Home Main Stories VIDEO | যোৰহাটত কভিডৰ ভয়াবহতাৰ মাজত ইদুল ফিটৰ উদযাপন , ইছলাম ধৰ্মালম্বীলোকসকলৰ

VIDEO | যোৰহাটত কভিডৰ ভয়াবহতাৰ মাজত ইদুল ফিটৰ উদযাপন , ইছলাম ধৰ্মালম্বীলোকসকলৰ

46
0

ইছলাম ধৰ্মালম্বীলোকসকলৰ, ঘৰে ঘৰে ঈদৰ নামাজ , বিশ্বশান্তিৰ বাবে দোৱা

গণ বাৰ্তা বিশেষ , যোৰহাট , ১৫ মে : মাহ জোৰা পবিত্ৰ ৰমজান মাহৰ ৰোজাৰ পাছত শুকুৰবাৰে সমগ্র দেশৰ লগতে যোৰহাটতো অনুস্থূপিয়াকৈ ইদুল ফিটৰ উদযাপন কৰে ইছলামধৰ্মালম্বী লোকসকলে । ৰাজ্য চৰকাৰৰ জাৰি কৰা নিয়ম অনুসৰি ঈদগাহ – মছজিদসমূহত ঈদৰ সমূহীয়া নামাজৰ পৰা বিৰত থাকি যোৰহাটতো ঘৰে ঘৰে ঈদৰ নামাজ আদায় কৰি ঈদ উদযাপন কৰা দেখা গল । যোৰহাট নগৰৰ নতুন বালিবাট ,পুৰণা বালিবাট , গড় আলি , কবৰস্থান পথ, কেন্দুগুৰি , তৰাজান , বৰপুল ,ৰজাবাৰী আদি অঞ্চলৰ লগতে বিভিন্ন অঞ্চলত ইছলামধৰ্মালম্বী লোক সকলে নিজ বাসগৃহতে ঈদৰ নামাজ আদায় কৰি বৰ্তমান পৰিৱেশ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যৰে দোৱা প্ৰাৰ্থনা কৰে ইছলামধৰ্মালম্বী লোকসকলে । যোৰহাট ঈদগাহ পৰিচালনা সমিতিৰ সভাপতি নৱাব নাচিৰউদ্দিন আহমেদ আৰু যোৰহাট কবৰস্থানৰ সম্পাদক তৌফিকুল হুছেইনে গণঅধিকাৰৰ সাংবাদিকক কয় যে বিগত বৰ্ষৰ দৰে এইবাৰো কভিডৰ সংক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যৰে আৰু ৰাজ্যচৰকাৰৰ নতুন নিৰ্দেশনাৱলীক সন্মান জনাই নিজ নিজ গৃহতে নামাজ পঢ়ি বিশ্বশান্তিৰ লগতে ইতিমধ্যে কভিডৰ লগতে বিভিন্ন কাৰণত চিৰবিদায় লোৱা বিশিষ্ট লোকসকলৰ আত্মাৰ চিৰশান্তিৰ বাবে দোৱা প্রাৰ্থনা কৰা হয় বুলি উল্লেখ কৰে । আনহাতে কভিডৰ ভয়াবহতা আৰু সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট ফাঁচি আলিৰ নিজা বাসগৃহতে নামাজ পঢ়ি জিকিৰ পৰিৱেশন কৰে, জিকিৰৰ অনাতাঁৰ শিল্পী তথা যোৰহাটৰ গণ অধিকাৰ কাকতৰ সাংবাদিক নেকিব আহমেদে । উল্লেখ্য যে কভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা আৰু বিগত সময়ত বহু কেইজন লোক আমাৰ মাজৰ পৰা বিদায় হোৱা লোক সকলৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে আজান পীৰ চাহেবৰ জিকিৰেৰে শ্ৰদ্ধাঞ্জলি জনালে জিকিৰ শিল্পী তথা যোৰহাটৰ সাংবাদিক নেকিব আহমেদে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here