গণ-বাৰ্তা,যোৰহাট,২০ ফেব্ৰুৱাৰী:- যোৰহাট মহানগৰ কবি সন্মিলনৰ উদ্যোগত আজি চেণ্ট্ৰেল ক্লাৱত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী আৰু কবিতা পাঠ অনুষ্ঠানত উন্মোচন হয় বিশিষ্ট শিক্ষাবিদ কবি নৰুল হুছেইনৰ “ভাৱ এটাই নাচিছে কলিজাত” শীৰ্ষক কাব্যগ্ৰন্থ । যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ড’ ৰাতুল চন্দ্ৰ বৰাই সভাপতিত্ব কৰা আৰু মহানগৰ কবি সন্মিলনৰ সভাপতি তথা বিশিষ্ট কবি আৰেছা বেগমে উদ্দেশ্য বাখ্যা কৰা গ্ৰন্থ উন্মোচনী সভাত এই গ্ৰন্থখন উন্মোচন কৰে শিক্ষাবিদ প্ৰদীপ কুমাৰ বৰুৱাই। কেইবাগৰাকী কবিয়ে কবিতা পাঠ কৰা সভাখনত বিশিষ্ট লেখক ,সমালোচক তথা সাংস্কৃতিক কৰ্মী ড’ অখিল চক্ৰৱৰ্তী,সাহিত্যিক নিৰদা গগৈ, কবি আৰেছা বেগম, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কার্যলয়ৰ সম্পাদক ৰমানন্দ বৰা,সাহিত্যিক মৃণালনী গোস্বামীৰ লগতে লেখক,কবি নৰুল হুছেইনৰ লগতে বহু কেইগৰাকী লেখক লেখিকা আৰু কবি উপস্থিত আছিল ।