Home অসম শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মন্তব্যত জাঙুৰ খাই উঠিল প্ৰাথমিক টে’ট্‌ উত্তীৰ্ণ শিক্ষক সমাজ...

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মন্তব্যত জাঙুৰ খাই উঠিল প্ৰাথমিক টে’ট্‌ উত্তীৰ্ণ শিক্ষক সমাজ : শিক্ষা ব্যৱস্থাক সুস্থিৰ পৰিৱেশ দিবলৈ আহ্বান

307
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৬ মাৰ্চ ঃ চাকৰি নিয়মীয়াকৰণকে ধৰি নিজৰ প্ৰাপ্যৰ পৰা বাৰে বাৰে বঞ্চিত হৈ অৱশেষত বাধ্যত পৰি গণতান্ত্ৰিকভাৱে আন্দোলনৰ পন্থা হাতত ল’বলগীয়া হৈছে ৰাজ্যৰ ৪০,০০০ টে’ট্‌ উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদী কাৰ্যসূচীক নস্যাৎ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুই শিক্ষক সমাজক চৰম উপহাস আৰু তাচ্ছিল্যসূচক মন্তব্য কৰাত এইবাৰ জাঙুৰ খাই উঠিছে শিক্ষক সমাজ। আনকি শিক্ষামন্ত্ৰীক এনেদৰে পাতল মন্তব্য নকৰি প্ৰকৃতাৰ্থত শিক্ষক সমাজৰ সমস্যা সমাধান কৰি ৰাজ্যৰ শৈক্ষিক জগতখনত সুস্থিৰ পৰিৱেশ দিবলৈ শিক্ষক সমাজে আহ্বান জনায় । উল্লেখযোগ্য যে দীৰ্ঘদিন বঞ্চনাৰ পিছত যোৱা ২৪ মাৰ্চত নিজৰ প্ৰাপ্য বিচাৰি কাহিলিপাৰাস্থিত মিছন সঞ্চালকৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছিল সদৌ অসম প্ৰাথমিক টে’ট্‌ উত্তীৰ্ণ শিক্ষক সমাজে। উক্ত কাৰ্যসূচীতে শিক্ষকসকলৰ দাবীসমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতিৰে প্ৰাথমিক শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত আৰু সচিব প্ৰীতম শইকীয়াই অৱশেষত শিক্ষক সমাজৰ পৰা স্মাৰক-পত্ৰও গ্ৰহণ কৰিছিল। মুখ্যমন্ত্ৰীলৈ দিয়া এই স্মাৰক-পত্ৰখনত প্ৰাথমিক টে’ট্‌ উত্তীৰ্ণ শিক্ষকসকলে বছৰ বছৰ ধৰি বঞ্চিত হৈ থকা প্ৰতিটো প্ৰাপ্য আদায় দিয়াৰ দাবী জনায়।

আনহাতে, শিক্ষকসকলৰ আন্দোলনৰ পাছতে তিনিবাৰকৈ তিনিটা পৃথক মন্তব্য দি শিক্ষামন্ত্ৰীগৰাকীয়ে পুনৰবাৰ শিক্ষকসকলক অৱহেলা কৰা বুলি ক্ষোভ প্ৰকাশ কৰি সদৌ অসম প্ৰাথমিক টে’ট্‌ উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকা আৰু সাধাৰণ সম্পাদকদ্বয় ক্ৰমে মিৰাজুল ৰছিদ আৰু দীপাৰ্ণৱ ঘোষে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আন্দোলনৰ এঘণ্টাৰ পিছতে টে’ট্‌ শিক্ষকৰ আন্দোলনৰ ন্যায্যতা নাই আৰু শিক্ষকসকলে চৰকাৰক ‘ব্লেকমেইল’ কৰিছে বুলি তাৎক্ষণিক প্ৰতিক্ৰিয়া দিছিল শিক্ষামন্ত্ৰীয়ে। পুনৰ ২৪ মাৰ্চৰে আবেলি শিক্ষামন্ত্ৰীয়ে শিক্ষকসকলে কাকো এটকাও নিদিয়াকৈ, এখনো তামোল নুখুওৱাকৈ সকলো প্ৰাপ্য পাব বুলি ঘোষণা কৰিছিল। কিন্তু পুনৰবাৰ ২৪ মাৰ্চৰ নিশা দিছপুৰত শিক্ষা বিভাগৰ ঊধৰ্বতন বিষয়াৰ সৈতে সভা অনুষ্ঠিত কৰি কিছু সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত পুনৰ ডাঃ পেগুৱে অন্য এক ভাষ্য প্ৰদান কৰে। নিশা শিক্ষামন্ত্ৰীয়ে কৈছিল যে টে’ট্‌ শিক্ষকসকল কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনতহে নিযুক্তি লাভ কৰিছিল আৰু এবছৰৰ মূৰে মূৰে চুক্তিত চহী কৰা শিক্ষকসকলক পৰৱৰ্তী পৰ্যায়ত ৬০ বছৰলৈ চুক্তিত চহী কৰোৱা হয়। শিক্ষামন্ত্ৰীৰ এনে পৃথক পৃথক মন্তব্যত স্বাভাৱিকতে শিক্ষকসকল অসন্তুষ্ট হৈ পৰিছে। সদৌ অসম প্ৰাথমিক টে’ট্‌ উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি আৰু সম্পাদকদ্বয়ে লগতে কয় যে টে’ট্‌ উত্তীৰ্ণ শিক্ষকসকলক শিক্ষাৰ অধিকাৰ আইন-২০০৯ৰ অধীনতহে নিযুক্তি দিয়া হৈছিল আৰু এই আইন অনুযায়ী শিক্ষক নিযুক্তি সদায় “প্ৰশিক্ষিত আৰু স্থায়ী কেডাৰ”ত হ’ব লাগে।

কেন্দ্ৰীয় প্ৰজেক্ট এপ্ৰোভেল বোৰ্ডৰ নিৰ্দেশনা মতেও আঁচনিৰ অধীনত শিক্ষক নিযুক্তি হ’ব নোৱাৰে। দ্বৈত কেডাৰ কোনো কাৰণতে বৈধ নহয়। অৰ্থাৎ এইসকল শিক্ষকক ৰাজ্যৰ শিক্ষা বিভাগৰ অধীনলৈ নিয়াটো ৰাজ্য চৰকাৰৰ দায়িত্বৰ ভিতৰত পৰে। এইসকল শিক্ষকে শিক্ষামন্ত্ৰীয়ে কোৱাৰ দৰে এবছৰৰ চুক্তিত চহী কৰা নাছিল। প্ৰথমে ৫ বছৰৰ চুক্তি আৰু এদিনৰো বিৰতি নথকাকৈ চাকৰিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি বাধ্যত পৰি ৬০ বছৰলৈ চুক্তি স্বাক্ষৰ কৰিছে এইসকল শিক্ষকে। এই দিশৰ পৰা শিক্ষামন্ত্ৰীৰ মন্তব্য যে সঠিক আৰু যুক্তিনিৰ্ভৰ নহয়, সেই কথা স্পষ্ট। মন্ত্ৰীৰ ভাষ্যত প্ৰকাশ পোৱা উক্ত চুক্তিখনৰ প্ৰতিটো দফা ভংগ কৰিছে চৰকাৰ তথা শিক্ষা বিভাগে। চুক্তিপত্ৰত উল্লিখিত এটা দফাও আজিলৈ কাৰ্যকৰী হোৱা নাই আৰু ৰহস্যজনকভাৱে অসমত প্ৰজেক্ট এপ্ৰোভেল বোৰ্ডৰ নিৰ্দেশনাও কাৰ্যকৰী হোৱা নাই। অৰ্থাৎ শিক্ষাৰ অধিকাৰ আইন, ‘পেব’ৰ নিৰ্দেশনা, ৰাজ্যপাল অনুমোদিত কেবিনেট সিদ্ধান্ত চুক্তিপত্ৰৰ দফা— এই সকলো ভংগ কৰিছে শিক্ষা বিভাগ আৰু চৰকাৰে। প্ৰণিধানযোগ্য যে শিক্ষামন্ত্ৰীয়ে বাৰে বাৰে কোৱাৰ দৰে ঠিকাভিত্তিক টে’ট্‌ শিক্ষকসকলক নীতি আৰু চুক্তি অনুসৰিও দিবলগীয়া নিয়মীয়া শিক্ষকৰ ‘সমহাৰ’ৰ দা-দৰমহাও প্ৰদান কৰা নাই বুলিও তেওঁলোকে মন্তব্য কৰি লগতে কয় যে আচৰিতধৰণে শিক্ষামন্ত্ৰীয়ে ইয়াৰ দ্বাৰা এটা মিছা কথাৰে অসমৰ জনসাধাৰণলৈ ভুল বাৰ্তা এটা প্ৰেৰণৰ বাবে উঠি-পৰি লাগিছে আৰু যিয়ে নেকি ঠিকাভিত্তিক শিক্ষকসকলকো অধিক মনোকষ্ট দিছে।

আনহাতে, শিক্ষক সমাজে শিক্ষামন্ত্ৰীক শিক্ষকসকলৰ প্ৰাপ্যবোৰ তৎকালীনভাৱে আদায় দি এক সুস্থ শৈক্ষিক পৰিৱেশ প্ৰদান কৰাৰ বাবেও অনুৰোধ জনায় আৰু বিভ্ৰান্তিকৰ তথ্যৰে শিক্ষকসকলৰ সমস্যাক ৰাজনীতিৰ মাজলৈ নাটানিবলৈ দাবী জনায়। ত্ৰৈলোক্য ডেকা আৰু দীপাৰ্ণৱ ঘোষে স্পষ্ট ভাৱে কয় যে দুৰ্ভাগ্যজনকভাৱে বিভাগীয় মন্ত্ৰীগৰাকীয়ে শিক্ষকসকলৰ নিজ প্ৰাপ্য বিচাৰি একান্ত অনিচ্ছাসত্ত্বেও সাব্যস্ত কৰা গণতান্ত্ৰিক প্ৰতিবাদক ভেঙুচালি কৰি কোৱা শিক্ষক সমাজে কিবা স্বাৰ্থৰে এহেজাৰ টকাকৈ চান্দা তোলাৰ কথাতো স্বাভাৱিকতে ক্ষুব্ধ পৰিছে শিক্ষকসকল। শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ এটাৰ দায়িত্বত থাকি মন্ত্ৰীগৰাকীয়ে যোৱা দিনবোৰত যিসমূহ তৰল মন্তব্য আগবঢ়াইছে, সি বহুলাংশে শিক্ষকসকলৰ মৰ্যাদা হানি কৰিছে। তেনে তৰল আৰু ভিত্তিহীন মন্তব্যৰ পৰা বিৰত থাকি মূল সমস্যা গুৰুত্ব প্ৰদান কৰিবলৈও শিক্ষক সমাজে শিক্ষামন্ত্ৰী ৰণোজ পেগুক আহ্বান জনায়। অন্যথা শিক্ষকৰ ওপৰত অন্যায়, অবিচাৰ আৰু বঞ্চনাৰ চাতুৰি চলি থাকিলে তাৰ যোগ্য প্ৰত্যুত্তৰৰ মুখামুখি হ’বলৈ আৰু তাৰ ফলত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ বাবেও চৰকাৰ জগৰীয়া হ’ব বুলি শিক্ষক সমাজৰ নেতৃত্বই সকীয়াই দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here