা’ পঢ়ি জৰা-ফুকা কৰিব লাগিব, কোনটো ‘ছুৰা’ পাঠ  কৰি পানীত ‘ফু’ মাৰিব লাগিব,  মানুহৰ মনোবাঞ্ছা কেনেকৈ পূৰণ হ’ব, কেনেকুৱা সপোন দেখিলে কি ফলাফল পোৱা যাব এই সকলো বিলাক বিধি–বিধান এই গ্ৰন্থবোৰত পোৱা যায়। এই গ্ৰন্থবোৰ যেন সৰ্বৰোগ নিৰাময়ৰ নিদান-পত্ৰ। পৃথিবীত বোধকৰো এনেকুৱা কোনো সমস্যা নাই যিবোৰ সমস্যাৰ সমাধান এই কিতাপবোৰত নাই। উল্লেখযোগ্য যে ‘ছুৰা’ পঢ়ি জৰা-ফুকা কৰিলে বা পানী পঢ়ি খুৱালে যে ৰোগ ভাল হ’ব এইবোৰ কথা মূল কোৰাণত নাই, এইবোৰ একাংশ হাদিছৰহে ব্যাখ্যা। কিন্তু মূল হাদিছৰ অপব্যাখ্যা কৰি কৰি একাংশ লোকে জৰা-ফুকা কৰা, তাবিজ-কবজ দিয়া আৰু এইবোৰৰ ওপৰত কিতাপ লিখি বিক্ৰী কৰা কাৰ্যক বৃত্তি হিচাপে লৈছে। সাধাৰণতে দেখা যায় যে এই কিতাপবোৰ আৰম্ভ হয়  ধৰ্মীয় বিষয় বস্তুৰে। এই ধৰক নামাজ, ৰোজাৰ কথা, ইছলাম ধৰ্মৰ  মানিবলগীয়া নিয়মাৱলীৰ কথা । কিন্তু কিতাপৰ শেষলৈ গৈ এনে কিছুমান বিষয়ৰ অৱতাৰণা কৰা হয় যিবোৰ কথা ইছলামৰ মতে  নাজায়েজ, হাৰাম, আনকি বেদাত। কেনেকৈ প্ৰেমত পৰিব পাৰিব, কাৰ ছোৱালী কেনেকৈ পলুৱাই আনি নিকাহ কৰিব পাৰিব সেইবোৰৰ দিহা পৰামৰ্শও এই গ্ৰন্থবোৰত দেখা পোৱা যায়। এনেকুৱা গ্ৰন্থ বোৰৰ বিষয়-ভাৱনাক অনুসৰণ কৰিয়েই  বহুতো মুছলমান মানুহে আজিৰ দিনতো জৰা ফুকা বিশ্বাস কৰে, যাদু-টাটক বিশ্বাস কৰে, হাতত আৰু ককালত তাবিজ বা মাদুলী পিন্ধি ঘূৰি ফুৰে। অথচ ইছলাম ধৰ্মত তাবিজ-কবচ পিন্ধা সম্পূৰ্ণ হাৰাম। বদৰুদ্দিন আজমলৰ দ্বাৰা পঢ়া পানী খাই হাজাৰ হাজাৰ মানুহে ৰোগ নিৰাময়ৰ কাৰণে কৰা প্ৰচেষ্টাৰ যিবোৰ দৃশ্য আমি দেখা পাও তাৰ গুৰি কথা ইয়াতেই। কিতাপৰ দোকানীক যদি সুধা হয় যে আপোনালোকে গল্প, কবিতা, উপন্যাস অথবা সাধাৰণ জ্ঞান, বিজ্ঞানৰ কিতাপবোৰ কিয় নাৰাখে, তেনেহ’লে তেওঁলোকে উত্তৰ দিয়ে যে এই জাতীয় কিতাপবোৰ মানুহে নপঢ়ে। তেওঁলোকে সচা কথাই কয়। দোকানৰ মালিক সকলক দোষাৰোপ কৰি লাভ নাই। কিয়নো তেওঁলোক হৈছে দোকানী । যিবোৰ গ্ৰন্থৰ বাবে পাঠকৰ চাহিদা আছে তেনেকুৱা গ্ৰন্থহে তেওলোকে দোকানত ৰাখিব।  

 এই দোকান সমূহত সততেই পোৱা কিতাপবোৰ সাধাৰণতে দুই প্ৰকাৰৰ হয়। এবিধ হৈছে জৰা-ফুকা, ৰোগ নিৰাময় কৰাৰ কায়দা কৌশল বৰ্ণিত ভেল্কী বাজিৰ কিতাপ আৰু আনিবধ হৈছে ভুৱা হাদিছ।  আমি জানো যে কোৰাণ হৈছে আল্লাহৰ বাণী। হাদিছ হৈছে হজৰত মহম্মদ (ছঃ)য়ে দি থৈ যোৱা নিৰ্দেশাৱলী যিবোৰ ইছলাম ধৰ্মৰ অনুগামী সকলে অনুসৰণ কৰিব লাগে। হজৰত মহম্মদ(ছ)ৰ মৃত্যৰ পিছত হাদিছবোৰ লিখা হৈছিল।  জীৱদ্দশাত যিসকল চাহাবাই তেখেতক লগ পাইছিল, সেই সকল চাহাবাই লিখা হাদিছহে ছহী হাদিছ বা শুদ্ধ হাদিছ। জনামতে, তেনেকুৱা মাত্ৰ ছখন হাদিছকহে শুদ্ধ হাদিছৰ মৰ্যাদা দিয়া হৈছে।   কিন্তু দেখা যায় যে মহম্মদৰ(ছাঃ)ৰ মৃত্যৰ দুশ বছৰ পিছলৈকে নতুন নতুন হাদিছ ৰচনা হৈয়েই আছিল। এনেবোৰ হাদিছৰ  ৰচয়িতা সকলে কেতিয়াও মহম্মদ(ছা)ক জীৱিত কালত লগ পোৱা নাছিল। অত্যুৎসাহী হৈ মানুহৰ মুখ বাগৰি অহা কথাবোৰকেই  কেতিয়াবা অতিৰঞ্জিত আৰু কেতিয়াবা বিকৃত ৰূপে হাদিছ হিচাপে বৰ্ণনা কৰিছিল। আৰু এনেদৰেই সৃষ্টি হৈছিল ভুৱা হাদিছৰ। । এনেকুৱা গ্ৰন্থৰ লেখক সকলে তেওঁলোকৰ গ্ৰন্থবোৰত হজৰত মহম্মদ (ছ) জীৱনৰ কোনোবা এটা ঘটনাৰ উদ্ধৃতি দি তেওঁলোকৰ বক্তব্য খিনিক ধৰ্মৰ লগত সাঙুৰি দিয়ে। আৰু সেইবোৰকেই সাধাৰণ মুছলমান মানুহবোৰে ধৰ্মীয় গ্ৰন্থ বা আদেশ নিৰ্দেশ বুলি অনুসৰণ কৰে।  এনেদৰে ভুৱা হাদিছ ৰচনা আৰু প্ৰচাৰ কৰা কাৰ্য এতিয়ালৈকে চলি আছে। জৰা-ফুকা, যাদু-টাটক, ভেল্কী বাজীৰ কিতাপ আৰু ভুৱা হাদিছে ইছলামৰ যিমান ক্ষতি কৰিছে অইন কোনো বস্তুৱেই ইছলামৰ ইমান ক্ষতি কৰিব পৰা নাই। পৃথিবীৰ সকলোবোৰ ধৰ্মৰ ভিতৰত ইছলাম ধৰ্মৰ যিমান অপব্যাখা হৈছে, হয়তো কোনো ধৰ্মৰেই ইমান অপব্যাখ্যা হোৱা নাই। ইছলাম ধৰ্ম যেন এনেকুৱা অপব্যাখ্যাৰ এটা মহা সমূদ্ৰ। আধুনিক  জ্ঞান বিজ্ঞানৰ অভাবত, সেই সমূদ্ৰ মন্থন কৰি সাধাৰণ মানুহে এতিয়া প্ৰকৃত ইছলাম ধৰ্মক ঢুকি নোপোৱা হৈছ। 

অৱশ্যে, সকলো মৌলবী, মৌলানা আৰু মুফতিয়েই যে এই কামবোৰ কৰি আছে তেনেকুৱা নহয়। আজি কালি আধুনিক শিক্ষাৰে শিক্ষিত বহুতো আলেম উলেমা ওলাইছে যিসকলে ধৰ্মটোক যুক্তিৰ আধাৰত, যুগোপযোগী চিন্তা ধাৰাৰ আলোকত ফহিয়াই চাব বিচাৰে। আধুনিক জীৱন যাত্ৰাৰ লগত সংগতি ৰাখি ব্যৱহাৰিক আৰু বস্তুনিষ্ঠ ইছলামৰ ব্যাখা আগবঢ়োৱা তেনেকুৱা আলেম উলেমাৰ বক্তব্যবোৰো আজি কালি সহজ লভ্য হৈ পৰিছে।  আমি ঘৰত বহি মোবাইল ফোন টিপিয়েই সেই গ্ৰহণযোগ্য ইছলামৰ ব্যাখ্যাবোৰ  পাব পাৰো।  অলপতে, ফেচবুক খোচঁৰি থাকোতে তেনেকুৱা দুটামান ভিডিঅ’ আমাৰ চকুত পৰিল। তাত কিছুমান গ্ৰন্থৰ তালিকা পালো যিবিলাক গ্ৰন্থ ওপৰত কৈ অহা ভেল্কী বাজিৰ কিতাপ আৰু কিছুমান ভুৱা হাদিছ। এইবোৰ গ্ৰন্থত ইছলাম ধৰ্মৰ অপব্যাখ্যা কৰা হৈছে আৰু ইছলামক বিকৃত ৰূপত উপস্থাপন কৰা হৈছে। পাচঁজন বিশিষ্ট ধৰ্ম গুৰুৱে এই গ্ৰন্থবোৰ নপঢ়িবলৈ মুছলমান মানুহৰ প্ৰতি স্পষ্ট নিৰ্দেশ জাৰি কৰিছে। তেওঁলোকৰ মতে, এইবোৰ কোনো ধৰ্মীয় গ্ৰন্থ নহয়। দেখাত ধৰ্ম গ্ৰন্থ হলেও এইবোৰ হৈছে ইছলামী চিন্তা চৰ্চাৰ সম্পূৰ্ণ বিপৰীত, চিন্তাৰ আবৰ্জনা।  যিসকলে ইতিমধ্যে সেইবোৰ গ্ৰন্থ পঢ়িছে, তেওঁলোকক তৌবা পঢ়ি নিস্কলুষ হ’বলৈ আহ্বান জনাইছে। কোনোবাই ফেচবুকত বিচাৰিলেই নিষিদ্ধ ঘোষিত এই ওঠৰখন কিতাপৰ তালিকা  পাব পাৰিব। আচৰিত কথা যে এই গ্ৰন্থ তালিকাৰ পৰা অন্ততঃ দুই চাৰিখনকৈ কিতাপ প্ৰত্যেক মুছলমান মানুহৰ  ঘৰে ঘৰে পোৱা যাব। 

   গুৰুত্ব পূৰ্ণ  কথাটো হৈছে, এনেবোৰ গ্ৰন্থই  অধিকাংশ মানুহে কিনি পঢ়ি আছে, আমল কৰি আছে আৰু সেই মতে জীৱনৰ সকলো সমস্যাৰ নিৰাময়ৰ চেষ্টা কৰি আছে।  যুগে যুগে ইছলামৰ  ভুল আৰু বিকৃত ব্যাখ্যা থকা এই গ্ৰন্থবোৰে এক অসচ্ছ, অদ্ভূত, অবৈজ্ঞানিক আৰু কলুষিত মানসিক পৰিমন্ডলৰ সৃষ্টি কৰিছে। সেইবোৰ  পঢ়ি আৰু বাস্তৱ জীৱনত অনুসৰণ কৰি মুছলিম সমাজৰ এটা বৃহৎ সংখ্যক লোকে সকলো সময়তেই বৈজ্ঞানিক আৰু আধুনিক শিক্ষাৰ পৰা শত যোজন দূৰত অবস্থান কৰি আছে। এটা সময়ত যেতিয়া অন্য ধৰ্মৰ লোক সকলে ইংৰাজী ভাষা শিকি আধুনিক জ্ঞান-বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ চৰ্চাত মনোনিবেশ কৰিছিল, তেতিয়া মুছলমানৰ একাংশ পূৰ্ব পুৰুষে পোলাও, বিৰীয়াণী, গজল, শায়েৰী, মদিৰা আৰু নৰ্তকী লৈ কাল অতিবাহিত কৰিছিল। আৰু এতিয়া যি সময়ত মানব জাতিয়ে চন্দ্ৰ আৰু মংগল গ্ৰহ জয় কৰি বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ বিজয় ডংকা বজাইছে সেই সময়ত সমগ্ৰ মুছলিম সমাজখন কলুষিত চিন্তা-চেতনাৰ সমুদ্ৰত সদা সৰ্বদা নিমজ্জিত হৈ আছে। মুছলমান সমাজত সৃষ্টি হৈছে এনেকুৱা এটা মানসিক পৰিমন্ডল—যি পৰিমন্ডলক বহিৰ্বিশ্ব  বিবৰ্জিত মনৰ বন্ধ কুঠৰীৰ ( mental ghetto) লগত ৰিজাব পাৰি। কোৱা বাহুল্য যে,  ইছলামৰ ভুল আৰু বিকৃত ব্যাখ্যাবাহী গ্ৰন্থবোৰতেই জীৱনৰ সকলো সমাধান বিচাৰি থকা কাৰ্যই মুছলমান সকলৰ পশ্চাদপদতাৰ অন্যতম প্ৰধান কাৰণ।

মানুহে অধ্যয়ন কৰা গ্ৰন্থাদিৰ লগত তেওঁলোকৰ ভাগ্য বা নিয়তিৰ পোনপটীয়া সম্পৰ্ক থাকে। অধ্যয়নৰ পৰা মানুহে কিছুমান ধাৰণা সংগ্ৰহ কৰে আৰু সেই ধাৰণাবোৰে সময়ত মস্তিস্কত খোপনি লৈ চিন্তালৈ পৰ্যৱসিত হয়। এটা সময়ত মানুহে চিন্তাবোৰক কাৰ্যলৈ পৰিবৰ্তিত কৰে। এটা কাম বাৰে বাৰে কৰি থাকোতে সেইটো অভ্যাসলৈ ৰূপান্তৰিত হয়। শেষলৈ গৈ অভ্যাসেই চৰিত্ৰ গঠন কৰে আৰু মানুহৰ চৰিত্ৰই মানুহৰ ভাগ্য নিয়ন্ত্ৰণ কৰে। গতিকে, মুছলমান সকলে তেওঁলোকৰ দুৰ্ভাগ্যৰ কাৰণে বেলেগক দোষাৰূপ কৰি লাভ নাই। My thought is my destiny বোলা কথা এষাৰ আছে।  আমি আমাৰ এই কলুসিত মানসিক জগত সৃষ্টি কৰিছো আমাৰ মানসিক খোৰাকৰ পৰা। আমাৰ মানসিক খোৰাক হৈছে চিন্তাৰ আবৰ্জনা  এইবোৰ ভুৱা হাদিছ আৰু ৰকমাৰি ভেল্কী বাজিৰ কিতাপ । এইবোৰেই মুছলিম জনমানসৰ উৎস।

[ লেখকৰ ফোন নম্বৰ   9954033111 ]

LEAVE A REPLY

Please enter your comment!
Please enter your name here