
মিনহাজ আহমেদ শিৱসাগৰ ৩০ এপ্ৰিল :-
শিৱসাগৰৰ আগ শাৰীৰ শিক্ষানুষ্ঠান নিউ লুক একাডেমীয়ে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাতো উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ দৰেই সফলতাৰ ধাৰা অব্যাহত ৰাখিছে । এইবাৰ বিদ্যালয়খনৰ পৰা তিনিওটা শাখাতে মুঠ ২৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু আটাইকেইগৰাকী পৰীক্ষাৰ্থী উৰ্ত্তীণ হয় । বিজ্ঞান শাখাত ১৫ গৰাকী পৰীক্ষাৰ্থীৰ ১৪ গৰাকীয়ে প্ৰথম বিভাগত আৰু এগৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় । কলা শাখাৰ সাত গৰাকী পৰীক্ষাৰ্থীৰ আটাইকেইগৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হয় । বাণিজ্য শাখাৰ চাৰি গৰাকী পৰীক্ষাৰ্থীৰ তিনি গৰাকীয়ে প্ৰথম বিভাগত আৰু এগৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় । মুঠ বাৰ গৰাকী পৰীক্ষাৰ্থীয়ে ষ্টাৰ নম্বৰ লাভ কৰাৰ উপৰি ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন বিষয়ত লেটাৰ নম্বৰ লাভ কৰে । লক্ষ্যনীয় ভাবে কম্পিউটাৰ বিজ্ঞান বিষয়ত সাত গৰাকী পৰীক্ষাৰ্থীৰ আটাইকেইজনে ৯০ শতাংশৰ অধিক নম্বৰ লাভ কৰিছে ।উল্লেখযোগ্য যে এই বাৰ বিদ্যালয়খনৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত দ্বিতীয় দল ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল । এই সফলতাত বিদ্যালয়ৰ অধ্যক্ষ শ্ৰী শ্ৰীমন্ত বৰঠাকুৰৰ লগতে বিদ্যালয়ৰ শুভাকাংক্ষী আৰু অভিভাৱক-অভিভাৱিকসকলে সন্তোষ প্ৰকাশ কৰিছে ।