Home Popular ঈদ ঊল ফিতৰ উপলক্ষ্যে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ বিভিন্ন দল-সংগঠনৰ শুভেচ্ছা

ঈদ ঊল ফিতৰ উপলক্ষ্যে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ বিভিন্ন দল-সংগঠনৰ শুভেচ্ছা

26
0

কভিড প্ৰ’টকল মানি ঈদ উদযাপনৰ আহবান

গণ বাৰ্তা, বৰগাং,১২মে : মহামাৰী কৰোণা ভাইৰাছে সমগ্ৰ বিশ্বতে ভয়াবহ ৰূপ ধাৰণ কৰাৰ মাজতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰি আছে পবিত্ৰ ৰমজান মাহ। পবিত্ৰ ৰমজান মাহৰ অন্তত পালন কৰা হয় ঈদ- ঊল ফিতৰ। পবিত্ৰ ঈদ ঊল ফিতৰৰ বাবে মাজত মাথোঁ এটা দিন বাকী । এই পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষ্যে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দই শুভেচ্ছা জ্ঞাপন কৰিছে ।বিহালীৰ বিধায়ক তথা প্ৰাক্তন কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত, প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰ,কংগ্ৰেছ নেতা প্ৰেমলাল গঞ্জু , আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি ছাইফুদ্দিন আহমেদ ,জাতীয় পৰিষদৰ নেতা দুলদুল বৰকটকী, সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ ফৰহাদুৰ ৰহমান, আব্দুল হাকিম চিকদাৰ, নেমছুৰ মুস্তাক হুছেইন , মহিবুৰ ৰহমান, চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদৰ মতিউৰ ৰহমান, যুৱ সাংবাদিক আব্দুল বাৰেক, যুৱ কংগ্ৰেছৰ মহিবুৰ ৰহমান সৰকাৰকে আদি কৰি কেইগৰাকীকৈ বিশিষ্ট ব্যক্তিয়ে বিশ্বনাথবাসী ৰাইজলৈ ঈদ- ঊল ফিতৰ উপলক্ষ্য অগ্ৰীম শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কভিড সন্দৰ্ভত প্ৰশাসনে জাৰি -কৰা নীতি-নিৰ্দেশনা মানি চলিবলৈ ৰাইজক আহবান জনাইছে ।ইফালে কৰোণাৰ সংহাৰী ৰূপৰ মাজত ঈদৰ উৎসাহ- উদ্দীপনা নাই যদিও একাংশ কিছু লোকে ঈদৰ বজাৰৰ নামত দোকানে-পোহাৰে,চহৰে-নগৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত প্ৰশাসনক চোকা দৃষ্টি ৰাখিবলৈ আহবান জনাইছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here