Home স্থানীয় কাছুমাৰাত শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ পুত্তলিকা দাহ আমছুৰ

কাছুমাৰাত শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ পুত্তলিকা দাহ আমছুৰ

127
0

গণবাৰ্তা, নগৰবেৰা, ১৮ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কাছুমাৰাত আজি শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমুৰ্তি দাহ কৰি তী প্ৰতিবাদ সাব্যস্ত কৰে আমছুৰ দক্ষিণ বৰপেটা জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নে। উল্লেখ্য যে, টেট পৰীক্ষা ছয়খন জিলাক বাদ দিয়া আৰু এই পৰীক্ষাক কেন্দ্ৰ কৰি চৰকাৰে বৈষম্য মূলক নীতি গ্ৰহণ কৰাৰ বিৰুদ্ধে আমছুয়ে এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। দক্ষিণ বৰপেটা জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰায় শতাধিক কৰ্মকৰ্তা একত্ৰিত হৈ চৰকাৰৰ এনে বৈষম্যমূলক নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ লগতে শিক্ষা বিভাগক লৈ হেতালি খেলা বন্ধ কৰক, অসম চৰকাৰ হায় হায়, শিক্ষা মন্ত্ৰী ৰণোজ পেগু হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে আমছুৰ কৰ্মকৰ্তা সকলে কাছুমাৰাৰ ৰাজপথ কপাই তোলাৰ লগতে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমুৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here