Home স্থানীয় হোজাইৰ মাটিখোলাত মৌলানা আজাদ চিনিয়ৰ চেকেণ্ডৰী স্কুলত শৈক্ষিক সভা

হোজাইৰ মাটিখোলাত মৌলানা আজাদ চিনিয়ৰ চেকেণ্ডৰী স্কুলত শৈক্ষিক সভা

392
0

গণ বাৰ্তা, হোজাই ৫ এপ্ৰিল : নতুন শিক্ষা বৰ্ষৰ শৈক্ষিক উত্তৰণ বিষয়কলৈ আজি হোজাই জিলাৰ জয়নগৰৰ চাহাৰনৰ সমীপৰ মাটিখোলাস্থিত মৌলানা আজাদ উচ্চ ইংৰাজী বিদ্যালয়ত এখন শৈক্ষিক সভা অনুষ্ঠিত কৰা হয়৷ এই সভাৰ লগত সংগতি ৰাখি দাতা, তথা সমাজ কৰ্মী আজিজুল ইছলামক বিদ্যালয় কৰ্তৃপক্ষই বিপুল বাবে সম্বৰ্ধনা জনায় ৷ একেখন চৌহদতে থকা মৌলানা আজাদ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত ২০২২-২৩ শিক্ষা বৰ্ষৰ বিদ্যালয়ৰ শৈক্ষিক উত্তৰণ সন্দৰ্ভত প্ৰথমখন অভিভাৱক সভা আজি অনুষ্ঠিত হৈ যায় ৷ বিদ্যালয় পৰিচালনা সমিতিৰ স্থায়ী সভাপতি মৌলানা জমিৰুল ইছলামৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুৰ ৰশ্বিদ চৌধুৰীয়ে ৷ সভাখনত নৱম ,দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ লগতে প্ৰায় শতাধিক অভিভাৱক উপস্থিত আছিল ৷ সভাত অভিভাৱক সকলক উদ্দেশ্যে কৰি প্ৰধান শিক্ষক আব্দুৰ ৰশ্বিদ চৌধূৰীয়ে কয়- আমি শিক্ষকসকলে অভিভাৱক অবিহনে অকলে শিক্ষাৰ্থীক শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত আগবঢ়াই নিব নোৱাৰিম , শিক্ষাৰ্থী ,আপোনালোক আৰু আমি সকলোৱে যৌথবাবে প্ৰচেষ্টা চলালে আমাৰ সমাজখনত শৈক্ষিক দিশত বিকাশ হব আৰু শিক্ষাৰ উন্নতি হলে নিশ্চিত বাবে সমাজৰ উন্নতি হব মত প্ৰকাশ কৰে ৷ সভাত শিক্ষক সকলৰ হৈ বিজ্ঞান শিক্ষক ছাকিৰ আহমেদ বৰভুঞাই শৈক্ষিক উত্তৰণৰ দিশত শিক্ষাৰ্থীৰ অধ্যয়ণ সন্দৰ্ভত অভিভাৱক সকলৰ আগত বহু গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে ৷ লগতে আন বহু কেইটা দিশৰ উপৰতো আলোকপাত কৰি অভিভাৱক সমাজক অৱগত কৰে ৷ সভাত ভাষণ প্ৰশংগত এজন সচেতন অভিভাৱকে কয় ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ ধ্বংস কৰাৰ ডাঙৰ ভাইৰাচ হৈছ, মবাইল৷ আমি অভিভাৱক সকল সচেতন হৈ থাকিলে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পূৰ্বে মবাইল ফোন শিক্ষাৰ্থীৰ হাতত দিব নালাগে বুলি মন্তব্য কৰাত আন বহু অভিভাৱকে সন্মতি প্ৰদান কৰে৷ উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিদেশত কৰ্মৰত থকা যুৱ ব্যৱসায়ী আজিজুল ইছলাম৷ আজিজুল ইছলামক বিদ্যালয় কৰ্তৃপক্ষই ফুলাম গামোচা, চেলেং চাদৰ, জাপি, শৰাই আদিৰে সম্বৰ্ধনা জনায়৷ সম্বৰ্ধনা সভাৰ আঁতধৰে শিক্ষক জোনাই বৰায়৷ উল্লেখ্য যে, বিগত দুটা বৰ্ষৰ পৰা উক্ত বিদ্যালয়ৰ পঁচাশী শতাংশ নম্বৰলৈ নৱম আৰু দশম শ্ৰেণীত অধ্যয়ণ কৰা সকলো শিক্ষাৰ্থীৰ কিতাপ , বহি আদি সকলো খৰচ বহন কৰি গৈছে যুৱ ব্যৱসায়ী তথা সমাজ কৰ্মী আজিজুল ইছলামে৷ ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে, বিদ্যালয়খনৰ সাতটা কোঠালীযুক্ত দুখন পকী ঘৰ নিৰ্মান কৰি দিছে এই গৰাকী মহান ব্যক্তি আজিজুল ইছলামে৷ আনকি, ছাত্ৰী সকলৰ নামাজৰ কাৰণে এটা কোঠালী নিৰ্মান কৰি দিয়াত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰীৰ অভিভাৱক – অভিভাৱিকা সকল উৎফুল্লিত হৈ আজিজুল ইছলামৰ শলাগ লয়৷ আগন্তক নতুন শিক্ষা বৰ্ষৰ বিদ্যালয়খনত উপযুক্ত যোগ্যতা সম্পন্ন শিক্ষক নিয়ুক্তি দিয়া, হোষ্টেলৰ ব্যৱস্থা কৰা, কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা কৰা, আন্ত:গাঠনি উন্নত কৰা আদি কেতবোৰ দিশৰ উপৰতো সভাত আলোচনা কৰা হয়৷ মুখ্য অতিথিৰ ভাষণত আজিজুল ইছলামে কয়- মই যদিও কৰ্ম সুত্ৰে বা ব্যৱসায়ীক সুত্ৰে বিদেশত থাকো তথাপিও মই মোৰ মনটো সদায় মোৰ মাতৃভুমি অসমত থাকে৷ জন্মভূমিৰ কথা কেতিয়াও পাহৰি নাযাও, মই মাটিখোলা নামৰ গাঁওখনতে জন্ম লাভ কৰিছিলো আৰু সেই সময়ত মই অতিশয় দৰিদ্ৰ পৰিয়ালৰ আছিলো বৰ্তমান ৰাইজৰ দোৱা আৰ্শিবাদত কিছু হলেও আৰ্থিক সফল হৈছো আৰু শিক্ষাৰ উন্নতিৰ কাৰণে সমাজক যিমান সম্ভৱ সহায় সহযোগ কৰি গৈছো৷ মই সৰুতে দুখীয়া হোৱা বাবে আধাতে শিক্ষা শেষ কৰি বিদেশত যাবলগীয়া হল৷ এতিয়া শিক্ষা কি বস্তু বুজি পাইছো৷জ তথাপিও ৰাইজৰ দোৱা আৰু আশিৰ্বাদত মই যিমান সম্ভৱ শিক্ষাৰ উন্নতিৰ কাৰণে কৰি গৈছো আৰু সমাজ তথা দেশখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত শৈক্ষিক দিশত যিমান সম্ভৱ আগন্তক দিনত মই সহায় সহযোগ কৰি যাম বুলি মন্তব্য কৰি পুনৰ আজিজুল ইছলামে কয়-আমি শিক্ষা অবিহনে কোনো এটা জাতিক আগবঢ়াই নিব নোৱাৰি, সেয়েহে সকলোৱে সমাজ গঠনৰ বাবে শৈক্ষিক দিশটো আৰু অধিক আগুৱাই লৈ যাবলৈ সভাত সকলো পক্ষকে আহ্বান জনায়৷ সভাৰ অন্তত বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুৰ ৰশ্বিদ চৌধুৰী, জ্যেষ্ট শিক্ষক,জোনাই বৰা, ছালে আহমেদ আৰু শ্বাকিৰ আহমেদ বৰভুঞা সহ অন্যান্য শিক্ষক সকলে মুখ্য অতিথি আজিজুল ইছলামৰ সৈতে আন এক সভাত মিলিত হৈ আগন্তক কাৰ্য পন্থাৰ উপৰত আলোচনা কৰে৷ 

LEAVE A REPLY

Please enter your comment!
Please enter your name here